--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চীনৰ পৰা সকলো ধৰণৰ ভাবুকিৰ মাজতো আমেৰিকাৰ সংসদৰ অধ্যক্ষ নেন্সি পেলোছিয়ে টাইৱান ভ্ৰমণ কৰে। ১৯ ঘণ্টা ধৰি পেলোছিয়ে টাইৱানৰ ৰাষ্ট্ৰপতি আৰু তাত থকা বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ থাকিল আৰু এই বৈঠক চলি থকালৈকে চীন ঠাণ্ডা হৈ থাকিল। ভাবুকিৰ মাজতে পেলোছিৰ এই ভ্ৰমণে প্ৰমাণ কৰিছে যে চীনৰ সতৰ্কবাণীক আমেৰিকাই কেৰেপ নকৰে। পেলোছিয়ে টাইৱানক আশ্বাস দিয়ে যে আমেৰিকা তেওঁলোকৰ লগত আছে। পেলোছিৰ এই ভ্ৰমণত হতাশ হৈ চীনে টাইৱানৰ বহু ঠাইত নিজৰ যুদ্ধ বিমান আৰু যুদ্ধ জাহাজ মোতায়েন কৰে।

 ১. স্তম্ভিত হৈ পৰিব বিশ্ব-

ভাৰতত ৭০ কোটিতকৈ অধিক লোকে মোবাইল ব্যৱহাৰ কৰে। ২০ কোটিতকৈ অধিক লোকে লেপটপ আৰু গাড়ী ব্যৱহাৰ কৰে, কিন্তু আপুনি জানেনে যে এই যুদ্ধ হ’লে তেতিয়া মোবাইল, লেপটপ, অট’মোবাইলত আহি পৰিব গভীৰ সংকট। বন্ধ হৈ পৰিব পাৰে বিশ্বৰ হাজাৰ হাজাৰ কোম্পানী। শ শ কোম্পানীয়ে ভৰিবলগীয়া হ’ব পাৰে কোটি কোটি লোকচান। আচলতে ইলেক্ট্ৰনিক চিপ বা অৰ্ধপৰিবাহী টাইৱানত নিৰ্মিত। বিশ্বৰ অৰ্ধপৰিবাহীৰ পৰা পোৱা মুঠ উপাৰ্জনৰ ৫৪ শতাংশ টাইৱানৰ কোম্পানীসমূহে লাভ কৰে আৰু টাইৱানত যদি উৎপাদন বন্ধ হয়, তেন্তে সমগ্ৰ বিশ্বই সংকটত পৰিব পাৰে।

২.  অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ কাৰখানা টাইৱান-

ভূগোলৰ ফালৰ পৰা চীন বিশ্বৰ অন্যতম বৃহৎ দেশ আৰু টাইৱানক বিশ্বৰ আটাইতকৈ সৰু দেশৰ ভিতৰত গণ্য কৰা হয়। অৰ্থনীতি অনুসৰি দুয়োখন দেশৰ তুলনা কোনো দেশৰ লগত নহয়, কিন্তু ইয়াৰ পাছতো যেতিয়া এই দুখন দেশৰ মাজত যুদ্ধৰ ভাবুকি আহি পৰে, তেতিয়া বিশ্বত এক বেলেগ উত্তেজনা সৃষ্টি হ’ব। পৰিস্থিতি অধিক বেয়া হ’লে টাইৱানৰ সংকট গভীৰ হৈ পৰিব, কাৰণ অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত এই সৰু দেশখনেই হৈছে বিশ্বৰ কাৰখানা।

৩.  ব্যয়বহুল হ’ব ইলেক্ট্ৰনিকছৰ সামগ্ৰী-

নেন্সীৰ ভ্ৰমণৰ পাছত যি পৰিস্থিতিৰ সৃষ্টি হৈছে, যদি সেই পৰিস্থিতি অব্যাহত থাকে আৰু যদি টাইৱানত আক্ৰমণ হয় তেন্তে ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, স্মাৰ্টফোন, গাড়ীৰ দাম বৃদ্ধি হোৱাটো নিশ্চিত। বজাৰৰ পৰা নোহোৱা হ’ব পাৰে ইলেক্ট্ৰনিক সামগ্ৰী। কৰ’না মহামাৰীৰ সময়ত যেতিয়া টাইৱানৰ সৈতে যোগান শৃংখল ভংগ হৈছিল, তেতিয়া বিশ্বই উপলব্ধি কৰিছিল যে টাইৱান বজাৰত নথকাৰ অৰ্থ কি?

৪.  বহুতো ডাঙৰ কোম্পানীয়ে টাইৱানৰ পৰা অৰ্ধপৰিবাহী লয়-

বিশ্বৰ অৰ্ধপৰিবাহীৰ পৰা পোৱা মুঠ উপাৰ্জনৰ ৫৪ শতাংশ টাইৱানৰ কোম্পানীসমূহে লাভ কৰে। ইয়াত আটাইতকৈ ডাঙৰ অৱদান আগবঢ়াইছিল টাইৱানৰ কোম্পানী টি এছ এম চিয়ে। TSMC এতিয়াও বিশ্বৰ সৰ্ববৃহৎ অৰ্ধপৰিবাহী কোম্পানী। এপল, কোৱালকম, এনভিডিয়া, মাইক্ৰ’ছফ্ট, চ’নী, আছুছ, ইয়ামাহা, পেনাচনিক আদি ডাঙৰ কোম্পানী ইয়াৰ ক্লায়েণ্ট।টাইৱান ছেমিকণ্ডাক্টৰ মেনুফেকচাৰিং কোম্পানী, বিশ্বৰ ৯২ শতাংশ উন্নত ছেমিকণ্ডাক্টৰ উৎপাদন কৰে। অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত চীন টাইৱানৰ পৰা বহু মাইল পিছ পৰি আছে, আমেৰিকাই অৰ্ধপৰিবাহীৰ বজাৰ বুজি পাইছে আৰু চীনেও। সেইবাবেই দুয়োখন দেশেই এই সৰু দেশখনৰ বাবে মুখামুখি সংঘৰ্ষত লিপ্ত হৈছে। চীনে যদি টাইৱানক আক্ৰমণ কৰে, তেন্তে সমগ্ৰ বিশ্বৰ বাবে চিপ বজাৰ বন্ধ হৈ পৰিব আৰু ইতিমধ্যে মুদ্ৰাস্ফীতিৰ সৈতে যুঁজি থকা বিশ্বৰ সন্মুখত নতুন সংকটৰ সৃষ্টি হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু