--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদৰ সদস্য হৈয়ো নিজৰ দায়িত্ব পাহৰি নোযোৱা এগৰাকী মাতৃ৷এইক্ষেত্ৰত দৃষ্টি আকৰ্ষণ কৰিছে বিশ্বৰ এগৰাকী ৰাজনীতিবিদে৷বুধবাৰে ইটালীৰ প্ৰথমগৰাকী ৰাজনীতিবিদ হিচাপে পৰিগণিত হয় গিল্ডা স্প’ৰ্টিয়েলো, যিয়ে নিম্ন সদনত নিজৰ নৱজাতক শিশুক স্তনপান কৰাইছিল। গিল্ডা স্প’ৰ্টিয়েলোৱে নিজৰ কেঁচুৱা সন্তানটোৰ সৈতে উচ্চসদনত বহি ৰাজহুৱা প্ৰশাসনৰ ওপৰত ভোটদানত অংশ লৈছিল আৰু তাৰ মাজতে  তেওঁ সন্তানটিক স্তনপান কৰাবলৈ আৰম্ভ কৰিছিল, যাৰ ফলত সহযোগী সদস্যসকলৰ হাতচাপৰিৰ গুঞ্জন সদনৰ ভিতৰে বাহিৰে শুনিবলৈ পোৱা গৈছিল৷

পৰম্পৰাগতভাৱে পুৰুষ প্ৰধান ইটালীৰ ভাৰপ্ৰাপ্ত নিম্ন সদনৰ অধ্যক্ষগৰাকীয়ে এই ঘটনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল বুলি সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰিছে।বাতৰি অনুসৰি অধ্যক্ষগৰাকী সেই একেজন সাংসদ যিয়ে সংসদীয় অধিৱেশনৰ সময়ত মহিলাসকলক নিজৰ কেঁচুৱাক স্তনপান কৰোৱাৰ অনুমতি দিব পৰাকৈ এটা নিয়মৰ বাবে যুঁজিছিল।

লা ৰিপাব্লিকাই দৈনিক কাকতে স্প’ৰ্টিয়েলোৰ উদ্ধৃতিৰে কয় যে তেওঁৰ অগ্ৰণী কাৰ্য্যই ইটালীৰ সকলো কৰ্মক্ষেত্ৰকে অনুপ্ৰাণিত কৰিব যাতে কৰ্মৰত মাতৃসকলে চাকৰিৰ সময়ত ইচ্ছা কৰিলে তেওঁলোকৰ কেঁচুৱাক স্তনপান কৰাব পাৰে৷

যোৱা বছৰ সংসদীয় নিয়মৰ পেনেলে মহিলা সাংসদসকলক নিজৰ সন্তানৰ সৈতে চেম্বাৰত প্ৰৱেশ কৰি এবছৰ বয়সলৈকে স্তনপান কৰোৱাৰ অনুমতি দিছিল।উল্লেখযোগ্য যে অক্টোবৰ মাহত ইটালীৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল জৰ্জিয়া মেল’নিয়ে। অৱশ্যে দেশৰ দুই তৃতীয়াংশ সাংসদ পুৰুষ। তেৰ বছৰ পূৰ্বে ষ্ট্ৰাছবাৰ্গত ইউৰোপীয় সংসদত এতিয়া কেন্দ্ৰীয় সোঁপন্থী ফৰ্জা ইটালিয়া দলৰ চিনেটৰ লিচিয়া ৰনজুলিয়ে নিজৰ কন্যাক স্তনপান কৰাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ