--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চীনৰ ইষ্টাৰ্ণ থিয়েটাৰ কমাণ্ডে টাইৱান জলদ্বীপত নতুনকৈ ৩০ খন যুদ্ধ বিমান আৰু ৫ খন জাহাজ মোতায়েন কৰিছে বুলি টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।চীন আৰু টাইৱানৰ মাজত সম্পৰ্ক উন্নত হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। বৰং দুই পক্ষৰ মাজত উত্তেজনা বাঢ়ি গৈছে।  আমেৰিকাৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভৰ অধ্যক্ষ নেন্সি পেলোছিৰ টাইপেই ভ্ৰমণৰ পিছত চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে টাইৱান জলদ্বীপত অভূতপূৰ্ব সামৰিক অনুশীলন চলায়। যোৱা দেওবাৰে আমেৰিকান কংগ্ৰেছৰ একাংশ সদস্যই পুনৰ টাইৱান ভ্ৰমণ কৰিছিল। যাৰ প্ৰতিবাদত চলিত সপ্তাহৰ আৰম্ভণিতে চীনে পুনৰ টাইৱানক ঘেৰি ধৰি সামৰিক অনুশীলন চলায়। চীনৰ ইষ্টাৰ্ণ থিয়েটাৰ কমাণ্ডে শেহতীয়া অনুশীলনৰ সময়ত টাইৱান জলদ্বীপত কমেও ৩০খন নতুন যুদ্ধ বিমান আৰু ৫খন জাহাজ মোতায়েন কৰা বুলি টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। সেই‌ বিষয়ক লৈ টাইৱান চৰকাৰ অতি ক্ষুব্ধ।

স্থানীয় সংবাদ মাধ্যমে টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্ধৃতি দি জনোৱা মতে, তেওঁলোকে কালি বিয়লি ৫:০০ বজালৈকে কমেও ১৭খন চীনা সামৰিক বিমান আৰু পাঁচখন জাহাজৰ সন্ধান পাইছে, ইয়াৰে আঠখনে টাইৱান জলদ্বীপৰ মাজৰ ৰেখা পাৰ হৈ গৈছে। আন্তঃৰাষ্ট্ৰীয় জল আৰু বায়ুমণ্ডল আইন অনুসৰি এই ৰেখাডাল প্ৰকৃততে চীন আৰু টাইৱানৰ মাজৰ বিভাজন ৰেখা হিচাপে গণ্য কৰা হয়। কিন্তু যিহেতু চীনে টাইৱানক নিজৰ ভূখণ্ডৰ অংশ হিচাপে দাবী কৰে, সেয়েহে চীনে কেতিয়াও বিভাজন ৰেখাক সন্মান নকৰে।

টাইৱান চৰকাৰে জনোৱা মতে, লাইন অতিক্ৰম কৰা পিপলছ লিবাৰেচন আৰ্মীৰ আঠখন সামৰিক বিমানত চাৰিখন জিয়ান জে এইচ-৭ বোমাৰু বিমান, দুখন চুখয় ছু-৩০ যুঁজাৰু বিমান আৰু দুখন শ্বেনয়াং জে-১১ জেট আছে। চীনৰ অতি সক্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়েও টাইৱান জলদ্বীপৰ ওপৰত নজৰ ৰাখিবলৈ যুদ্ধ জাহাজ আৰু এণ্টি-মিছাইল ব্যৱস্থাও মোতায়েন কৰিছে।

ইয়াৰ মাজতে চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে ছ’চিয়েল মিডিয়াত ছবি প্ৰকাশ কৰি দাবী কৰিছে যে তেওঁলোকৰ বিমানে টাইৱানৰ একেবাৰে মূৰত পেংহু দ্বীপটো নিৰীক্ষণ কৰি আছে। টাইৱানৰ বায়ুসেনাৰ ভাইচ চিফ অৱ ষ্টাফ টুং পেই-ইউনে অৱশ্যে চীনৰ এই দাবী খণ্ডন কৰে। তেওঁৰ স্পষ্ট বক্তব্য হ’ল চীনে সদায় হেঁচা বজাই ৰাখিবলৈ বৃদ্ধি পায়।

অৱশ্যে অহা সপ্তাহৰ ভিতৰত টাইৱানক লৈ আমেৰিকাৰ প্ৰশাসনে এটা ডাঙৰ সিদ্ধান্ত ল’বলৈ ওলাইছে। শেহতীয়াকৈ এক সংবাদমেলত আমেৰিকাৰ বিদেশ বিভাগৰ মুখপাত্ৰ নেড প্ৰাইছে এই কথা দাবী কৰিছে। ৱাশ্বিংটনৰ এই সিদ্ধান্তই টাইৱানক সামৰিক আৰু অৰ্থনৈতিক দিশত প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। বিশেষজ্ঞসকলে আশংকা কৰিছে যে চীনে এই কথা সদয়ভাৱে গ্ৰহণ নকৰে। কিন্তু প্ৰাইছে স্পষ্টকৈ কৈছে, "চীনে সমগ্ৰ অঞ্চলটোক (টাইৱান জলদ্বীপ) অস্থিৰ কৰিব বিচাৰিছে। আমি তেনেকুৱা হ’বলৈ নিদিওঁ। আমাৰ পৰৱৰ্তী কেইটামান পদক্ষেপত সকলোৱে সেই কথা বুজিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
৯০% মছজিদৰ ইমাম 'অচিনাকি' মানুহ, ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালৰ বিস্ফোৰণ
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ