--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আকৌ প্ৰসংগ অৰুণাচল৷ অৰুণাচল প্ৰদেশক কেন্দ্ৰ কৰি চীন-ভাৰতৰ সংঘাত দীৰ্ঘদিনীয়া৷ ভৌগোলিক আৰু ৰাজনৈতিক এই সংঘাতৰ প্ৰতিফলন ঘটিছে এইবাৰ ক্ৰীড়াক্ষেত্ৰত৷ 


শনিবাৰৰ পৰা চীনৰ হাংঝৌত আৰম্ভ হ’বলগীয়া ১৯সংখ্যক এছিয়ান গেমছৰ বাবে অৰুণাচল প্ৰদেশৰ তিনিগৰাকী ভাৰতীয় উশ্বু খেলুৱৈক চীনত প্ৰৱেশ কৰিবলৈ বাধা প্ৰদান কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবাদস্বৰূপে শুকুৰবাৰে ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰে তেওঁৰ নিৰ্ধাৰিত চীন ভ্ৰমণ বাতিল কৰিছে৷ 

বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে কয় যে নাইমান ৱাংচু, অনিলু টেগা আৰু মেপুং লামগুৰ বিৰুদ্ধে চীনা কৰ্তৃপক্ষই বৈষম্যমূলক আচৰণ কৰিছিল, আনকি কৰ্তৃপক্ষই খেলুৱৈসকলৰ প্ৰৱেশতো বাধা প্ৰদান কৰিছিল৷ আন সাতজন খেলুৱৈ আৰু কৰ্মচাৰী অন্তৰ্ভুক্ত থকা দলটোৰ বাকীসকলে হংকঙলৈ উৰা মাৰিছিল আৰু তাৰ পিছত হাংঝৌলৈ বিমানত উঠিছিল।

চীনে অৰুণাচল প্ৰদেশৰ খেলুৱৈসকলৰ স্বীকৃতি অস্বীকাৰ কৰাৰ সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এক বিবৃতিত ভাৰতে বাসস্থান বা জাতিৰ ভিত্তিত ভাৰতীয় নাগৰিকৰ সৈতে কৰা পৃথক আচৰণক দৃঢ়তাৰে প্ৰত্যাখ্যান কৰে৷ অৰুণাচল প্ৰদেশ হৈছে ভাৰতৰ এক অবিচ্ছেদ্য অংশ৷
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে লগতে কয়, ভাৰত চৰকাৰে আমাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে উপযুক্ত ব্যৱস্থা লোৱাৰ অধিকাৰ সংৰক্ষিত ৰাখিছে। 

ভাৰতীয় খেলুৱৈসকলক দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামৰ ক্ৰীড়া প্ৰাধিকৰণৰ আৱাসলৈ ঘূৰাই অনা হৈছিল। 

ইফালে, ভাৰতীয় খেলুৱৈসকলক চীনত প্ৰৱেশৰ পৰা বঞ্চিত কৰাৰ বাতৰিৰ উত্তৰত দেশখনৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ মাও নিংয়ে শুকুৰবাৰে কয়, আয়োজক দেশ হিচাপে চীনে আইনী নথিপত্ৰৰ সৈতে এছিয়ান গেমছত অংশগ্ৰহণ কৰিবলৈ হাংঝৌলৈ অহা সকলো দেশৰ খেলুৱৈসকলক স্বাগতম জনাইছে।
তথাকথিত অৰুণাচল প্ৰদেশৰ ক্ষেত্ৰত, চীনা চৰকাৰে ইয়াক স্বীকৃতি নিদিয়ে। জাংনান (দক্ষিণ-পশ্চিম চীনৰ জিজাং স্বায়ত্তশাসিত অঞ্চলৰ দক্ষিণ অংশ) চীনৰ ভূখণ্ডৰ অংশ বুলি নিংয়ে স্পষ্টভাৱে উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা