--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলাই স্বামীক বিবাহ বিচ্ছেদ দিয়াৰ পাছত নতুন জীৱনৰ আৰম্ভণি কৰাৰ বাবে লগৰীয়াসকলক এটা পাৰ্টি দিছিল। স্বামীৰ পৰা বিবাহ বিচ্ছেদ হোৱাৰ পিছত মহিলাগৰাকীয়ে ভাবিলে যে বন্ধু-বান্ধৱীৰ সৈতে জীৱনৰ নতুন আৰম্ভণি কৰাৰ নামত এটা পাৰ্টি কৰাই উচিত হ’ব। কিন্তু মহিলাগৰাকীয়ে ভবা নাছিল যে এই পাৰ্টিৰ বাবেই তেওঁ এজন অন্য ব্যক্তিৰ প্ৰেমত পৰিব! মহিলাগৰাকীয়ে এই পাৰ্টিৰ বাবে এজন ৱেটাৰ নিয়োগ কৰিছিল আৰু মহিলাগৰাকী এই ৱেটাৰজনৰে প্ৰেমত পৰিছিল। 

এই ঘটনা অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ, য’ত এই আচৰিত প্ৰেমৰ কাহিনীটো চৰ্চালৈ আহিছে। গেব্ৰিয়েলা লেণ্ডলফি নামৰ মহিলাগৰাকীয়ে যেতিয়া স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰিছিল, তেতিয়া তেওঁ ভবা নাছিল যে ইমান সোনকালে কোনোবা তেওঁৰ জীৱনত প্ৰৱেশ কৰিব। মহিলাগৰাকীয়ে ঘৰতে এটা সৰু পাৰ্টি অনুষ্ঠিত কৰি পাৰ্টিত থকা অতিথিসকলক খাদ্য পৰিবেশন কৰিবলৈ জন নামৰ এজন ওৱেটাৰ নিয়োগ কৰে। পাৰ্টি শেষ হোৱাৰ পাছত সকলো অতিথি নিজ নিজ ঘৰলৈ ৰাওনা হয়। পিছদিনা যেতিয়া গেব্ৰিয়েলা সাৰ পালে তেতিয়া তেওঁ মোবাইলত এটা মেছেজ দেখিলে। মেছেজত লিখা আছিল- পাৰ্টিৰ পাছত আপুনি ঠিকেই আছেনে? 

গেব্ৰিয়েলাই যেতিয়া মেছেজ প্ৰেৰকৰ নাম সুধিলে, তেতিয়া গেব্ৰিয়েলাই গম পালে যে তেওঁ যিজন ৱেটাৰক পাৰ্টিত নিয়োগ কৰিছিল, সেইজনেই এই মেছেজ দিছে। তেওঁৰ নাম জন। দুয়োজনৰ মাজত মেছেজত কথা-বাৰ্তা আগবাঢ়িল। ইয়াৰ পৰাই দুয়োৰে মাজত ঘনিষ্ঠতা বাঢ়িবলৈ ধৰিলে। ফোনত কথা-বতৰাৰ পিছত গেব্ৰিয়েলা আৰু জন সঘনাই লগ হ’বলৈ ধৰিলে আৰু প্ৰায় এমাহ ধৰি ইজনে সিজনৰ লগত ডেটিং কৰাৰ পিছত দুয়োজনে বিয়াৰ সিদ্ধান্ত ল’লে। গেব্ৰিয়েলাই ক’লে, ‘‘মই কেতিয়াও ভবা নাছিলো যে মই কেতিয়াবা তেওঁৰ লগত সম্পৰ্ক স্থাপন কৰিম, পাৰ্টিৰ বাবে নিযুক্তি দিয়া টপলেছ ওৱেটাৰজনক বিয়া কৰাৰ কথা সপোনতো ভাবিব নোৱাৰো। কিন্তু যেতিয়া মই লাহে লাহে তেওঁক চিনি পাবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া মই গম পালোঁ যে তেওঁ এজন অসাধাৰণ মানুহ।’’ 

গেব্ৰিয়েলাই লগতে কয় যে, ‘‘এতিয়া জনৰ সৈতে বিয়া পাতি মই বহু সুখী। বিবাহ বিচ্ছেদৰ উদযাপনৰ বাবে আহ্বান কৰা পাৰ্টিৰ সেই মুহূৰ্তবোৰে মোৰ জীৱনটো চিৰদিনৰ বাবে সলনি কৰি দিব বুলি মই ভবাই নাছিলোঁ।এই প্ৰেম কাহিনী সন্দৰ্ভত গেব্ৰিয়েলাই কৈছিল, ‘‘বিবাহ বিচ্ছেদৰ পিছত মই সুখী আছিলো, এতিয়া মই মুক্ত বুলি ভাবি ভাল লাগিছিল। পাৰ্টিৰ সময়ত জনৰ লগত কথা পাতিছিলো নে নাই সেই কথা মোৰ মনত নাই, কিন্তু মোৰ এটা কথা মনত আছে যে তেওঁ কৈছিল যে পাৰ্টিৰ পৰা যোৱাৰ পাছত পিছদিনা তেওঁ মোক মেছেজ কৰিব। এই গোটেই পাৰ্টিয়ে মোৰ জীৱনৰ ৰং সলাই দিলে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু