--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ হিৰ’ আলমক(Hero Alom) সকলোৱে চিনি পায়। ছ’চিয়েল মিডিয়াত তেওঁৰ লাখ লাখ ফ’ল’ৱাৰ্ছ আছে। হিৰ’ আলমে যিয়েই কৰক সেয়াই ভাইৰেল হৈ পৰে। পাছে এইবাৰ বিপদত পৰিছে হিৰ’ আলম। টেংটেঙীয়া মাতেৰে বেসুৰা গান গাই মানুহক মানসিক অত্যাচাৰ কৰা বাবে বাংলাদেশ আৰক্ষীয়ে আটক কৰিছে হিৰ’ আলমক। হিৰ’ আলমে জনোৱা মতে, যোৱা সপ্তাহত আৰক্ষীয়ে তেওঁক ধৰি লৈ যায়। 

আৰক্ষীয়ে তেওঁক গান নাগাবলৈ ক’লে। আৰক্ষীয়ে আলমক কয় যে তেওঁ বৰ বেয়াকৈ গান গায়। গতিকে গান গোৱা বন্ধ কৰক, কাৰণ তেওঁ গান গালে মানুহৰ অশান্তি হয়। ইয়াৰ বাহিৰেও হিৰ আলমক ক্ষমাপ্ৰাৰ্থনাতো স্বাক্ষৰ কৰোৱাইছিল আৰক্ষীয়ে। হিৰ’ আলমে জনোৱা মতে, পুৱা ৬ বজাত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি প্ৰায় ৮ ঘন্টা ধৰি থানাত বহোৱাই ৰাখিছিল। পুলিচে তেওঁক সুধিছিল আপুনি ৰবীন্দ্ৰ আৰু নজৰুলৰ গান ইমান বেয়াকৈ কিয় গায়?

আৰক্ষী বিষয়া হৰুণ উৰ ৰছিদে জনোৱা মতে, আলমে অনুমতি অবিহনে গান গোৱা আৰু আৰক্ষীৰ ইউনিফৰ্ম পিন্ধা বাবে ক্ষমা খুজিছে। তেওঁৰ বিৰুদ্ধে আমি অভিযোগ পাইছিলোঁ। তেওঁ পৰম্পৰাগত এটি গীতৰ শৈলী সম্পূৰ্ণৰূপে সলনি কৰি গাইছিল।যিটো এক অপৰাধ হয়। হিৰ’ আলমে আমাক আশ্বাস দিছে যে তেওঁ পুনৰ এনেধৰণৰ গান নাগায়।

আনহাতে হিৰ’ আলমৰ সৈতে আৰক্ষীয়ে কৰা এনে আচৰণৰ পিছত নেটিজেনসকলে অসন্তুষ্টি প্ৰকাশ কৰি ইয়াক ব্যক্তিগত অধিকাৰৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰিছে। হিৰ’ আলমক সমৰ্থন কৰি এজন নেটিজেনে লিখিছে যে ''আপুনি এজন প্ৰকৃত হিৰ’। আনে কি কয় তাত কোনো কথা নাই।''

একে সময়তে আন এজন ইউজাৰ্ছে লিখিছে যে ''মই আপোনাৰ গীত আৰু আপোনাৰ অভিনয়ৰ অনুৰাগী নহয়। কিন্তু যদি আপোনাৰ মাত দমন কৰাৰ চেষ্টা কৰে তেন্তে মই আপোনাৰ লগত থিয় হ'ম।''

হিৰ' আলমে জনোৱা মতে, আৰক্ষীয়ে তেওঁক পুনৰ শাস্ত্ৰীয় গীত নাগাবলৈ নিৰ্দেশ দিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু