--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ হিৰ’ আলমক(Hero Alom) সকলোৱে চিনি পায়। ছ’চিয়েল মিডিয়াত তেওঁৰ লাখ লাখ ফ’ল’ৱাৰ্ছ আছে। হিৰ’ আলমে যিয়েই কৰক সেয়াই ভাইৰেল হৈ পৰে। পাছে এইবাৰ বিপদত পৰিছে হিৰ’ আলম। টেংটেঙীয়া মাতেৰে বেসুৰা গান গাই মানুহক মানসিক অত্যাচাৰ কৰা বাবে বাংলাদেশ আৰক্ষীয়ে আটক কৰিছে হিৰ’ আলমক। হিৰ’ আলমে জনোৱা মতে, যোৱা সপ্তাহত আৰক্ষীয়ে তেওঁক ধৰি লৈ যায়। 

আৰক্ষীয়ে তেওঁক গান নাগাবলৈ ক’লে। আৰক্ষীয়ে আলমক কয় যে তেওঁ বৰ বেয়াকৈ গান গায়। গতিকে গান গোৱা বন্ধ কৰক, কাৰণ তেওঁ গান গালে মানুহৰ অশান্তি হয়। ইয়াৰ বাহিৰেও হিৰ আলমক ক্ষমাপ্ৰাৰ্থনাতো স্বাক্ষৰ কৰোৱাইছিল আৰক্ষীয়ে। হিৰ’ আলমে জনোৱা মতে, পুৱা ৬ বজাত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি প্ৰায় ৮ ঘন্টা ধৰি থানাত বহোৱাই ৰাখিছিল। পুলিচে তেওঁক সুধিছিল আপুনি ৰবীন্দ্ৰ আৰু নজৰুলৰ গান ইমান বেয়াকৈ কিয় গায়?

আৰক্ষী বিষয়া হৰুণ উৰ ৰছিদে জনোৱা মতে, আলমে অনুমতি অবিহনে গান গোৱা আৰু আৰক্ষীৰ ইউনিফৰ্ম পিন্ধা বাবে ক্ষমা খুজিছে। তেওঁৰ বিৰুদ্ধে আমি অভিযোগ পাইছিলোঁ। তেওঁ পৰম্পৰাগত এটি গীতৰ শৈলী সম্পূৰ্ণৰূপে সলনি কৰি গাইছিল।যিটো এক অপৰাধ হয়। হিৰ’ আলমে আমাক আশ্বাস দিছে যে তেওঁ পুনৰ এনেধৰণৰ গান নাগায়।

আনহাতে হিৰ’ আলমৰ সৈতে আৰক্ষীয়ে কৰা এনে আচৰণৰ পিছত নেটিজেনসকলে অসন্তুষ্টি প্ৰকাশ কৰি ইয়াক ব্যক্তিগত অধিকাৰৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰিছে। হিৰ’ আলমক সমৰ্থন কৰি এজন নেটিজেনে লিখিছে যে ''আপুনি এজন প্ৰকৃত হিৰ’। আনে কি কয় তাত কোনো কথা নাই।''

একে সময়তে আন এজন ইউজাৰ্ছে লিখিছে যে ''মই আপোনাৰ গীত আৰু আপোনাৰ অভিনয়ৰ অনুৰাগী নহয়। কিন্তু যদি আপোনাৰ মাত দমন কৰাৰ চেষ্টা কৰে তেন্তে মই আপোনাৰ লগত থিয় হ'ম।''

হিৰ' আলমে জনোৱা মতে, আৰক্ষীয়ে তেওঁক পুনৰ শাস্ত্ৰীয় গীত নাগাবলৈ নিৰ্দেশ দিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক