--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃসৌন্দৰ্য প্ৰতিযোগিতাসমূহৰ ভিতৰত শ্ৰেষ্ঠ প্ৰতিযোগিতা হিচাবে জনাজাত 'মিছ ইউনিভাৰ্ছ' প্ৰতিযোগিতাৰ নিয়ম সলনি কৰা হৈছে। ৭০ বছৰৰ অন্তত নি.ম সলনি কৰি এতিয়াৰে পৰা বিবাহিতা মহিলা আৰু মাতৃসকলকো প্ৰতিযোগিতাত অংশগ্ৰহণৰ অনুমতি দিয়া হৈছে।বিভিন্ন মহলে কৰি অহা  দাবীৰ প্ৰতি সঁহাৰি জনায়েই  'মিছ ইউনিভাৰ্ছ' প্ৰতিযোগিতাৰ আয়োজকসকলে নিয়ম সলনি কৰাৰ ঐতিহাসিক সিদ্ধান্ত লৈছে। ইয়াৰ ফলত এতিয়াৰে পৰা বিবাহিতা প্ৰতিযোগীসকলে প্ৰতিযোগিতাত অংশগ্ৰহণত বাধাৰ সন্মুখীন নহ'ব। 

'মিছ ইউনিভাৰ্ছ' প্ৰতিযোগিতাৰ আয়োজকসকলে ঘোষণা কৰিছে যে বাধাহীনভাবে বিবাহিতআ মহিলা আৰু আনকি যিসকল মাতৃ তেওঁলোকেও বিশ্বব্ৰহ্মাণ্ড সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।  নতুন নিয়মসমূহ অহা বছৰৰ পৰা অৰ্থাৎ ২০২৩ চনৰ পৰা কাৰ্যকৰী কৰা হ'ব। আয়োজকসকলৰ সিদ্ধান্তক বিগত কেইবছৰমানত 'মিছ ইউনিভাৰ্ছ' খিতাপ জয় কৰা সুন্দৰীসকলে আদৰণি জনাইছে।নিয়ম অনুসৰি, বিশ্বব্ৰহ্মাণ্ড সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ প্ৰতিযোগীগৰাকীৰ সামাজিক পৰিচয় 'অবিবাহিতা' হোৱাটো বাধ্যতামূলক আছিল। 


আনকি প্ৰতিযোগিতাখন জিকাৰ পাছতো, যেতিয়ালৈকে খিতাপ নিজৰ দখলত থাকিব তেতিয়ালৈকে খিতাপজয়ী প্ৰতিযোগীয়ে বিয়া হ'ব নোৱাৰিছিল। অৰ্থাৎখিতাপ জিকাৰ পিছত  প্ৰায় এবছৰৰ বাবে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সুন্দৰীগৰাকী  'অবিবাহিতা' হৈ থাকিবলগীয়া হৈছিল।  ইয়াৰ বাহিৰেও প্ৰতিযোগিতাৰ সময়ত কোনো প্ৰতিযোগী গৰ্ভৱতী অৱস্থাত  থকা হ'ব নালাগিছিল । এনে ধৰণৰ বিভিন্ন প্ৰতিবন্ধকতামানি চলি সুন্দৰীসকলে  এতিয়ালৈকে বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বশ্ৰেষ্ঠ সৌন্দৰ্য প্ৰতিযোগিতাৰ  দৌৰত অংশগ্ৰহণ কৰিবলগীয়া হৈছিল।

এইবাৰ আৰু তেনে বাধাসমূহ নাথাকিব।২০২৩ চনৰ পৰা প্ৰতিযোগিতাখনত নতুন নিয়ম প্ৰৱৰ্তন কৰা হ'ব। অহা বছৰৰ সৌন্দৰ্য প্ৰতিযোগিতাখন মাদাগাস্কাৰ আৰু ৰোমানিয়াত অনুষ্ঠিত হ'ব। ২০২০ চনৰ ইউনিভাৰ্ছ বিউটি পিজেণ্টৰ বিজয়ী মেক্সিকোৰ এণ্ড্ৰিয়া মেজাই আয়োজকসকলৰ নতুন সিদ্ধান্তক আদৰণি জনাই কৈছে "মই এই নতুন নিয়মক আন্তৰিকতাৰে স্বাগতম জনাইছো। সমাজ পৰিৱৰ্তনৰ সৈতে এতিয়া ছোৱালীবোৰেও সন্মুখৰ পৰা বিভিন্ন দায়িত্ব পালন কৰি আছে। ফলস্বৰূপে  তেওঁ নিজৰ পৰিয়ালৰ গঢ়িও এনে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ পাব । মোৰ মতে এই নিয়মটো সময়ৰ সৈতে সংগতি ৰাখি সলনি হৈছে। "


মন কৰিকৰিব লগীয়া যে এতিয়ালৈকে ভাৰতৰ পৰা বিশ্বব্ৰহ্মাণ্ডৰ সৌন্দৰ্যৰ মুকুট তিনিগৰাকী সুন্দৰীৰ  মূৰত শোভা কৰিছে। ১৯৯৪ চনত সুস্মিতা সেন, ২০২০ চনত লাৰা দত্ত আৰু ২০২১ চনত হৰনাজ সান্ধুৱে ভাৰতলৈ 'মিছ ইউনিভাৰ্ছ'ৰ গৌৰৱ কঢ়িয়াই আনিছে। পিছলৈ, সুস্মিতা দুগৰাকী দত্তক কন্যাৰ  মাতৃ হয়। লাৰা দত্ত বিখ্যাত টেনিছ খেলুৱৈ মহেশ ভূপতিৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু হৰনাজ  সান্ধু এতিয়াও অবিবাহিতা হৈ আছে। কাৰণ তেওঁ খিতাপ জয়ৰ  এবছৰ এতিয়াও  হোৱা নাই। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু