--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদৰ সদস্য হৈয়ো নিজৰ দায়িত্ব পাহৰি নোযোৱা এগৰাকী মাতৃ৷এইক্ষেত্ৰত দৃষ্টি আকৰ্ষণ কৰিছে বিশ্বৰ এগৰাকী ৰাজনীতিবিদে৷বুধবাৰে ইটালীৰ প্ৰথমগৰাকী ৰাজনীতিবিদ হিচাপে পৰিগণিত হয় গিল্ডা স্প’ৰ্টিয়েলো, যিয়ে নিম্ন সদনত নিজৰ নৱজাতক শিশুক স্তনপান কৰাইছিল। গিল্ডা স্প’ৰ্টিয়েলোৱে নিজৰ কেঁচুৱা সন্তানটোৰ সৈতে উচ্চসদনত বহি ৰাজহুৱা প্ৰশাসনৰ ওপৰত ভোটদানত অংশ লৈছিল আৰু তাৰ মাজতে  তেওঁ সন্তানটিক স্তনপান কৰাবলৈ আৰম্ভ কৰিছিল, যাৰ ফলত সহযোগী সদস্যসকলৰ হাতচাপৰিৰ গুঞ্জন সদনৰ ভিতৰে বাহিৰে শুনিবলৈ পোৱা গৈছিল৷

পৰম্পৰাগতভাৱে পুৰুষ প্ৰধান ইটালীৰ ভাৰপ্ৰাপ্ত নিম্ন সদনৰ অধ্যক্ষগৰাকীয়ে এই ঘটনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল বুলি সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰিছে।বাতৰি অনুসৰি অধ্যক্ষগৰাকী সেই একেজন সাংসদ যিয়ে সংসদীয় অধিৱেশনৰ সময়ত মহিলাসকলক নিজৰ কেঁচুৱাক স্তনপান কৰোৱাৰ অনুমতি দিব পৰাকৈ এটা নিয়মৰ বাবে যুঁজিছিল।

লা ৰিপাব্লিকাই দৈনিক কাকতে স্প’ৰ্টিয়েলোৰ উদ্ধৃতিৰে কয় যে তেওঁৰ অগ্ৰণী কাৰ্য্যই ইটালীৰ সকলো কৰ্মক্ষেত্ৰকে অনুপ্ৰাণিত কৰিব যাতে কৰ্মৰত মাতৃসকলে চাকৰিৰ সময়ত ইচ্ছা কৰিলে তেওঁলোকৰ কেঁচুৱাক স্তনপান কৰাব পাৰে৷

যোৱা বছৰ সংসদীয় নিয়মৰ পেনেলে মহিলা সাংসদসকলক নিজৰ সন্তানৰ সৈতে চেম্বাৰত প্ৰৱেশ কৰি এবছৰ বয়সলৈকে স্তনপান কৰোৱাৰ অনুমতি দিছিল।উল্লেখযোগ্য যে অক্টোবৰ মাহত ইটালীৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল জৰ্জিয়া মেল’নিয়ে। অৱশ্যে দেশৰ দুই তৃতীয়াংশ সাংসদ পুৰুষ। তেৰ বছৰ পূৰ্বে ষ্ট্ৰাছবাৰ্গত ইউৰোপীয় সংসদত এতিয়া কেন্দ্ৰীয় সোঁপন্থী ফৰ্জা ইটালিয়া দলৰ চিনেটৰ লিচিয়া ৰনজুলিয়ে নিজৰ কন্যাক স্তনপান কৰাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস