--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চীনৰ ইষ্টাৰ্ণ থিয়েটাৰ কমাণ্ডে টাইৱান জলদ্বীপত নতুনকৈ ৩০ খন যুদ্ধ বিমান আৰু ৫ খন জাহাজ মোতায়েন কৰিছে বুলি টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।চীন আৰু টাইৱানৰ মাজত সম্পৰ্ক উন্নত হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। বৰং দুই পক্ষৰ মাজত উত্তেজনা বাঢ়ি গৈছে।  আমেৰিকাৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভৰ অধ্যক্ষ নেন্সি পেলোছিৰ টাইপেই ভ্ৰমণৰ পিছত চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে টাইৱান জলদ্বীপত অভূতপূৰ্ব সামৰিক অনুশীলন চলায়। যোৱা দেওবাৰে আমেৰিকান কংগ্ৰেছৰ একাংশ সদস্যই পুনৰ টাইৱান ভ্ৰমণ কৰিছিল। যাৰ প্ৰতিবাদত চলিত সপ্তাহৰ আৰম্ভণিতে চীনে পুনৰ টাইৱানক ঘেৰি ধৰি সামৰিক অনুশীলন চলায়। চীনৰ ইষ্টাৰ্ণ থিয়েটাৰ কমাণ্ডে শেহতীয়া অনুশীলনৰ সময়ত টাইৱান জলদ্বীপত কমেও ৩০খন নতুন যুদ্ধ বিমান আৰু ৫খন জাহাজ মোতায়েন কৰা বুলি টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। সেই‌ বিষয়ক লৈ টাইৱান চৰকাৰ অতি ক্ষুব্ধ।

স্থানীয় সংবাদ মাধ্যমে টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্ধৃতি দি জনোৱা মতে, তেওঁলোকে কালি বিয়লি ৫:০০ বজালৈকে কমেও ১৭খন চীনা সামৰিক বিমান আৰু পাঁচখন জাহাজৰ সন্ধান পাইছে, ইয়াৰে আঠখনে টাইৱান জলদ্বীপৰ মাজৰ ৰেখা পাৰ হৈ গৈছে। আন্তঃৰাষ্ট্ৰীয় জল আৰু বায়ুমণ্ডল আইন অনুসৰি এই ৰেখাডাল প্ৰকৃততে চীন আৰু টাইৱানৰ মাজৰ বিভাজন ৰেখা হিচাপে গণ্য কৰা হয়। কিন্তু যিহেতু চীনে টাইৱানক নিজৰ ভূখণ্ডৰ অংশ হিচাপে দাবী কৰে, সেয়েহে চীনে কেতিয়াও বিভাজন ৰেখাক সন্মান নকৰে।

টাইৱান চৰকাৰে জনোৱা মতে, লাইন অতিক্ৰম কৰা পিপলছ লিবাৰেচন আৰ্মীৰ আঠখন সামৰিক বিমানত চাৰিখন জিয়ান জে এইচ-৭ বোমাৰু বিমান, দুখন চুখয় ছু-৩০ যুঁজাৰু বিমান আৰু দুখন শ্বেনয়াং জে-১১ জেট আছে। চীনৰ অতি সক্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়েও টাইৱান জলদ্বীপৰ ওপৰত নজৰ ৰাখিবলৈ যুদ্ধ জাহাজ আৰু এণ্টি-মিছাইল ব্যৱস্থাও মোতায়েন কৰিছে।

ইয়াৰ মাজতে চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে ছ’চিয়েল মিডিয়াত ছবি প্ৰকাশ কৰি দাবী কৰিছে যে তেওঁলোকৰ বিমানে টাইৱানৰ একেবাৰে মূৰত পেংহু দ্বীপটো নিৰীক্ষণ কৰি আছে। টাইৱানৰ বায়ুসেনাৰ ভাইচ চিফ অৱ ষ্টাফ টুং পেই-ইউনে অৱশ্যে চীনৰ এই দাবী খণ্ডন কৰে। তেওঁৰ স্পষ্ট বক্তব্য হ’ল চীনে সদায় হেঁচা বজাই ৰাখিবলৈ বৃদ্ধি পায়।

অৱশ্যে অহা সপ্তাহৰ ভিতৰত টাইৱানক লৈ আমেৰিকাৰ প্ৰশাসনে এটা ডাঙৰ সিদ্ধান্ত ল’বলৈ ওলাইছে। শেহতীয়াকৈ এক সংবাদমেলত আমেৰিকাৰ বিদেশ বিভাগৰ মুখপাত্ৰ নেড প্ৰাইছে এই কথা দাবী কৰিছে। ৱাশ্বিংটনৰ এই সিদ্ধান্তই টাইৱানক সামৰিক আৰু অৰ্থনৈতিক দিশত প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। বিশেষজ্ঞসকলে আশংকা কৰিছে যে চীনে এই কথা সদয়ভাৱে গ্ৰহণ নকৰে। কিন্তু প্ৰাইছে স্পষ্টকৈ কৈছে, "চীনে সমগ্ৰ অঞ্চলটোক (টাইৱান জলদ্বীপ) অস্থিৰ কৰিব বিচাৰিছে। আমি তেনেকুৱা হ’বলৈ নিদিওঁ। আমাৰ পৰৱৰ্তী কেইটামান পদক্ষেপত সকলোৱে সেই কথা বুজিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু