--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বৰ আটাইতকৈ শক্তিধৰ দেশ হিচাবে পৰিচিত আমেৰিকাৰ প্ৰাক্তন   ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘৰত চলিল তালাচী৷ মাৰ্কিন তদন্তকাৰী সংস্থা এইবিআই-এ ট্ৰামৰ ঘৰত তালাচী চলোৱাৰ কথা নিজেই প্ৰকাশ কৰিছে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে৷এটা বিবৃতিত এইটো কৈছিল  ট্ৰাম্পে  কয় যে এফবিআইয়ে ফ্লৰিডাৰ পাম বীচত থকা তেওঁৰ ৰিজৰ্টত তালাচী চলাইছে। অৱশ্যে, এই তালাচীৰ বিষয়ে এফবিআইৰ তৰফৰ পৰা  পৰা কোনো মন্তব্য কৰা হোৱা নাই। 

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ট্ৰাম্পে   ৰাষ্ট্ৰপতি হৈ থকাৰ সময়তে  কিছুমান গুৰুত্বপূৰ্ণ নথিপত্ৰ পাম বীচৰ এটা ৰিজৰ্টলৈ স্থানান্তৰ কৰিছিল।ব্যৱসায়ত কৰ ফাঁকি দিয়াৰ অভিযোগত ট্ৰাম্পৰ বিৰুদ্ধে  ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে। বিশ্বৰ বিভিন্ন দেশত ব্যৱসায়ৰ বিশাল সাম্ৰাজ্য থকা ট্ৰামে কৰ ফাঁকি দিয়াৰ অভিযোগ আজিৰ নহয়৷ তেওঁৰ বিৰুদ্ধে বহু দিনৰে পৰাই এই অভিযোগ উঠি আহিছে৷  বিবৃতিটোত  ট্ৰাম্পে কয়, "এফবিআই এজেণ্টৰ এটা দলে মোৰ ঘৰলৈ আহিছিল। এফবিআইৰ এজেণ্টসকলে ঘৰটোত তালাচী  চলোৱাৰ  পিছত ঘৰটো  জব্দ কৰিব বিচাৰিছিল"।  অৱশ্যে ট্ৰাম্পে তেওঁৰ ঘৰত তালাচীৰ  সঠিক কাৰণ সম্পৰ্কে কোনো মন্তব্য কৰা নাই।

ট্ৰাম্পে তালাচীৰ ঘটনাটোত ক্ষোভ প্ৰকাশ কৰি কয়   "মই ইমান দিন ধৰি চৰকাৰী কাৰ্যালয়ত কাম কৰিছো আৰু সকলোকে সহায় কৰিছো। তাৰ বিনিময়ত জাননী অবিহনে মোৰ ঘৰত অভিযান চলোৱাৰ  কোনো প্ৰয়োজন নাছিল। " ট্ৰাম্পে বিবৃতিত এইবুলিও কৈছে যে  তৃতীয় বিশ্বৰ দেশসমূহত  এনেদৰে আগতীয়াকৈ অৱগত নকৰাকৈ তালাচী চলাই থকা হৈছে । আমেৰিকা এতিয়া সেই স্তৰলৈ নামি গ’ল বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে৷ ট্ৰাম্পে দাবী কৰিছে যে তেওঁক দমন কৰাৰ সকলো প্ৰচেষ্টা বিফল হ'ব। তৃতীয় বিশ্বৰ দেশ বুলি কৈ ট্ৰাম্পে ভাৰত নে আন দেশক বুজাব বিচাৰিছে সেয়া স্পষ্ট হোৱা নাই৷ ট্ৰাম্পে লগতে এইবুলি অভিযোগ কৰিছে যে  তেওঁৰ বিৰোধী শক্তিয়ে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছে, যাতে তেওঁ ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ সংস্থা সমূহৰ মতে এফবিআইৰ অভিযানৰ সময়ত ট্ৰাম্প পাম বীচ ৰিজৰ্টত উপস্থিত নাছিল। এফবিআইয়ে ট্ৰাম্পৰ ৰিজৰ্টত যাৱতীয় অনুমতি হৈহে প্ৰৱেশ কৰা বুলি জানিব পৰা গৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু