--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ চীনৰ বিজ্ঞানীসকলে দেশখনৰ আটাইতকৈ তেল সমৃদ্ধ অঞ্চল জিনজিয়াঙত দহ হাজাৰ মিটাৰ (৩২,৮০৮ ফুট) গভীৰতাত এটা গাঁত খনন আৰম্ভ কৰিছে। চীনৰ চৰকাৰী সংবাদ সংস্থা ছিনহুয়াই প্ৰকাশ কৰা অনুসৰি মঙলবাৰৰ পৰা জিনজিয়াঙত এতিয়ালৈকে হোৱা আটাইতকৈ গভীৰ ব’ৰহ’লৰ বাবে ড্ৰিলিং আৰম্ভ হৈছে। ইয়াৰ পূৰ্বে চীনে গোবি মৰুভূমিৰ পৰা প্ৰথম অসামৰিক মহাকাশ অভিযান আৰম্ভ কৰিছিল।

প্ৰতিবেদন অনুসৰি মাটিৰ ভিতৰৰ এই সংকীৰ্ণ খাদটোৱে ১০টাতকৈও অধিক মহাদেশীয় স্তৰ বা শিলৰ তৰপত ভেদ কৰি পৃথিৱীৰ খোলাৰ ক্ৰিটেচিয়াছ ব্যৱস্থাত উপনীত হ'ব বুলি বাতৰি প্ৰকাশ পাইছে। একে সময়তে চাইনিজ একাডেমী অৱ ইঞ্জিনিয়াৰিঙৰ বিজ্ঞানী ছান জিনচেঙে জিনহুয়াক কয় যে, “এই ড্ৰিলিং প্ৰকল্পৰ নিৰ্মাণৰ কঠিনতাক দুডাল পাতল তাৰত এখন ডাঙৰ ট্ৰাকৰ চলাৰ সৈতে তুলনা কৰিব পাৰি।”

উল্লেখযোগ্য যে ২০২১ চনত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে তেওঁৰ বিজ্ঞানীসকলক পৃথিৱীৰ ভিতৰত অনুসন্ধান কৰিবলৈ আহ্বান জনাইছিল। এই আৱিষ্কাৰৰ পৰা পোৱা তথ্যৰ সহায়ত প্ৰধান খনিজ আৰু শক্তি সম্পদ চিনাক্ত কৰিব পাৰি আৰু ভূমিকম্প আৰু আগ্নেয়গিৰিৰ বিস্ফোৰণৰ দৰে পৰিৱেশ দুৰ্যোগৰ আশংকা মূল্যায়ন কৰিব পাৰি।

অৰ্থাৎ এই খননে খনিজ আৰু শক্তি সম্পদ চিনাক্ত কৰিব পাৰিব আৰু পৰিৱেশ দুৰ্যোগ, যেনে ভূমিকম্প আৰু আগ্নেয়গিৰিৰ বিস্ফোৰণৰ আশংকা মূল্যায়ন কৰাত সহায় কৰিব পাৰে।

একে সময়তে যদি চীনৰ এই ব’ৰৱেলৰ কাম সফল হয়, তেন্তে ই হ’ব পাৰে পৃথিৱীৰ ভিতৰৰ দ্বিতীয়টো আটাইতকৈ গভীৰ মানৱসৃষ্ট গাঁত। প্ৰথমটো হ’ল ৰাছিয়াৰ ৰাছিয়াৰ কোলা ছুপাৰডিপ ব’ৰহ’ল, যিটো ২০ বছৰ ধৰি ড্ৰিলিঙৰ পিছত ১৯৮৯ চনত ১২,২৬২ মিটাৰ (৪০,২৩০ ফুট) পৰ্যন্ত হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ