--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চীনৰ পৰা সকলো ধৰণৰ ভাবুকিৰ মাজতো আমেৰিকাৰ সংসদৰ অধ্যক্ষ নেন্সি পেলোছিয়ে টাইৱান ভ্ৰমণ কৰে। ১৯ ঘণ্টা ধৰি পেলোছিয়ে টাইৱানৰ ৰাষ্ট্ৰপতি আৰু তাত থকা বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ থাকিল আৰু এই বৈঠক চলি থকালৈকে চীন ঠাণ্ডা হৈ থাকিল। ভাবুকিৰ মাজতে পেলোছিৰ এই ভ্ৰমণে প্ৰমাণ কৰিছে যে চীনৰ সতৰ্কবাণীক আমেৰিকাই কেৰেপ নকৰে। পেলোছিয়ে টাইৱানক আশ্বাস দিয়ে যে আমেৰিকা তেওঁলোকৰ লগত আছে। পেলোছিৰ এই ভ্ৰমণত হতাশ হৈ চীনে টাইৱানৰ বহু ঠাইত নিজৰ যুদ্ধ বিমান আৰু যুদ্ধ জাহাজ মোতায়েন কৰে।

 ১. স্তম্ভিত হৈ পৰিব বিশ্ব-

ভাৰতত ৭০ কোটিতকৈ অধিক লোকে মোবাইল ব্যৱহাৰ কৰে। ২০ কোটিতকৈ অধিক লোকে লেপটপ আৰু গাড়ী ব্যৱহাৰ কৰে, কিন্তু আপুনি জানেনে যে এই যুদ্ধ হ’লে তেতিয়া মোবাইল, লেপটপ, অট’মোবাইলত আহি পৰিব গভীৰ সংকট। বন্ধ হৈ পৰিব পাৰে বিশ্বৰ হাজাৰ হাজাৰ কোম্পানী। শ শ কোম্পানীয়ে ভৰিবলগীয়া হ’ব পাৰে কোটি কোটি লোকচান। আচলতে ইলেক্ট্ৰনিক চিপ বা অৰ্ধপৰিবাহী টাইৱানত নিৰ্মিত। বিশ্বৰ অৰ্ধপৰিবাহীৰ পৰা পোৱা মুঠ উপাৰ্জনৰ ৫৪ শতাংশ টাইৱানৰ কোম্পানীসমূহে লাভ কৰে আৰু টাইৱানত যদি উৎপাদন বন্ধ হয়, তেন্তে সমগ্ৰ বিশ্বই সংকটত পৰিব পাৰে।

২.  অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ কাৰখানা টাইৱান-

ভূগোলৰ ফালৰ পৰা চীন বিশ্বৰ অন্যতম বৃহৎ দেশ আৰু টাইৱানক বিশ্বৰ আটাইতকৈ সৰু দেশৰ ভিতৰত গণ্য কৰা হয়। অৰ্থনীতি অনুসৰি দুয়োখন দেশৰ তুলনা কোনো দেশৰ লগত নহয়, কিন্তু ইয়াৰ পাছতো যেতিয়া এই দুখন দেশৰ মাজত যুদ্ধৰ ভাবুকি আহি পৰে, তেতিয়া বিশ্বত এক বেলেগ উত্তেজনা সৃষ্টি হ’ব। পৰিস্থিতি অধিক বেয়া হ’লে টাইৱানৰ সংকট গভীৰ হৈ পৰিব, কাৰণ অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত এই সৰু দেশখনেই হৈছে বিশ্বৰ কাৰখানা।

৩.  ব্যয়বহুল হ’ব ইলেক্ট্ৰনিকছৰ সামগ্ৰী-

নেন্সীৰ ভ্ৰমণৰ পাছত যি পৰিস্থিতিৰ সৃষ্টি হৈছে, যদি সেই পৰিস্থিতি অব্যাহত থাকে আৰু যদি টাইৱানত আক্ৰমণ হয় তেন্তে ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, স্মাৰ্টফোন, গাড়ীৰ দাম বৃদ্ধি হোৱাটো নিশ্চিত। বজাৰৰ পৰা নোহোৱা হ’ব পাৰে ইলেক্ট্ৰনিক সামগ্ৰী। কৰ’না মহামাৰীৰ সময়ত যেতিয়া টাইৱানৰ সৈতে যোগান শৃংখল ভংগ হৈছিল, তেতিয়া বিশ্বই উপলব্ধি কৰিছিল যে টাইৱান বজাৰত নথকাৰ অৰ্থ কি?

৪.  বহুতো ডাঙৰ কোম্পানীয়ে টাইৱানৰ পৰা অৰ্ধপৰিবাহী লয়-

বিশ্বৰ অৰ্ধপৰিবাহীৰ পৰা পোৱা মুঠ উপাৰ্জনৰ ৫৪ শতাংশ টাইৱানৰ কোম্পানীসমূহে লাভ কৰে। ইয়াত আটাইতকৈ ডাঙৰ অৱদান আগবঢ়াইছিল টাইৱানৰ কোম্পানী টি এছ এম চিয়ে। TSMC এতিয়াও বিশ্বৰ সৰ্ববৃহৎ অৰ্ধপৰিবাহী কোম্পানী। এপল, কোৱালকম, এনভিডিয়া, মাইক্ৰছফ্ট, চনী, আছুছ, ইয়ামাহা, পেনাচনিক আদি ডাঙৰ কোম্পানী ইয়াৰ ক্লায়েণ্ট।টাইৱান ছেমিকণ্ডাক্টৰ মেনুফেকচাৰিং কোম্পানী, বিশ্বৰ ৯২ শতাংশ উন্নত ছেমিকণ্ডাক্টৰ উৎপাদন কৰে। অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত চীন টাইৱানৰ পৰা বহু মাইল পিছ পৰি আছে, আমেৰিকাই অৰ্ধপৰিবাহীৰ বজাৰ বুজি পাইছে আৰু চীনেও। সেইবাবেই দুয়োখন দেশেই এই সৰু দেশখনৰ বাবে মুখামুখি সংঘৰ্ষত লিপ্ত হৈছে। চীনে যদি টাইৱানক আক্ৰমণ কৰে, তেন্তে সমগ্ৰ বিশ্বৰ বাবে চিপ বজাৰ বন্ধ হৈ পৰিব আৰু ইতিমধ্যে মুদ্ৰাস্ফীতিৰ সৈতে যুঁজি থকা বিশ্বৰ সন্মুখত নতুন সংকটৰ সৃষ্টি হব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা