--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টাইৱানৰ বিৰুদ্ধে চীনে আৰম্ভ কৰা আক্ৰমণৰ পিছতে বহু বিমানৰ উৰণ বাতিল হৈ পৰিছে। মিছাইলৰ আঘাতত বিমান ধ্বংস হোৱাৰ আশংকা কৰিয়েই টাইৱানৰ আকাশমাৰ্গেৰে যাত্ৰা কৰিবলগীয়া বহু বিমানৰ উৰণ বাতিল কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদৰ অধ্যক্ষ নেন্সি পেলোচিৰ টাইৱান ভ্ৰমণৰ পিছৰে পৰা চীন টাইৱানৰ বিৰুদ্ধে  অতি আক্ৰমণাত্মক হৈ পৰিছে।

 যুদ্ধৰ আশংকাৰ বাবে ৰেড আৰ্মীয়ে স্ব-শাসিত দ্বীপ ৰাষ্ট্ৰখনক "অৱৰোধ" কৰি সামৰিক অনুশীলন চলাই আছে। ফলস্বৰূপে, বিভিন্ন দেশৰ যাত্ৰীবাহী বিমানবোৰে টাইৱানৰ আকাশসীমাত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাই। কেইবাটাও বিমান পৰিবহন সংস্থাই  সেই পথেৰে উৰা মাৰিবলগীয়া  বিমান বাতিল কৰিছে।

অধ্যক্ষ নেন্সি পেলোচি মঙলবাৰে নিশা মালয়েছিয়াৰ পৰা টাইৱানত উপস্থিত হৈছিল, চীনা ভাবুকিকো  উপেক্ষা কৰি তেওঁ টাইৱান ভ্ৰমণ কৰিছিল। তেওঁৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আমেৰিকাই যুদ্ধ জাহাজ   দক্ষিণ চীন সাগৰত সাজু কৰি ৰাখিছিল। পেলোচিৰ নেতৃত্বত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ প্ৰতিনিধিদলক সুৰক্ষা দিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনাৰ ১৩ খন যুঁজাৰু বিমানৰ এটা স্কোয়াড্ৰনে জাপানী এয়াৰবেছৰ পৰা উৰা মাৰিছিল। পেলোচিৰ বিমানখনে টাইৱান এৰি বুধবাৰে দক্ষিণ কোৰিয়ালৈ উৰা মৰাৰ পিছত টাইৱানৰ আকাশত চীনা বিমানৰ চলাচল আৰু বৃদ্ধি পাইছে। কেৱল সেয়াই নহয়, চীনা সেনাই বৃহস্পতিবাৰৰ পৰা টাইৱান ষ্ট্ৰেইট আৰু ইয়াৰ কাষৰীয়া অঞ্চলত আক্ৰমণ  আৰম্ভ কৰে।

দক্ষিণ কোৰিয়াৰ এয়াৰলাইন কোৰিয়া এয়াৰে শুক্ৰবাৰে আৰু শনিবাৰে টাইৱানলৈ  যাবলগীয়া সকলো বিমান বাতিল কৰিছিল। ছিংগাপুৰ এয়াৰলাইনছেও শুক্ৰবাৰে টাইপেইলৈ যাবলগীয়া  সকলো বিমান বাতিল কৰিছিল। জাপানৰ এয়াৰলাইনছে অৱশ্যে বিমান বাতিল কৰা নাই। তাইপেইলৈ যোৱা বিমানৰ পথ সলনিহে কৰিছে। হংকঙৰ এয়াৰলাইন কেথে পেচিফিকে কৈছে যে চীনৰ আক্ৰমণৰ পৰিপ্ৰেক্ষততে   টাইৱানৰ চাৰিওফালৰ কিছুমান অঞ্চলত বিমান বাতিল কৰা হৈছে।

চীনৰ ৰেড আৰ্মীয়ে টাইৱানৰ কাষৰছয়টা অঞ্চলত অনুশীলন চলাই আছে। অনুশীলনৰ সময়ত কোনো জাহাজ বা বিমান অঞ্চলটোৰ মাজেৰে পাৰ হ'বলৈ দিয়া নহ'ব বুলি চীনে কৈছে। টাইৱান ষ্ট্ৰেইট হৈছে পৃথিৱীৰ অন্যতম ব্যস্ত জলপথ। বৃহস্পতিবাৰে চীনা সেনাই নিক্ষেপ কৰা পাঁচটা ক্ষেপণাস্ত্ৰ জাপানৰ বিশেষ অৰ্থনৈতিক ক্ষেত্ৰত টাইৱানৰ কাষৰ পূব চীন সাগৰত পতিত হৈছিল। তেতিয়াৰে  পৰা অঞ্চলটোত বাণিজ্যিক জাহাজৰ চলাচল প্ৰায় বন্ধ হৈ পৰিছে।আন্তৰ্জাতিক সংবাদ মাধ্যমৰ খবৰ অনুসৰি চীনে টাইৱানৰ ছয়টা মুখ্য বন্দৰক লক্ষ্য কৰি লৈছে। তালিকাখনত ৰাজধানী টাইপেইৰ লগতে উত্তৰৰ কিলুং বন্দৰ, পশ্চিমে চুয়াও আৰু হুয়ালিয়েন, দক্ষিণ টাইৱানৰ কাওচিয়ুং আৰু পূবৰ টাইচুয়াং বন্দৰ  আছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু