--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩২ হাজাৰ ফুট দ এটা গাঁত! ইতিমধ্যে ইয়াৰ কাম আৰম্ভ কৰা হৈছে৷ জিনজিয়াং প্ৰদেশে উত্তৰ-পশ্চিম চীনৰ এক বৃহৎ অংশ সামৰি লৈছে। এই অঞ্চলত খনিজ তেল প্ৰচুৰ পৰিমাণে পোৱা যায়। তাতে এই দ গাঁতটো খান্দিবলৈ আৰম্ভ কৰিছে৷

মঙলবাৰৰ পৰা আৰম্ভ হৈছে জিনজিয়াঙত গাঁত খন্দাৰ অভিযান। এই প্ৰকল্পৰ জৰিয়তে ছি জিনপিঙৰ চৰকাৰে মহাকাশৰ লগতে পৃথিৱীৰ গভীৰতাতো প্ৰযুক্তিৰ ছাপ পেলাবলৈ ওলাইছে।

চীনৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি জিনজিয়াঙত যি গাঁত খান্দিছে সেয়া ১০ হাজাৰ মিটাৰ দ হ’ব। অৰ্থাৎ চীনে পৃথিৱীৰ খোলাত ৩২ হাজাৰ ৮০৮ ফুটৰ গাঁত খান্দিব।

বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতা ৮,৮৪৮ মিটাৰ (২৯,০৩০ ফুট)। তেনেস্থলত চীনৰ গাঁতটো সম্পূৰ্ণ হ’লে ই এভাৰেষ্টৰ উচ্চতাতকৈও গভীৰ হ’ব।

জিনজিয়াঙত গাঁত খন্দাৰ কাম আৰম্ভ হোৱাৰ দিনাই মহাকাশ অন্বেষণৰ ক্ষেত্ৰতো চীনে এক নতুন নজিৰ গঢ়ি তুলিছে। গোবি মৰুভূমিৰ পৰা প্ৰথমবাৰৰ বাবে অসামৰিক মহাকাশচাৰীক কঢ়িয়াই মহাকাশলৈ উৰা মাৰিছে চীনৰ এখন মহাকাশযান।

চীনে যিটো গাঁত খান্দিবলৈ আৰম্ভ কৰিছে, সেই গাঁতটোৱে কমেও ১০টা মহাদেশীয় স্তৰত সোমাই যাব। মহাদেশীয় খোলাটো আচলতে শিলৰ তৰপ।

এটা এটাকৈ মহাদেশীয় স্তৰটো ভেদ কৰি খোলাৰ একেবাৰে শেষ স্তৰত উপনীত হ’ব। বিশেষজ্ঞসকলৰ মতে প্ৰায় ১ কোটি ৪৫ লাখ বছৰ পুৰণি শিল সেই শেষ স্তৰটোত আছে।

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে ইয়াক পৃথিৱীৰ গভীৰতা অন্বেষণ অভিযান বুলি অভিহিত কৰে। ২০২১ চনত বৈজ্ঞানিক সন্মিলনলৈ গৈ এই প্ৰকল্পৰ জৰিয়তে দেশৰ অধিক উন্নতিৰ কামনা কৰে।

কিন্তু এই পদক্ষেপ কিয় লোৱা হৈছে? বিশ্বৰ গভীৰতালৈ গৈ বেইজিঙে কি লাভ কৰিব?

চীনৰ বিশেষজ্ঞসকলে কয় যে এনে কামে ভূগৰ্ভস্থ ধাতু আৰু শক্তিৰ উৎসৰ বিষয়ে নতুন দিগন্ত মুকলি কৰিব পাৰে। ইয়াৰ জৰিয়তে বিভিন্ন খনিজ পদাৰ্থৰ সম্পদ চিনাক্ত কৰিব পৰা যাব।

কেৱল সেয়াই নহয়, এই প্ৰকল্পৰ জৰিয়তে প্ৰাকৃতিক দুৰ্যোগো আগতীয়াকৈ নিশ্চিত কৰিব পৰা যায়। ভূমিকম্প বা আগ্নেয়গিৰিৰ বিস্ফোৰণৰ সম্ভাৱনা জানিবলৈ চীনে এই প্ৰযুক্তিৰ উন্নতি সাধন কৰিব পাৰে।

অৱশ্যে চীনৰ এই ৩২ হাজাৰ ফুটৰ এই গাঁতটো বিশ্বৰ ভিতৰতে আটাইতকৈ গভীৰ নহয়। কাৰণ ৰাছিয়াইও এনেধৰণৰ পদক্ষেপ লৈছিল৷ ৰাছিয়াৰ ‘কোলা ছুপাৰডিপ ব’ৰহ’ল’ৰ গভীৰতা ১২,২৬২ মিটাৰ (৪০,২৩০ ফুট)। ১৯৮৯ চনত এই গাঁতৰ খনন সম্পূৰ্ণ হয়। গাঁতটো খান্দিবলৈ ২০ বছৰ সময় লাগিছিল৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস