--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে দক্ষতাৰে সভাপতিত্ব কৰা  জি-২০ সন্মিলনৰ সফলতা নিশ্চিত কৰাৰ ক্ষেত্ৰত যিসকল বিষয়া-কৰ্মচাৰী তথা আন ব্যক্তিয়ে  গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তেওঁলোকৰ সন্মানাৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ভাৰত মণ্ডপমত 'টিম জি-২০'ৰ বাবে এক বিশেষ নৈশ ভোজৰ আয়োজন কৰিছে। এই নৈশভোজত প্ৰধানমন্ত্ৰীয়ে জি-২০ সন্মিলনৰ সফল  ৰূপায়ণত সহায় কৰা  সকলোকৰ সৈতে মত-বিনিময় কৰিব।  

 নৈশভোজত  অনুষ্ঠানত প্ৰায় ৩,০০০ ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। অংশগ্ৰহণকাৰীসকলৰ ভিতৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰায় ৭০০ কৰ্মচাৰী, দিল্লী আৰক্ষীৰ ৩০০ বিষয়া-কৰ্মচাৰী, বিশেষ সুৰক্ষা গোট (এছপিজি), ৰাজঘাটৰ কৰ্মচাৰী, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ), ভাৰতীয় বায়ু সেনা (আইএএফ), আৰু অন্যান্য কেইবাটাও বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকিব। 

ইয়াৰ উপৰি বিভিন্ন বিভাগৰ মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকিব। নৈশ ভোজৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে সমবেত লোকসকলক সম্বোধন কৰিব বুলি আশা কৰা হৈছে। এই নৈশভোজ প্ৰগতি ময়দানত ভাৰত মণ্ডপমৰ ভিতৰত ইণ্ডিয়া ট্ৰেড প্ৰমোচন অৰ্গেনাইজেচন (আইটিপিঅ')ত অনুষ্ঠিত হ'ব। ইয়াতেই  জি-২০ সন্মিলন ২০২৩ মুকলি কৰা  হৈছিল।  জি-২০ৰ  দুদিনীয়া সন্মিলনখন ১০ ছেপ্টেম্বৰত নতুন দিল্লীত  সমাপ্ত হৈছিল৷ 

৯ আৰু ১০ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হোৱা  জি-২০ সন্মিলনৰ বাবে  নিৰাপত্তা ব্যৱস্থাৰ তত্বাৱধানৰ গুৰুত্বপূৰ্ণ দায়িত্ব দিল্লী আৰক্ষীক অৰ্পণ কৰা হৈছিল।   দিল্লী আৰক্ষীৰ বাবে প্ৰধানমন্ত্ৰী মোডীৰ নৈশভোজএক অনুপ্ৰেৰণামূলক বিষয় হিচাপে চিহ্নিত হৈছে। কাৰণ দিল্লী আৰক্ষীয়ে অতি সুন্দৰভাবে ৰাজধানী চহৰ খনত এই সন্মিলন অনুষ্ঠিত কৰাত সহায় কৰিছিল।সন্মিলনত সমগ্ৰ বিশ্বৰ ৪০ জনতকৈও অধিক ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰতিনিধি উপস্থিত আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ