--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বৰ আটাইতকৈ শক্তিধৰ দেশ হিচাবে পৰিচিত আমেৰিকাৰ প্ৰাক্তন   ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘৰত চলিল তালাচী৷ মাৰ্কিন তদন্তকাৰী সংস্থা এইবিআই-এ ট্ৰামৰ ঘৰত তালাচী চলোৱাৰ কথা নিজেই প্ৰকাশ কৰিছে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে৷এটা বিবৃতিত এইটো কৈছিল  ট্ৰাম্পে  কয় যে এফবিআইয়ে ফ্লৰিডাৰ পাম বীচত থকা তেওঁৰ ৰিজৰ্টত তালাচী চলাইছে। অৱশ্যে, এই তালাচীৰ বিষয়ে এফবিআইৰ তৰফৰ পৰা  পৰা কোনো মন্তব্য কৰা হোৱা নাই। 

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ট্ৰাম্পে   ৰাষ্ট্ৰপতি হৈ থকাৰ সময়তে  কিছুমান গুৰুত্বপূৰ্ণ নথিপত্ৰ পাম বীচৰ এটা ৰিজৰ্টলৈ স্থানান্তৰ কৰিছিল।ব্যৱসায়ত কৰ ফাঁকি দিয়াৰ অভিযোগত ট্ৰাম্পৰ বিৰুদ্ধে  ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে। বিশ্বৰ বিভিন্ন দেশত ব্যৱসায়ৰ বিশাল সাম্ৰাজ্য থকা ট্ৰামে কৰ ফাঁকি দিয়াৰ অভিযোগ আজিৰ নহয়৷ তেওঁৰ বিৰুদ্ধে বহু দিনৰে পৰাই এই অভিযোগ উঠি আহিছে৷  বিবৃতিটোত  ট্ৰাম্পে কয়, "এফবিআই এজেণ্টৰ এটা দলে মোৰ ঘৰলৈ আহিছিল। এফবিআইৰ এজেণ্টসকলে ঘৰটোত তালাচী  চলোৱাৰ  পিছত ঘৰটো  জব্দ কৰিব বিচাৰিছিল"।  অৱশ্যে ট্ৰাম্পে তেওঁৰ ঘৰত তালাচীৰ  সঠিক কাৰণ সম্পৰ্কে কোনো মন্তব্য কৰা নাই।

ট্ৰাম্পে তালাচীৰ ঘটনাটোত ক্ষোভ প্ৰকাশ কৰি কয়   "মই ইমান দিন ধৰি চৰকাৰী কাৰ্যালয়ত কাম কৰিছো আৰু সকলোকে সহায় কৰিছো। তাৰ বিনিময়ত জাননী অবিহনে মোৰ ঘৰত অভিযান চলোৱাৰ  কোনো প্ৰয়োজন নাছিল। " ট্ৰাম্পে বিবৃতিত এইবুলিও কৈছে যে  তৃতীয় বিশ্বৰ দেশসমূহত  এনেদৰে আগতীয়াকৈ অৱগত নকৰাকৈ তালাচী চলাই থকা হৈছে । আমেৰিকা এতিয়া সেই স্তৰলৈ নামি গ’ল বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে৷ ট্ৰাম্পে দাবী কৰিছে যে তেওঁক দমন কৰাৰ সকলো প্ৰচেষ্টা বিফল হ'ব। তৃতীয় বিশ্বৰ দেশ বুলি কৈ ট্ৰাম্পে ভাৰত নে আন দেশক বুজাব বিচাৰিছে সেয়া স্পষ্ট হোৱা নাই৷ ট্ৰাম্পে লগতে এইবুলি অভিযোগ কৰিছে যে  তেওঁৰ বিৰোধী শক্তিয়ে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছে, যাতে তেওঁ ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ সংস্থা সমূহৰ মতে এফবিআইৰ অভিযানৰ সময়ত ট্ৰাম্প পাম বীচ ৰিজৰ্টত উপস্থিত নাছিল। এফবিআইয়ে ট্ৰাম্পৰ ৰিজৰ্টত যাৱতীয় অনুমতি হৈহে প্ৰৱেশ কৰা বুলি জানিব পৰা গৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক