--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বৰ ৩৩ খনৰো অধিক দেশত ত্ৰাসৰ সৃষ্টি কৰা মাংকি পক্সকলৈ আমেৰিকা যুক্তৰাষ্ট্ৰই   স্বাস্থ্য সম্পৰ্কীয় জৰুৰী অৱস্থা ঘোষণা কৰিছে৷ মাৰ্কিন স্বাস্থ্য দপ্তৰে এই সমপৰ্কত এক বিবৃতিত কৈছে " আমি এই ভাইৰাছৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত অধিক কঠোৰ হ’ব বিচাৰিছো৷ সেয়ে স্বাস্থ্য সম্পৰ্কীয় জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ বাধ্য হৈছো৷ " 

স্বাস্থ্য  সেৱাৰ সচিব জেভিয়াৰ বেকাৰে মাৰ্কিনবাসীক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বানত জনাইছে।  জৰুৰী অৱস্থাৰ ঘোষণাটো  প্ৰথমতে ৯০  দিনৰ বাবে কাৰ্যকৰী হৈ থাকিব৷  আমেৰিকাত বৰ্তমান ৬,৬০০ গৰাকী লোক মাংকি পক্সত আক্ৰান্ত হৈছে৷ বিশ্বৰ ভিতৰত মাংকি পক্সত আক্ৰান্ত লোকৰ দিশৰ পৰা আমেৰিকা  শীৰ্ষত আছে৷ 

উল্লেখ্য আমেৰিকাতেই প্ৰথমে মাংকি পক্সত আক্ৰান্ত ৰোগী চিনাক্ত হৈছিল৷ জেশ খনত আক্ৰান্ত লোকৰ  প্ৰায় এক চতুৰ্থাংশ নিউয়ৰ্কৰ। আমেৰিকা যুক্তৰাজ্যই এতিয়ালৈকে প্ৰায় ছয় লাখ জিএনইএনইঅ'এছ ভেকছিন প্ৰদান কৰিছে ৷ এই ভেকছিনে  মূলতঃ মাঙ্কিপক্সৰ  ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে৷ স্বাস্থ্যসেৱা বিভাগে যোৱা সপ্তাহত কৈছিল যে এতিয়ালৈকে প্ৰায় ৯৯ শতাংশ আক্ৰান্ত লোক যৌন সম্ভোগৰ জৰিয়তে আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে৷ 

মাংকি পক্সৰ ভাইৰাছ  এতিয়া মুখ্যতঃ যৌন কাৰ্যকলাপৰ জৰিয়তে বিয়পি পৰিছে ৷ কিন্তু ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই লগতে কয় যে ৰোগীৰ বিচনা, কাপোৰআদি ব্যৱহাৰ কৰিলেও এই ৰোগ সংক্ৰমিত হ’ব পাৰে৷  নিউ ইংলেণ্ড জাৰ্নেল অফ মেডিচিনত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ৯৫ শতাংশ মাংকি পক্সৰ সংক্ৰমণ যৌন কাৰ্যৰ জৰিয়তে হৈছে।

শেহতীয়া গৱেষণাত দেখা গৈছে যে মাংকি পক্সত সংক্ৰমিত লোকৰ ৯৮ শতাংশ লোকেই হয় সমকামী বা উভকামী পুৰুষ। অধ্যয়নটো ৫২৮ জন সংক্ৰমিত লোকক লৈ চলোৱা হৈছিল।

এনে সময়তে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ এডেনহোম ঘেব্ৰেয়েচাছে যিসকল পুৰুষৰ মাংকি পক্সৰ আশংকা আছে তেওঁলোকে যৌন সঙ্গীৰ সংখ্যা সীমিত কৰাৰ পৰামৰ্শ দিছে। ৰোগ বিধৰ ভয়াৱহাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থায়ো মাংকি পক্সলৈ বিশ্বব্যাপী স্বাস্থ্য জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু