--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে দক্ষতাৰে সভাপতিত্ব কৰা  জি-২০ সন্মিলনৰ সফলতা নিশ্চিত কৰাৰ ক্ষেত্ৰত যিসকল বিষয়া-কৰ্মচাৰী তথা আন ব্যক্তিয়ে  গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তেওঁলোকৰ সন্মানাৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ভাৰত মণ্ডপমত 'টিম জি-২০'ৰ বাবে এক বিশেষ নৈশ ভোজৰ আয়োজন কৰিছে। এই নৈশভোজত প্ৰধানমন্ত্ৰীয়ে জি-২০ সন্মিলনৰ সফল  ৰূপায়ণত সহায় কৰা  সকলোকৰ সৈতে মত-বিনিময় কৰিব।  

 নৈশভোজত  অনুষ্ঠানত প্ৰায় ৩,০০০ ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। অংশগ্ৰহণকাৰীসকলৰ ভিতৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰায় ৭০০ কৰ্মচাৰী, দিল্লী আৰক্ষীৰ ৩০০ বিষয়া-কৰ্মচাৰী, বিশেষ সুৰক্ষা গোট (এছপিজি), ৰাজঘাটৰ কৰ্মচাৰী, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ), ভাৰতীয় বায়ু সেনা (আইএএফ), আৰু অন্যান্য কেইবাটাও বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকিব। 

ইয়াৰ উপৰি বিভিন্ন বিভাগৰ মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকিব। নৈশ ভোজৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে সমবেত লোকসকলক সম্বোধন কৰিব বুলি আশা কৰা হৈছে। এই নৈশভোজ প্ৰগতি ময়দানত ভাৰত মণ্ডপমৰ ভিতৰত ইণ্ডিয়া ট্ৰেড প্ৰমোচন অৰ্গেনাইজেচন (আইটিপিঅ')ত অনুষ্ঠিত হ'ব। ইয়াতেই  জি-২০ সন্মিলন ২০২৩ মুকলি কৰা  হৈছিল।  জি-২০ৰ  দুদিনীয়া সন্মিলনখন ১০ ছেপ্টেম্বৰত নতুন দিল্লীত  সমাপ্ত হৈছিল৷ 

৯ আৰু ১০ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হোৱা  জি-২০ সন্মিলনৰ বাবে  নিৰাপত্তা ব্যৱস্থাৰ তত্বাৱধানৰ গুৰুত্বপূৰ্ণ দায়িত্ব দিল্লী আৰক্ষীক অৰ্পণ কৰা হৈছিল।   দিল্লী আৰক্ষীৰ বাবে প্ৰধানমন্ত্ৰী মোডীৰ নৈশভোজএক অনুপ্ৰেৰণামূলক বিষয় হিচাপে চিহ্নিত হৈছে। কাৰণ দিল্লী আৰক্ষীয়ে অতি সুন্দৰভাবে ৰাজধানী চহৰ খনত এই সন্মিলন অনুষ্ঠিত কৰাত সহায় কৰিছিল।সন্মিলনত সমগ্ৰ বিশ্বৰ ৪০ জনতকৈও অধিক ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰতিনিধি উপস্থিত আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল