--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টাইৱানৰ বিৰুদ্ধে চীনে আৰম্ভ কৰা আক্ৰমণৰ পিছতে বহু বিমানৰ উৰণ বাতিল হৈ পৰিছে। মিছাইলৰ আঘাতত বিমান ধ্বংস হোৱাৰ আশংকা কৰিয়েই টাইৱানৰ আকাশমাৰ্গেৰে যাত্ৰা কৰিবলগীয়া বহু বিমানৰ উৰণ বাতিল কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদৰ অধ্যক্ষ নেন্সি পেলোচিৰ টাইৱান ভ্ৰমণৰ পিছৰে পৰা চীন টাইৱানৰ বিৰুদ্ধে  অতি আক্ৰমণাত্মক হৈ পৰিছে।

 যুদ্ধৰ আশংকাৰ বাবে ৰেড আৰ্মীয়ে স্ব-শাসিত দ্বীপ ৰাষ্ট্ৰখনক "অৱৰোধ" কৰি সামৰিক অনুশীলন চলাই আছে। ফলস্বৰূপে, বিভিন্ন দেশৰ যাত্ৰীবাহী বিমানবোৰে টাইৱানৰ আকাশসীমাত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাই। কেইবাটাও বিমান পৰিবহন সংস্থাই  সেই পথেৰে উৰা মাৰিবলগীয়া  বিমান বাতিল কৰিছে।

অধ্যক্ষ নেন্সি পেলোচি মঙলবাৰে নিশা মালয়েছিয়াৰ পৰা টাইৱানত উপস্থিত হৈছিল, চীনা ভাবুকিকো  উপেক্ষা কৰি তেওঁ টাইৱান ভ্ৰমণ কৰিছিল। তেওঁৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আমেৰিকাই যুদ্ধ জাহাজ   দক্ষিণ চীন সাগৰত সাজু কৰি ৰাখিছিল। পেলোচিৰ নেতৃত্বত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ প্ৰতিনিধিদলক সুৰক্ষা দিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনাৰ ১৩ খন যুঁজাৰু বিমানৰ এটা স্কোয়াড্ৰনে জাপানী এয়াৰবেছৰ পৰা উৰা মাৰিছিল। পেলোচিৰ বিমানখনে টাইৱান এৰি বুধবাৰে দক্ষিণ কোৰিয়ালৈ উৰা মৰাৰ পিছত টাইৱানৰ আকাশত চীনা বিমানৰ চলাচল আৰু বৃদ্ধি পাইছে। কেৱল সেয়াই নহয়, চীনা সেনাই বৃহস্পতিবাৰৰ পৰা টাইৱান ষ্ট্ৰেইট আৰু ইয়াৰ কাষৰীয়া অঞ্চলত আক্ৰমণ  আৰম্ভ কৰে।

দক্ষিণ কোৰিয়াৰ এয়াৰলাইন কোৰিয়া এয়াৰে শুক্ৰবাৰে আৰু শনিবাৰে টাইৱানলৈ  যাবলগীয়া সকলো বিমান বাতিল কৰিছিল। ছিংগাপুৰ এয়াৰলাইনছেও শুক্ৰবাৰে টাইপেইলৈ যাবলগীয়া  সকলো বিমান বাতিল কৰিছিল। জাপানৰ এয়াৰলাইনছে অৱশ্যে বিমান বাতিল কৰা নাই। তাইপেইলৈ যোৱা বিমানৰ পথ সলনিহে কৰিছে। হংকঙৰ এয়াৰলাইন কেথে পেচিফিকে কৈছে যে চীনৰ আক্ৰমণৰ পৰিপ্ৰেক্ষততে   টাইৱানৰ চাৰিওফালৰ কিছুমান অঞ্চলত বিমান বাতিল কৰা হৈছে।

চীনৰ ৰেড আৰ্মীয়ে টাইৱানৰ কাষৰছয়টা অঞ্চলত অনুশীলন চলাই আছে। অনুশীলনৰ সময়ত কোনো জাহাজ বা বিমান অঞ্চলটোৰ মাজেৰে পাৰ হ'বলৈ দিয়া নহ'ব বুলি চীনে কৈছে। টাইৱান ষ্ট্ৰেইট হৈছে পৃথিৱীৰ অন্যতম ব্যস্ত জলপথ। বৃহস্পতিবাৰে চীনা সেনাই নিক্ষেপ কৰা পাঁচটা ক্ষেপণাস্ত্ৰ জাপানৰ বিশেষ অৰ্থনৈতিক ক্ষেত্ৰত টাইৱানৰ কাষৰ পূব চীন সাগৰত পতিত হৈছিল। তেতিয়াৰে  পৰা অঞ্চলটোত বাণিজ্যিক জাহাজৰ চলাচল প্ৰায় বন্ধ হৈ পৰিছে।আন্তৰ্জাতিক সংবাদ মাধ্যমৰ খবৰ অনুসৰি চীনে টাইৱানৰ ছয়টা মুখ্য বন্দৰক লক্ষ্য কৰি লৈছে। তালিকাখনত ৰাজধানী টাইপেইৰ লগতে উত্তৰৰ কিলুং বন্দৰ, পশ্চিমে চুয়াও আৰু হুয়ালিয়েন, দক্ষিণ টাইৱানৰ কাওচিয়ুং আৰু পূবৰ টাইচুয়াং বন্দৰ  আছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক