--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনত পুনৰ বৃদ্ধি পাইছে ধৰ্মীয় অসহিষ্ণুতা৷চীনৰ ইউনান প্ৰদেশৰ নাগু অঞ্চলত থকা চতুৰ্দশ শতিকাৰ মছজিদৰ গম্বুজ আৰু মিনাৰ ভাঙি পেলোৱাৰ চেষ্টাৰ বিৰুদ্ধে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ হয়। কৰ্তৃপক্ষই নাজিয়ায়িং মছজিদৰ কিছু অংশ ভাঙি পেলাবলৈ চেষ্টা চলোৱাৰ প্ৰতিক্ৰিয়া স্বৰূপে শনিবাৰে চীনত এই অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হয়।

২০২০ চনত চীনৰ আদালতে ৰায় দিছিল যে মছজিদত গম্বুজযুক্ত চাল আৰু মিনাৰ সংযোজন কৰাটো অবৈধ আৰু ইয়াক আঁতৰাই পেলাব লাগে। এই সিদ্ধান্তৰ পিছত যোৱা সপ্তাহত যেতিয়া মছজিদৰ ওপৰৰ অংশ ভাঙি পেলোৱাৰ কাম আৰম্ভ হৈছিল তেতিয়া নগুৰৰ স্থানীয় ৰাইজে আপত্তি দাঙি ধৰিছিল। আপত্তি উত্থাপন কৰা এই আটাইকেইজন লোক মুছলমান সংখ্যালঘু গোষ্ঠীৰ আছিল। উল্লেখ্য যে যোৱা কেইবছৰমানৰ পৰা চীনত নাজীয়িং মছজিদ নিৰ্মাণৰ কাম কৰা হৈছে। এই সময়ছোৱাতে নতুন মিনাৰ আৰু গম্বুজ নিৰ্মাণ কৰা হৈছিল।

তদুপৰি চীনত মছজিদ ভাঙি পেলোৱাটো নতুন কথা নহয়। চীনে জিনজিয়াঙৰ মছজিদ আৰু বহুতো বিখ্যাত তীৰ্থস্থান অহৰহ বন্ধ কৰাই নহয় বৰঞ্চ সম্পূৰ্ণৰূপে ভাঙি পেলাইছে। এই স্থানসমূহ বন্ধ আৰু মচি পেলোৱাটো চীনৰ এক বৃহৎ অভিযানৰ অংশ, যাৰ লক্ষ্য হৈছে উইঘোৰ, কাজাখ আৰু অন্যান্য মধ্য এছিয়াৰ মুছলমান গোষ্ঠীৰ সদস্যসকলক কমিউনিষ্ট পাৰ্টিৰ নিষ্ঠাবান অনুগামীলৈ ৰূপান্তৰিত কৰা।

থিংক টেংক অষ্ট্ৰেলিয়ান ষ্ট্ৰেটেজিক পলিচি ইনষ্টিটিউটৰ মতে জিনজিয়াঙত ২৪ হাজাৰতকৈ অধিক মছজিদ আছিল, এতিয়া ইয়াত মাত্ৰ ৩০০০ টা মছজিদহে বাকী আছে। প্ৰতিবেদনত কোৱা হৈছে যে ২০১৭ চনৰ পৰা ৩০% মছজিদ ভাঙি পেলোৱা হৈছে, আৰু ৩০% মছজিদ কোনোবা নহয় কোনোবা প্ৰকাৰে ক্ষতিগ্ৰস্ত হৈছে। এনে বহু মছজিদৰ গম্বুজ আৰু মিনাৰ বিশেষভাৱে আঁতৰাই পেলোৱা হৈছিল। প্ৰতিবেদনত কোৱা হৈছে যে মছজিদসমূহ ভাঙি পেলোৱাৰ পিছতো বহু খালী ঠাই এতিয়াও ধ্বংসাৱশেষ হৈয়ে আছে। কিছুমানক পথ আৰু গাড়ী পাৰ্কলৈ ৰূপান্তৰিত কৰা হৈছে বা কৃষিৰ বাবে ব্যৱহাৰ কৰা হৈছে। মাত্ৰ তিনি বছৰৰ ভিতৰতে জিনজিয়াঙৰ হাজাৰ হাজাৰ মছজিদ ক্ষতিগ্ৰস্ত হৈছে বা সম্পূৰ্ণৰূপে ধ্বংস হৈছে।

চীনত বহুতো ধৰ্মীয় আৰু আধ্যাত্মিক গোটক "হেটেৰ'ডক্স কাল্ট" বুলি কোৱা হয়। এই ধৰ্মীয় গোষ্ঠীসমূহৰ ওপৰত নিয়মীয়াকৈ চৰকাৰী দমন ভোগে। দল-ৰাষ্ট্ৰই এই আধাৰত ১২টাতকৈও অধিক এনেধৰ্মক নিষিদ্ধ কৰিছে। চৰকাৰৰ মতে এই ধৰ্ম ব্যৱহাৰ কৰি মানুহে বিপথে পৰিচালিত কৰে। এই লোকসকলে দেশৰ বিশিষ্ট সদস্যসকলক অপমান কৰে। সকলো কথাতে নিজৰ ইচ্ছামতে চলাব বিচাৰে। চৰকাৰে কয় যে দেশৰ বহু ধৰ্মই অন্ধবিশ্বাসৰ ধাৰণাক প্ৰচাৰ কৰি আছে।

চীনে বিগত সময়চোৱাত নিৰবিচ্ছিন্নভাৱে প্ৰকাশ কৰিছিল নিষিদ্ধ ধৰ্মীয় গোটৰ তালিকা। ১৯৯৫, ২০০০, ২০১৪ আৰু পুনৰ ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত এই তালিকা প্ৰকাশ পাইছিল। এতিয়ালৈকে চীনত ১২টাতকৈও অধিক ধৰ্ম বা ধৰ্মীয় গোট নিষিদ্ধ কৰা হৈছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement