--°C
Loading...
Listen to Article
2 min read
80%
- ৰাজকমল চাংকাকতি

ডিজিটেল ডেস্কঃ টাইৱান আৰু জাপানৰ দিশলৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি চীনে যেন গঢ়ি তুলিলে মহাযুদ্ধৰ সূচনাৰ প্ৰাথমিক পৰিৱেশ। ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ চলিয়েই আছে, সেই সময়তে এখন মহাযুদ্ধৰ উকমুকনি ঘটাত এতিয়া উদ্বিগ্ন শান্তিপ্ৰিয় বিশ্ববাসী। টাইৱানক লৈ এতিয়া বিশ্বত প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰৰ দুটা শিবিৰৰ সৃষ্টি হৈছে। এটা শিবিৰত আমেৰিকা আৰু নাটো দেশসমূহ। আৰু আনটো শিবিৰত চীন-ৰাছিয়া আৰু উত্তৰ কোৰিয়া। এই দুটা শিবিৰৰ মাজত আগন্তুক সময়ত মহাযুদ্ধৰ সূচনা হোৱাৰ বীজ সাম্প্ৰতিক টাইৱান সংকটতে ৰোপণ হৈছে। ইয়াকে লৈ এতিয়া উদ্বিগ্ন শান্তিপ্ৰিয় সচেতন বিশ্ব নাগৰিক সমাজ।
       
টাইৱানক লৈ চীন আৰু আমেৰিকাৰ মাজত পূৰ্বৰ পৰাই প্ৰচণ্ড সংঘাত। ১৯৪৯ চনত চীনৰ গৃহযুদ্ধৰ পৰিসমাপ্তি ঘটিছিল। ছিয়াং কাই ছেক নেতৃত্বাধীন ৰাষ্ট্ৰবাদী দলৰ শাসন উফৰাই দেশখনত কমিউনিষ্ট দলৰ শাসন আৰম্ভ হৈছিল। আনহাতে, ছিয়াং কাই ছেক সমন্বিতে ৰাষ্ট্ৰবাদী দলৰ শীৰ্ষ নেতৃবৰ্গ পলাই আহিছিল কাষৰীয়া টাইৱান দ্বীপলৈ। চীনৰ কমিউনিষ্ট শাসনৰ স্বাভাৱিকভাৱেই তীব্রবিৰোধী আছিল পুঁজিবাদী আমেৰিকা। স্বাভাৱিকভাৱেই আমেৰিকাৰ সমৰ্থন আছিল কমিউনিষ্ট বিৰোধী চীনৰ ৰাষ্ট্ৰবাদী দলৰ প্ৰতি।

আনহাতে, টাইৱানত ৰাষ্ট্ৰবাদী দলে ১৯৪৯ চনৰ পৰা শাসন আৰম্ভ কৰাৰ সময়ৰ পৰাই দলটোৰ তথা দেশখনৰ প্ৰতি অকুণ্ঠ সমৰ্থন অব্যাহত আছে আমেৰিকাৰ। মূলতঃ কমিউনিষ্ট চীনৰ আগ্ৰাসনৰ পৰা ৪০ৰ দশকৰ পৰাই টাইৱানক ৰক্ষা কৰি আহিছে মাৰ্কিন যুক্তৰাষ্ট্ৰই। টাইৱানৰ সেনাক অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ, যুঁজাৰু বিমানেৰেও সুসজ্জিত কৰি তুলিছে আমেৰিকাই। যাতে দেশখনে চীনৰ আক্ৰমণ প্ৰতিৰোধ কৰিব পাৰে। আমেৰিকাৰ এনে ভূমিকাক লৈয়ে সৰ্ব সময়তে ক্ষুব্ধ হৈ আহিছে চীন। টাইৱানৰ সাৰ্বভৌমত্বক আন্তঃৰাষ্ট্ৰীয় মঞ্চত স্বীকৃতি দিবলৈ আমেৰিকাই বিগত সময়ত বিভিন্ন প্ৰকাৰেৰে প্ৰয়াস চলাই থকাৰ বাবেও ক্ষোভিত ৰঙা চীন।

এইখিনিতে উল্লেখ কৰিব লাগিব যে, ৰাষ্ট্ৰসংঘত কমিউনিষ্ট চীনেহে স্বীকৃতি লাভ কৰিছে। গণতান্ত্ৰিক টাইৱানে ৰাষ্ট্ৰসংঘত লাভ কৰা নাই স্বীকৃতি। এনে প্ৰেক্ষাপটত এইবাৰ নেন্সী পেলনীয়ে টাইৱান ভ্ৰমণ কৰাটো দৰাচলতে টাইৱানৰ সাৰ্বভৌমত্বক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি দিয়াৰ মাৰ্কিন প্ৰয়াস বুলি দৃঢ় ধাৰণা লৈ পেলাইছে চীনে। প্ৰথমৰ পৰাই পেলনীৰ টাইৱান ভ্ৰমণৰ তীব্র বিৰোধিতা কৰি আহিছিল চীনে। কিন্তু চীনৰ সমস্ত বিৰোধিতালৈ অংগুষ্ঠ প্ৰদৰ্শন কৰি পেলচীয়ে টাইৱান ভ্ৰমণ কৰাৰ পাছত এতিয়া কমিউনিষ্ট দেশখনে ধৰিছে ৰুদ্ৰমূৰ্তি। টাইৱানৰ লগতে আমেৰিকা আৰু জাপানকো চীনে দেখুৱাইছে এতিয়া ৰঙাচকু। 

আনহাতে, আমেৰিকাৰ সহযোগী হোৱাৰ বাবেই চীনে টাইৱান সংকটত সাঙুৰি লৈছে জাপানক। ত্ৰিশৰ দশকত জাপানে চীন আক্ৰমণ কৰি বিস্তীৰ্ণ এলেকা দখল কৰিছিল। কেইবালাখ নিৰীহ চীনা নাগৰিকক হত্যা কৰিছিল জাপানী সৈন্যই। তেতিয়াৰে পৰা দুয়োখন দেশৰ মাজত সু-সম্পৰ্কৰ অভাৱ প্ৰত্যক্ষ কৰা হৈ আহিছে। গোলকীয় অৰ্থনীতিত দুয়োখন দেশে ব্যৱসায়িক সম্পৰ্ক ৰক্ষা কৰি আছে যদিও আত্মিকভাৱে মিত্ৰতা সম্ভৱপৰ হোৱা নাই দেশ দুখনৰ মাজত। চীনৰ অৰ্থনৈতিক, সামৰিক তথা সামুদ্ৰিক আগ্ৰাসন ৰোধ কৰিবলৈ জাপানে আনকি ভাৰত, আমেৰিকা আৰু অষ্ট্ৰেলিয়াক লগত লৈ ২০০৭ চনত গঠন কৰিছিল ‘কোৱাড’ নামৰ সংগঠনটোও।

কোৱাড গঠনৰ পাছৰে পৰা চীন আৰু জাপানৰ সম্পৰ্কত সময়ে সময়ে উত্তেজনা বিৰাজ কৰি আহিছে। সম্প্ৰতি চীনৰ বেংকিং খণ্ডত গুৰুতৰ সংকটৰ সূত্ৰপাত হৈছে। কেইবাটাও বেংকে লাখ লাখ গ্ৰাহকৰ জমাধন ফ্ৰীজ কৰি ৰাখিছে। চীনৰ ৰিয়েল ইষ্টেট খণ্ড সম্প্ৰতি দেউলীয়া হৈ পৰিছে। আৰু খণ্ডটোত ধন বিনিয়োগ কৰা বেংকসমূহলৈ নামি আহিছে সংকট। গুৰুত্বপূৰ্ণ যে বেংকিং খণ্ডৰ সংকটৰ আঁৰত জাপানৰ হাত আছে বুলি সন্দেহ ব্যক্ত কৰি আহিছে চীনে। গতিকে, জাপানৰ প্ৰতি শেহতীয়াকৈ চীনৰ শীৰ্ষ নেতৃত্বৰ মাজত আছে পুঞ্জীভূত তীব্র ক্ষোভ। সেই ক্ষোভৰে বহিঃপ্ৰকাশ ঘটাই চীনে জাপানৰ অৰ্থনৈতিক মণ্ডলৰ দিশলৈ নিক্ষেপ কৰে বেলেষ্টিক ক্ষেপণাস্ত্ৰ। নেন্সী পেলচীয়ে জাপানত পদাৰ্পণ কৰাৰ সময়তে চীনে ক্ষেপণাস্ত্ৰকেইটা নিক্ষেপ কৰি জাপানৰ লগতে  পেলচী তথা আমেৰিকাকো সকীয়াই দিয়ে।

চীনে সম্প্ৰতি ভয়ংকৰ সুৰত আমেৰিকাক সতৰ্কবাণী শুনাইছে। স্পষ্টকৈ কৈছে আমেৰিকা গুৰুতৰ পৰিণতিৰ সন্মুখীন হ’ব। ইয়াৰ আধাৰতে ক’ব পাৰি যে আগন্তুক সময়ত চীনে টাইৱানৰ ভূখণ্ডত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিব পাৰে। লগতে চলাব পাৰে বিমান আক্ৰমণো। টাইৱানৰ সুৰক্ষা দিবলৈ দেশখনৰ সমুদ্ৰত অৱস্থান লোৱা আমেৰিকাৰ যুদ্ধ জাহাজো চীনৰ ক্ষেপণাস্ত্ৰৰ লক্ষ্য হৈ পৰিব পাৰে। চীনৰ শেহতীয়া আক্ৰমণাত্মক ভূমিকাত আগন্তুক দিনসমূহত টাইৱান নতুন এখন ইউক্ৰেইন হৈ পৰাৰ আশংকা যথেষ্ট বৃদ্ধি পাইছে। এনে পৰিস্থিতিত টাইৱানক অস্ত্ৰ-শস্ত্ৰৰে সম্পূৰ্ণ সহযোগিতা কৰিব আমেৰিকাই। গতিকে, টাইৱানৰ সেনাই যিসময়ত চীনৰ সেনাৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হ’ব, সেই সময়তে পৰোক্ষভাৱে আমেৰিকাইও পৰোক্ষভাৱে যুঁজ দিব চীনৰ বিৰুদ্ধে। প্ৰতিখন যুদ্ধৰ দৰে এই যুদ্ধখন হ’লেই সৰ্বাধিক ক্ষতিৰ সন্মুখীন হ’ব টাইৱানৰ সাধাৰণ নাগৰিকসকল। ইউক্ৰেইনত হোৱাৰ দৰেই নিহত-আহত হ’ব নিৰীহ নাগৰিকসকল।

যদি জাপান তথা নাটো দেশসমূহ যুদ্ধত সংযুক্ত হৈ পৰে নিশ্চিতভাৱে যুদ্ধখনে ৰূপ পাব মহাযুদ্ধৰ। ইউক্ৰেইন যুদ্ধৰ পাছত আমেৰিকাৰ অন্যতম শত্ৰুৰাষ্ট্ৰ হৈ পৰা ৰাছিয়া আৰু দীর্ঘদিনীয়া শত্ৰুৰাষ্ট্ৰ উত্তৰ কোৰিয়াইও চীনৰ সমৰ্থনত প্ৰত্যক্ষ, পৰোক্ষ যিকোনো প্ৰকাৰেৰে যুদ্ধত অৱতীৰ্ণ হোৱাৰ আশংকাও প্ৰৱল। এনেধৰণৰ মহাযুদ্ধৰ পৰিৱেশত ব্যাপক জনহানি হোৱাটো নিশ্চিত‌। আশংকা বৃদ্ধি পাব পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগৰো। এনে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাক লৈয়ে সম্প্ৰতি উদ্বিগ্ন শান্তিপ্ৰিয় বিশ্ববাসী। মানৱতাক ধূলিস্যাৎ কৰা তৃতীয় এখন মহাযুদ্ধ সূচনা হোৱাটো কেতিয়াও বিচৰা নাই চীন, টাইৱান, আমেৰিকা, জাপানৰ লগতে সমগ্ৰ বিশ্বৰ প্ৰতিখন দেশৰ শুভ বুদ্ধিসম্পন্ন শান্তিপ্ৰিয় নাগৰিক সমাজে‌। টাইৱান সংকটৰ সৈতে সংযুক্ত প্ৰতিখন দেশকে মানৱতাৰ স্বাৰ্থত যুদ্ধ পৰিহাৰ কৰাৰ কাতৰ আহ্বান শান্তিকামী বিশ্ববাসীৰ।
FOLLOW US F
POPULAR
FEATURE
TRENDY
ড্ৰ'নেৰে নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা
যোৰহাটত ভোগদৈ নৈ, টোকোলাই জানৰ বেদখলত প্রশাসন মৌন কিয়?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভংগ কৰিলে ইন্দিৰা গান্ধীৰ অভিলেখ
গৰমৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে নেকি ? সেৱন কৰক এই কেইটা পানীয়
কাৰ্গিল বিজয় দিৱস: ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি, অপাৰেচন বিজয়ৰ ২৬ বছৰ পূর্তি
মালদ্বীপৰ ৰাষ্ট্ৰপতি, সমগ্র কেবিনেটে আদৰিলে প্রধানমন্ত্রী মোদীক
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ৰাছিয়াৰ তেল উদ্যোগৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ই ইউৰ
মহিলাসকলে ৪০ বছৰৰ পাছত এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰক
অসম চৰকাৰৰ বিৰুদ্ধে মমতাৰ জেহাদ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদ