--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩২ হাজাৰ ফুট দ এটা গাঁত! ইতিমধ্যে ইয়াৰ কাম আৰম্ভ কৰা হৈছে৷ জিনজিয়াং প্ৰদেশে উত্তৰ-পশ্চিম চীনৰ এক বৃহৎ অংশ সামৰি লৈছে। এই অঞ্চলত খনিজ তেল প্ৰচুৰ পৰিমাণে পোৱা যায়। তাতে এই দ গাঁতটো খান্দিবলৈ আৰম্ভ কৰিছে৷

মঙলবাৰৰ পৰা আৰম্ভ হৈছে জিনজিয়াঙত গাঁত খন্দাৰ অভিযান। এই প্ৰকল্পৰ জৰিয়তে ছি জিনপিঙৰ চৰকাৰে মহাকাশৰ লগতে পৃথিৱীৰ গভীৰতাতো প্ৰযুক্তিৰ ছাপ পেলাবলৈ ওলাইছে।

চীনৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি জিনজিয়াঙত যি গাঁত খান্দিছে সেয়া ১০ হাজাৰ মিটাৰ দ হ’ব। অৰ্থাৎ চীনে পৃথিৱীৰ খোলাত ৩২ হাজাৰ ৮০৮ ফুটৰ গাঁত খান্দিব।

বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতা ৮,৮৪৮ মিটাৰ (২৯,০৩০ ফুট)। তেনেস্থলত চীনৰ গাঁতটো সম্পূৰ্ণ হ’লে ই এভাৰেষ্টৰ উচ্চতাতকৈও গভীৰ হ’ব।

জিনজিয়াঙত গাঁত খন্দাৰ কাম আৰম্ভ হোৱাৰ দিনাই মহাকাশ অন্বেষণৰ ক্ষেত্ৰতো চীনে এক নতুন নজিৰ গঢ়ি তুলিছে। গোবি মৰুভূমিৰ পৰা প্ৰথমবাৰৰ বাবে অসামৰিক মহাকাশচাৰীক কঢ়িয়াই মহাকাশলৈ উৰা মাৰিছে চীনৰ এখন মহাকাশযান।

চীনে যিটো গাঁত খান্দিবলৈ আৰম্ভ কৰিছে, সেই গাঁতটোৱে কমেও ১০টা মহাদেশীয় স্তৰত সোমাই যাব। মহাদেশীয় খোলাটো আচলতে শিলৰ তৰপ।

এটা এটাকৈ মহাদেশীয় স্তৰটো ভেদ কৰি খোলাৰ একেবাৰে শেষ স্তৰত উপনীত হ’ব। বিশেষজ্ঞসকলৰ মতে প্ৰায় ১ কোটি ৪৫ লাখ বছৰ পুৰণি শিল সেই শেষ স্তৰটোত আছে।

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে ইয়াক পৃথিৱীৰ গভীৰতা অন্বেষণ অভিযান বুলি অভিহিত কৰে। ২০২১ চনত বৈজ্ঞানিক সন্মিলনলৈ গৈ এই প্ৰকল্পৰ জৰিয়তে দেশৰ অধিক উন্নতিৰ কামনা কৰে।

কিন্তু এই পদক্ষেপ কিয় লোৱা হৈছে? বিশ্বৰ গভীৰতালৈ গৈ বেইজিঙে কি লাভ কৰিব?

চীনৰ বিশেষজ্ঞসকলে কয় যে এনে কামে ভূগৰ্ভস্থ ধাতু আৰু শক্তিৰ উৎসৰ বিষয়ে নতুন দিগন্ত মুকলি কৰিব পাৰে। ইয়াৰ জৰিয়তে বিভিন্ন খনিজ পদাৰ্থৰ সম্পদ চিনাক্ত কৰিব পৰা যাব।

কেৱল সেয়াই নহয়, এই প্ৰকল্পৰ জৰিয়তে প্ৰাকৃতিক দুৰ্যোগো আগতীয়াকৈ নিশ্চিত কৰিব পৰা যায়। ভূমিকম্প বা আগ্নেয়গিৰিৰ বিস্ফোৰণৰ সম্ভাৱনা জানিবলৈ চীনে এই প্ৰযুক্তিৰ উন্নতি সাধন কৰিব পাৰে।

অৱশ্যে চীনৰ এই ৩২ হাজাৰ ফুটৰ এই গাঁতটো বিশ্বৰ ভিতৰতে আটাইতকৈ গভীৰ নহয়। কাৰণ ৰাছিয়াইও এনেধৰণৰ পদক্ষেপ লৈছিল৷ ৰাছিয়াৰ ‘কোলা ছুপাৰডিপ ব’ৰহ’ল’ৰ গভীৰতা ১২,২৬২ মিটাৰ (৪০,২৩০ ফুট)। ১৯৮৯ চনত এই গাঁতৰ খনন সম্পূৰ্ণ হয়। গাঁতটো খান্দিবলৈ ২০ বছৰ সময় লাগিছিল৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ