--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনত পুনৰ বৃদ্ধি পাইছে ধৰ্মীয় অসহিষ্ণুতা৷চীনৰ ইউনান প্ৰদেশৰ নাগু অঞ্চলত থকা চতুৰ্দশ শতিকাৰ মছজিদৰ গম্বুজ আৰু মিনাৰ ভাঙি পেলোৱাৰ চেষ্টাৰ বিৰুদ্ধে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ হয়। কৰ্তৃপক্ষই নাজিয়ায়িং মছজিদৰ কিছু অংশ ভাঙি পেলাবলৈ চেষ্টা চলোৱাৰ প্ৰতিক্ৰিয়া স্বৰূপে শনিবাৰে চীনত এই অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হয়।

২০২০ চনত চীনৰ আদালতে ৰায় দিছিল যে মছজিদত গম্বুজযুক্ত চাল আৰু মিনাৰ সংযোজন কৰাটো অবৈধ আৰু ইয়াক আঁতৰাই পেলাব লাগে। এই সিদ্ধান্তৰ পিছত যোৱা সপ্তাহত যেতিয়া মছজিদৰ ওপৰৰ অংশ ভাঙি পেলোৱাৰ কাম আৰম্ভ হৈছিল তেতিয়া নগুৰৰ স্থানীয় ৰাইজে আপত্তি দাঙি ধৰিছিল। আপত্তি উত্থাপন কৰা এই আটাইকেইজন লোক মুছলমান সংখ্যালঘু গোষ্ঠীৰ আছিল। উল্লেখ্য যে যোৱা কেইবছৰমানৰ পৰা চীনত নাজীয়িং মছজিদ নিৰ্মাণৰ কাম কৰা হৈছে। এই সময়ছোৱাতে নতুন মিনাৰ আৰু গম্বুজ নিৰ্মাণ কৰা হৈছিল।

তদুপৰি চীনত মছজিদ ভাঙি পেলোৱাটো নতুন কথা নহয়। চীনে জিনজিয়াঙৰ মছজিদ আৰু বহুতো বিখ্যাত তীৰ্থস্থান অহৰহ বন্ধ কৰাই নহয় বৰঞ্চ সম্পূৰ্ণৰূপে ভাঙি পেলাইছে। এই স্থানসমূহ বন্ধ আৰু মচি পেলোৱাটো চীনৰ এক বৃহৎ অভিযানৰ অংশ, যাৰ লক্ষ্য হৈছে উইঘোৰ, কাজাখ আৰু অন্যান্য মধ্য এছিয়াৰ মুছলমান গোষ্ঠীৰ সদস্যসকলক কমিউনিষ্ট পাৰ্টিৰ নিষ্ঠাবান অনুগামীলৈ ৰূপান্তৰিত কৰা।

থিংক টেংক অষ্ট্ৰেলিয়ান ষ্ট্ৰেটেজিক পলিচি ইনষ্টিটিউটৰ মতে জিনজিয়াঙত ২৪ হাজাৰতকৈ অধিক মছজিদ আছিল, এতিয়া ইয়াত মাত্ৰ ৩০০০ টা মছজিদহে বাকী আছে। প্ৰতিবেদনত কোৱা হৈছে যে ২০১৭ চনৰ পৰা ৩০% মছজিদ ভাঙি পেলোৱা হৈছে, আৰু ৩০% মছজিদ কোনোবা নহয় কোনোবা প্ৰকাৰে ক্ষতিগ্ৰস্ত হৈছে। এনে বহু মছজিদৰ গম্বুজ আৰু মিনাৰ বিশেষভাৱে আঁতৰাই পেলোৱা হৈছিল। প্ৰতিবেদনত কোৱা হৈছে যে মছজিদসমূহ ভাঙি পেলোৱাৰ পিছতো বহু খালী ঠাই এতিয়াও ধ্বংসাৱশেষ হৈয়ে আছে। কিছুমানক পথ আৰু গাড়ী পাৰ্কলৈ ৰূপান্তৰিত কৰা হৈছে বা কৃষিৰ বাবে ব্যৱহাৰ কৰা হৈছে। মাত্ৰ তিনি বছৰৰ ভিতৰতে জিনজিয়াঙৰ হাজাৰ হাজাৰ মছজিদ ক্ষতিগ্ৰস্ত হৈছে বা সম্পূৰ্ণৰূপে ধ্বংস হৈছে।

চীনত বহুতো ধৰ্মীয় আৰু আধ্যাত্মিক গোটক "হেটেৰ'ডক্স কাল্ট" বুলি কোৱা হয়। এই ধৰ্মীয় গোষ্ঠীসমূহৰ ওপৰত নিয়মীয়াকৈ চৰকাৰী দমন ভোগে। দল-ৰাষ্ট্ৰই এই আধাৰত ১২টাতকৈও অধিক এনেধৰ্মক নিষিদ্ধ কৰিছে। চৰকাৰৰ মতে এই ধৰ্ম ব্যৱহাৰ কৰি মানুহে বিপথে পৰিচালিত কৰে। এই লোকসকলে দেশৰ বিশিষ্ট সদস্যসকলক অপমান কৰে। সকলো কথাতে নিজৰ ইচ্ছামতে চলাব বিচাৰে। চৰকাৰে কয় যে দেশৰ বহু ধৰ্মই অন্ধবিশ্বাসৰ ধাৰণাক প্ৰচাৰ কৰি আছে।

চীনে বিগত সময়চোৱাত নিৰবিচ্ছিন্নভাৱে প্ৰকাশ কৰিছিল নিষিদ্ধ ধৰ্মীয় গোটৰ তালিকা। ১৯৯৫, ২০০০, ২০১৪ আৰু পুনৰ ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত এই তালিকা প্ৰকাশ পাইছিল। এতিয়ালৈকে চীনত ১২টাতকৈও অধিক ধৰ্ম বা ধৰ্মীয় গোট নিষিদ্ধ কৰা হৈছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ