--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃসৌন্দৰ্য প্ৰতিযোগিতাসমূহৰ ভিতৰত শ্ৰেষ্ঠ প্ৰতিযোগিতা হিচাবে জনাজাত 'মিছ ইউনিভাৰ্ছ' প্ৰতিযোগিতাৰ নিয়ম সলনি কৰা হৈছে। ৭০ বছৰৰ অন্তত নি.ম সলনি কৰি এতিয়াৰে পৰা বিবাহিতা মহিলা আৰু মাতৃসকলকো প্ৰতিযোগিতাত অংশগ্ৰহণৰ অনুমতি দিয়া হৈছে।বিভিন্ন মহলে কৰি অহা  দাবীৰ প্ৰতি সঁহাৰি জনায়েই  'মিছ ইউনিভাৰ্ছ' প্ৰতিযোগিতাৰ আয়োজকসকলে নিয়ম সলনি কৰাৰ ঐতিহাসিক সিদ্ধান্ত লৈছে। ইয়াৰ ফলত এতিয়াৰে পৰা বিবাহিতা প্ৰতিযোগীসকলে প্ৰতিযোগিতাত অংশগ্ৰহণত বাধাৰ সন্মুখীন নহ'ব। 

'মিছ ইউনিভাৰ্ছ' প্ৰতিযোগিতাৰ আয়োজকসকলে ঘোষণা কৰিছে যে বাধাহীনভাবে বিবাহিতআ মহিলা আৰু আনকি যিসকল মাতৃ তেওঁলোকেও বিশ্বব্ৰহ্মাণ্ড সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।  নতুন নিয়মসমূহ অহা বছৰৰ পৰা অৰ্থাৎ ২০২৩ চনৰ পৰা কাৰ্যকৰী কৰা হ'ব। আয়োজকসকলৰ সিদ্ধান্তক বিগত কেইবছৰমানত 'মিছ ইউনিভাৰ্ছ' খিতাপ জয় কৰা সুন্দৰীসকলে আদৰণি জনাইছে।নিয়ম অনুসৰি, বিশ্বব্ৰহ্মাণ্ড সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ প্ৰতিযোগীগৰাকীৰ সামাজিক পৰিচয় 'অবিবাহিতা' হোৱাটো বাধ্যতামূলক আছিল। 


আনকি প্ৰতিযোগিতাখন জিকাৰ পাছতো, যেতিয়ালৈকে খিতাপ নিজৰ দখলত থাকিব তেতিয়ালৈকে খিতাপজয়ী প্ৰতিযোগীয়ে বিয়া হ'ব নোৱাৰিছিল। অৰ্থাৎখিতাপ জিকাৰ পিছত  প্ৰায় এবছৰৰ বাবে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সুন্দৰীগৰাকী  'অবিবাহিতা' হৈ থাকিবলগীয়া হৈছিল।  ইয়াৰ বাহিৰেও প্ৰতিযোগিতাৰ সময়ত কোনো প্ৰতিযোগী গৰ্ভৱতী অৱস্থাত  থকা হ'ব নালাগিছিল । এনে ধৰণৰ বিভিন্ন প্ৰতিবন্ধকতামানি চলি সুন্দৰীসকলে  এতিয়ালৈকে বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বশ্ৰেষ্ঠ সৌন্দৰ্য প্ৰতিযোগিতাৰ  দৌৰত অংশগ্ৰহণ কৰিবলগীয়া হৈছিল।

এইবাৰ আৰু তেনে বাধাসমূহ নাথাকিব।২০২৩ চনৰ পৰা প্ৰতিযোগিতাখনত নতুন নিয়ম প্ৰৱৰ্তন কৰা হ'ব। অহা বছৰৰ সৌন্দৰ্য প্ৰতিযোগিতাখন মাদাগাস্কাৰ আৰু ৰোমানিয়াত অনুষ্ঠিত হ'ব। ২০২০ চনৰ ইউনিভাৰ্ছ বিউটি পিজেণ্টৰ বিজয়ী মেক্সিকোৰ এণ্ড্ৰিয়া মেজাই আয়োজকসকলৰ নতুন সিদ্ধান্তক আদৰণি জনাই কৈছে "মই এই নতুন নিয়মক আন্তৰিকতাৰে স্বাগতম জনাইছো। সমাজ পৰিৱৰ্তনৰ সৈতে এতিয়া ছোৱালীবোৰেও সন্মুখৰ পৰা বিভিন্ন দায়িত্ব পালন কৰি আছে। ফলস্বৰূপে  তেওঁ নিজৰ পৰিয়ালৰ গঢ়িও এনে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ পাব । মোৰ মতে এই নিয়মটো সময়ৰ সৈতে সংগতি ৰাখি সলনি হৈছে। "


মন কৰিকৰিব লগীয়া যে এতিয়ালৈকে ভাৰতৰ পৰা বিশ্বব্ৰহ্মাণ্ডৰ সৌন্দৰ্যৰ মুকুট তিনিগৰাকী সুন্দৰীৰ  মূৰত শোভা কৰিছে। ১৯৯৪ চনত সুস্মিতা সেন, ২০২০ চনত লাৰা দত্ত আৰু ২০২১ চনত হৰনাজ সান্ধুৱে ভাৰতলৈ 'মিছ ইউনিভাৰ্ছ'ৰ গৌৰৱ কঢ়িয়াই আনিছে। পিছলৈ, সুস্মিতা দুগৰাকী দত্তক কন্যাৰ  মাতৃ হয়। লাৰা দত্ত বিখ্যাত টেনিছ খেলুৱৈ মহেশ ভূপতিৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু হৰনাজ  সান্ধু এতিয়াও অবিবাহিতা হৈ আছে। কাৰণ তেওঁ খিতাপ জয়ৰ  এবছৰ এতিয়াও  হোৱা নাই। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ