--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইদেনে যোৱা মংগলবাৰে হোৱাইট হাউচত সাংবাদিকক সম্বোধন কৰিছিল৷ সেই অনুষ্ঠানতে এগৰাকী সাংবাদিকে আমেৰিকাত সংঘটিত ৪০ বছৰৰ ভিতৰত সৰ্বাধিক মুদ্ৰাস্ফীতি ৰাষ্ট্ৰপতি বাইদেনৰ ৰাজনৈতিক দায়বদ্ধতা হয় নে নহয় বুলি প্ৰশ্ন কৰিছিল৷ আৰু, সেই প্ৰশ্নতে ক্ৰোধিত হৈ পৰিছিল জো বাইদেন৷ বাইদেনে মুদ্ৰাস্ফীতি সন্দৰ্ভত প্ৰশ্ন কৰা সাংবাদিকগৰাকীক অশ্ৰাব্য ভাষাৰে গালি-গালাজ কৰে৷ ৰাষ্ট্ৰপতি বাইদেনৰ তেনে আচম্বিত প্ৰতিক্ৰিয়াই হতবাক কৰি তুলিলে উপস্থিত সাংবাদিকসকলক৷ আৰু, বাইদেনৰ সেই ভিডিঅ’টো বিয়পি পৰিল ছ’চিয়েল মিডিয়াত৷ পৰৱৰ্তী সময়ত জো বাইদেনৰ কটু মন্তব্যৰ বিৰুদ্ধে সমালোচনাৰ জোৱাৰ উঠিল আমেৰিকাত৷ আমেৰিকাৰ সাংবাদিকসকলেও জো বাইদেনক তেওঁৰ অশ্ৰাব্য মন্তব্যৰ বাবে সমালোচনাৰ লক্ষ্য কৰি লয়৷ আৰু, ভদ্ৰলোকৰ দৰে আচৰণ কৰি বাইদেনে তেওঁৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰে৷ মহাশক্তিধৰ যুক্তৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰনেতাগৰাকীয়ে ক্ষমা খোজা বিষয়টোৱে জো বাইদেনৰ ৰাজনৈতিক ব্যক্তিত্বৰ প্ৰতিফলন ঘটোৱা বুলি চৰ্চা চলিছে৷ জো বাইদেনৰ ক্ষমা খোজা বিষয়টোৱে চৰ্চা লাভ কৰি থকাৰ মাজতে ভাৰত তথা অসমৰ ৰাজনৈতিক নেতাসকলৰ প্ৰসংগও চৰ্চালৈ আহিছে৷ পৃথিৱীৰ ভিতৰতে মহাশক্তিধৰ ৰাষ্ট্ৰনেতাৰূপে পৰিচিত জো বাইদেনৰ মহানতাৰ বিপৰীতে ভাৰতৰ ক্ষেত্ৰত দেখা যায় এখন অন্য ছবি৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাত বছৰত এখনো সংবাদমেল অনুস্থিত নকৰিলে৷ ভাৰতত শেহতীয়াকৈ চৰকাৰৰ ভুল-ত্ৰুটীক সমালোচনা কৰিলেই দেশ আৰু ৰাষ্ট্ৰৰ বিৰোধিতা কৰা হিচাপে প্ৰতিষ্ঠা কৰাৰ এক প্ৰয়াস পৰিলক্ষিত হয়৷ এনে এটি পৰিৱেশ নিৰ্মাণ কৰা হৈছে, য’ত বিৰোধীৰ কথাক গুৰুত্বহীন কৰি পেলোৱাৰ প্ৰৱণতাই গা কৰি উঠা দেখা গৈছে৷ বিৰোধীৰ কথা মানেই যেন ভুল, তেনে এটি ধাৰণা দিবলৈ শাসক পক্ষৰ ফালৰ পৰা চেষ্টা চলোৱা হয়৷ অসমতো অনুৰূপ ঘটনা৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ বদান্যতাৰ বিপৰীতে ভাৰত তথা অসমৰ নেতাসকলৰ মাজত অহংকাৰ, আত্মভৰিতা আৰু এক ধৰণৰ ঔদাসীন্য পৰিলক্ষিত হয়৷ আমেৰিকাত ৰাষ্ট্ৰপতিয়ে সাংবাদিকক ক্ষমা খোজাৰ বিপৰীত ভাৰতত সাংবাদিকতাক চেপি খুন্দি ৰাজহাতোৰাত বন্দী কৰাৰ চেষ্টা অব্যাহত আছে৷ সামগ্ৰিকভাৱে, চাবলৈ গ’লে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ক্ষমা খোজাৰ বদান্যতাই একেসময়তে অসম তথা ভাৰতৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিটোকো উদঙাই তুলিলে৷ ৰাজনৈতিক সভ্যতা আৰু ব্যক্তিত্বসুলভ পৰিচয়েৰে জো বাইদেনে পুনৰবাৰ নিজকে বিকশাই তুলিলে নতুন ৰঙেৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু