--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ চীনৰ বিজ্ঞানীসকলে দেশখনৰ আটাইতকৈ তেল সমৃদ্ধ অঞ্চল জিনজিয়াঙত দহ হাজাৰ মিটাৰ (৩২,৮০৮ ফুট) গভীৰতাত এটা গাঁত খনন আৰম্ভ কৰিছে। চীনৰ চৰকাৰী সংবাদ সংস্থা ছিনহুয়াই প্ৰকাশ কৰা অনুসৰি মঙলবাৰৰ পৰা জিনজিয়াঙত এতিয়ালৈকে হোৱা আটাইতকৈ গভীৰ ব’ৰহ’লৰ বাবে ড্ৰিলিং আৰম্ভ হৈছে। ইয়াৰ পূৰ্বে চীনে গোবি মৰুভূমিৰ পৰা প্ৰথম অসামৰিক মহাকাশ অভিযান আৰম্ভ কৰিছিল।

প্ৰতিবেদন অনুসৰি মাটিৰ ভিতৰৰ এই সংকীৰ্ণ খাদটোৱে ১০টাতকৈও অধিক মহাদেশীয় স্তৰ বা শিলৰ তৰপত ভেদ কৰি পৃথিৱীৰ খোলাৰ ক্ৰিটেচিয়াছ ব্যৱস্থাত উপনীত হ'ব বুলি বাতৰি প্ৰকাশ পাইছে। একে সময়তে চাইনিজ একাডেমী অৱ ইঞ্জিনিয়াৰিঙৰ বিজ্ঞানী ছান জিনচেঙে জিনহুয়াক কয় যে, “এই ড্ৰিলিং প্ৰকল্পৰ নিৰ্মাণৰ কঠিনতাক দুডাল পাতল তাৰত এখন ডাঙৰ ট্ৰাকৰ চলাৰ সৈতে তুলনা কৰিব পাৰি।”

উল্লেখযোগ্য যে ২০২১ চনত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে তেওঁৰ বিজ্ঞানীসকলক পৃথিৱীৰ ভিতৰত অনুসন্ধান কৰিবলৈ আহ্বান জনাইছিল। এই আৱিষ্কাৰৰ পৰা পোৱা তথ্যৰ সহায়ত প্ৰধান খনিজ আৰু শক্তি সম্পদ চিনাক্ত কৰিব পাৰি আৰু ভূমিকম্প আৰু আগ্নেয়গিৰিৰ বিস্ফোৰণৰ দৰে পৰিৱেশ দুৰ্যোগৰ আশংকা মূল্যায়ন কৰিব পাৰি।

অৰ্থাৎ এই খননে খনিজ আৰু শক্তি সম্পদ চিনাক্ত কৰিব পাৰিব আৰু পৰিৱেশ দুৰ্যোগ, যেনে ভূমিকম্প আৰু আগ্নেয়গিৰিৰ বিস্ফোৰণৰ আশংকা মূল্যায়ন কৰাত সহায় কৰিব পাৰে।

একে সময়তে যদি চীনৰ এই ব’ৰৱেলৰ কাম সফল হয়, তেন্তে ই হ’ব পাৰে পৃথিৱীৰ ভিতৰৰ দ্বিতীয়টো আটাইতকৈ গভীৰ মানৱসৃষ্ট গাঁত। প্ৰথমটো হ’ল ৰাছিয়াৰ ৰাছিয়াৰ কোলা ছুপাৰডিপ ব’ৰহ’ল, যিটো ২০ বছৰ ধৰি ড্ৰিলিঙৰ পিছত ১৯৮৯ চনত ১২,২৬২ মিটাৰ (৪০,২৩০ ফুট) পৰ্যন্ত হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস