--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বৰ ৩৩ খনৰো অধিক দেশত ত্ৰাসৰ সৃষ্টি কৰা মাংকি পক্সকলৈ আমেৰিকা যুক্তৰাষ্ট্ৰই   স্বাস্থ্য সম্পৰ্কীয় জৰুৰী অৱস্থা ঘোষণা কৰিছে৷ মাৰ্কিন স্বাস্থ্য দপ্তৰে এই সমপৰ্কত এক বিবৃতিত কৈছে " আমি এই ভাইৰাছৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত অধিক কঠোৰ হ’ব বিচাৰিছো৷ সেয়ে স্বাস্থ্য সম্পৰ্কীয় জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ বাধ্য হৈছো৷ " 

স্বাস্থ্য  সেৱাৰ সচিব জেভিয়াৰ বেকাৰে মাৰ্কিনবাসীক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বানত জনাইছে।  জৰুৰী অৱস্থাৰ ঘোষণাটো  প্ৰথমতে ৯০  দিনৰ বাবে কাৰ্যকৰী হৈ থাকিব৷  আমেৰিকাত বৰ্তমান ৬,৬০০ গৰাকী লোক মাংকি পক্সত আক্ৰান্ত হৈছে৷ বিশ্বৰ ভিতৰত মাংকি পক্সত আক্ৰান্ত লোকৰ দিশৰ পৰা আমেৰিকা  শীৰ্ষত আছে৷ 

উল্লেখ্য আমেৰিকাতেই প্ৰথমে মাংকি পক্সত আক্ৰান্ত ৰোগী চিনাক্ত হৈছিল৷ জেশ খনত আক্ৰান্ত লোকৰ  প্ৰায় এক চতুৰ্থাংশ নিউয়ৰ্কৰ। আমেৰিকা যুক্তৰাজ্যই এতিয়ালৈকে প্ৰায় ছয় লাখ জিএনইএনইঅ'এছ ভেকছিন প্ৰদান কৰিছে ৷ এই ভেকছিনে  মূলতঃ মাঙ্কিপক্সৰ  ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে৷ স্বাস্থ্যসেৱা বিভাগে যোৱা সপ্তাহত কৈছিল যে এতিয়ালৈকে প্ৰায় ৯৯ শতাংশ আক্ৰান্ত লোক যৌন সম্ভোগৰ জৰিয়তে আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে৷ 

মাংকি পক্সৰ ভাইৰাছ  এতিয়া মুখ্যতঃ যৌন কাৰ্যকলাপৰ জৰিয়তে বিয়পি পৰিছে ৷ কিন্তু ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই লগতে কয় যে ৰোগীৰ বিচনা, কাপোৰআদি ব্যৱহাৰ কৰিলেও এই ৰোগ সংক্ৰমিত হ’ব পাৰে৷  নিউ ইংলেণ্ড জাৰ্নেল অফ মেডিচিনত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ৯৫ শতাংশ মাংকি পক্সৰ সংক্ৰমণ যৌন কাৰ্যৰ জৰিয়তে হৈছে।

শেহতীয়া গৱেষণাত দেখা গৈছে যে মাংকি পক্সত সংক্ৰমিত লোকৰ ৯৮ শতাংশ লোকেই হয় সমকামী বা উভকামী পুৰুষ। অধ্যয়নটো ৫২৮ জন সংক্ৰমিত লোকক লৈ চলোৱা হৈছিল।

এনে সময়তে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ এডেনহোম ঘেব্ৰেয়েচাছে যিসকল পুৰুষৰ মাংকি পক্সৰ আশংকা আছে তেওঁলোকে যৌন সঙ্গীৰ সংখ্যা সীমিত কৰাৰ পৰামৰ্শ দিছে। ৰোগ বিধৰ ভয়াৱহাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থায়ো মাংকি পক্সলৈ বিশ্বব্যাপী স্বাস্থ্য জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক