--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইদেনে যোৱা মংগলবাৰে হোৱাইট হাউচত সাংবাদিকক সম্বোধন কৰিছিল৷ সেই অনুষ্ঠানতে এগৰাকী সাংবাদিকে আমেৰিকাত সংঘটিত ৪০ বছৰৰ ভিতৰত সৰ্বাধিক মুদ্ৰাস্ফীতি ৰাষ্ট্ৰপতি বাইদেনৰ ৰাজনৈতিক দায়বদ্ধতা হয় নে নহয় বুলি প্ৰশ্ন কৰিছিল৷ আৰু, সেই প্ৰশ্নতে ক্ৰোধিত হৈ পৰিছিল জো বাইদেন৷ বাইদেনে মুদ্ৰাস্ফীতি সন্দৰ্ভত প্ৰশ্ন কৰা সাংবাদিকগৰাকীক অশ্ৰাব্য ভাষাৰে গালি-গালাজ কৰে৷ ৰাষ্ট্ৰপতি বাইদেনৰ তেনে আচম্বিত প্ৰতিক্ৰিয়াই হতবাক কৰি তুলিলে উপস্থিত সাংবাদিকসকলক৷ আৰু, বাইদেনৰ সেই ভিডিঅ’টো বিয়পি পৰিল ছ’চিয়েল মিডিয়াত৷ পৰৱৰ্তী সময়ত জো বাইদেনৰ কটু মন্তব্যৰ বিৰুদ্ধে সমালোচনাৰ জোৱাৰ উঠিল আমেৰিকাত৷ আমেৰিকাৰ সাংবাদিকসকলেও জো বাইদেনক তেওঁৰ অশ্ৰাব্য মন্তব্যৰ বাবে সমালোচনাৰ লক্ষ্য কৰি লয়৷ আৰু, ভদ্ৰলোকৰ দৰে আচৰণ কৰি বাইদেনে তেওঁৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰে৷ মহাশক্তিধৰ যুক্তৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰনেতাগৰাকীয়ে ক্ষমা খোজা বিষয়টোৱে জো বাইদেনৰ ৰাজনৈতিক ব্যক্তিত্বৰ প্ৰতিফলন ঘটোৱা বুলি চৰ্চা চলিছে৷ জো বাইদেনৰ ক্ষমা খোজা বিষয়টোৱে চৰ্চা লাভ কৰি থকাৰ মাজতে ভাৰত তথা অসমৰ ৰাজনৈতিক নেতাসকলৰ প্ৰসংগও চৰ্চালৈ আহিছে৷ পৃথিৱীৰ ভিতৰতে মহাশক্তিধৰ ৰাষ্ট্ৰনেতাৰূপে পৰিচিত জো বাইদেনৰ মহানতাৰ বিপৰীতে ভাৰতৰ ক্ষেত্ৰত দেখা যায় এখন অন্য ছবি৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাত বছৰত এখনো সংবাদমেল অনুস্থিত নকৰিলে৷ ভাৰতত শেহতীয়াকৈ চৰকাৰৰ ভুল-ত্ৰুটীক সমালোচনা কৰিলেই দেশ আৰু ৰাষ্ট্ৰৰ বিৰোধিতা কৰা হিচাপে প্ৰতিষ্ঠা কৰাৰ এক প্ৰয়াস পৰিলক্ষিত হয়৷ এনে এটি পৰিৱেশ নিৰ্মাণ কৰা হৈছে, য’ত বিৰোধীৰ কথাক গুৰুত্বহীন কৰি পেলোৱাৰ প্ৰৱণতাই গা কৰি উঠা দেখা গৈছে৷ বিৰোধীৰ কথা মানেই যেন ভুল, তেনে এটি ধাৰণা দিবলৈ শাসক পক্ষৰ ফালৰ পৰা চেষ্টা চলোৱা হয়৷ অসমতো অনুৰূপ ঘটনা৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ বদান্যতাৰ বিপৰীতে ভাৰত তথা অসমৰ নেতাসকলৰ মাজত অহংকাৰ, আত্মভৰিতা আৰু এক ধৰণৰ ঔদাসীন্য পৰিলক্ষিত হয়৷ আমেৰিকাত ৰাষ্ট্ৰপতিয়ে সাংবাদিকক ক্ষমা খোজাৰ বিপৰীত ভাৰতত সাংবাদিকতাক চেপি খুন্দি ৰাজহাতোৰাত বন্দী কৰাৰ চেষ্টা অব্যাহত আছে৷ সামগ্ৰিকভাৱে, চাবলৈ গ’লে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ক্ষমা খোজাৰ বদান্যতাই একেসময়তে অসম তথা ভাৰতৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিটোকো উদঙাই তুলিলে৷ ৰাজনৈতিক সভ্যতা আৰু ব্যক্তিত্বসুলভ পৰিচয়েৰে জো বাইদেনে পুনৰবাৰ নিজকে বিকশাই তুলিলে নতুন ৰঙেৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ