--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মাহত পুনৰ আমেৰিকা ভ্ৰমণ কৰিব। এতিয়ালৈকে মোদীয়ে মুঠ ৭ বাৰ আমেৰিকালৈ গৈছে যদিও ২১ৰ পৰা ২৪ জুনৰ ভিতৰত তেওঁ প্ৰথমবাৰৰ বাবে আনুষ্ঠানিক আমেৰিকা ভ্ৰমণ কৰিব। উল্লেখযোগ্য যে এই ভ্ৰমণ সন্দৰ্ভত বহু দিন আগৰ পৰাই ৰাজনৈতিক মহলত আলোচনা আৰম্ভ হৈছিল।

পিএমঅ’ পৰ্টেলৰ মতে, প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ কাৰ্যকালৰ ৯ বছৰত ৮মবাৰৰ বাবে আমেৰিকা ভ্ৰমণ কৰিবলৈ ওলাইছে, আৰু এয়া হ’ব তেওঁৰ প্ৰথম আনুষ্ঠানিক ৰাষ্ট্ৰীয় ভ্ৰমণ। এই ভ্ৰমণৰ মাজতে মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। আমেৰিকাই মোদীৰ পূৰ্বে ২০০৯ চনত প্ৰধানমন্ত্ৰী মনমোহন সিঙক এই সন্মান প্ৰদান কৰিছিল। বৈদেশিক পৰিক্ৰমা বিশেষজ্ঞসকলে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ আগন্তুক আমেৰিকা ভ্ৰমণ অতি বিশেষ হ’ব, কাৰণ সেই সময়ছোৱাত দুয়োখন দেশতে বহু গুৰুত্বপূৰ্ণ চুক্তি সম্পাদন কৰিব। আমেৰিকা আৰু ভাৰতৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ বাবেও নতুন চুক্তি হ’ব পাৰে বুলি বহুতে উল্লেখ কৰিছে।

উল্লেখযোগ্য যে আমেৰিকাত ৰাষ্ট্ৰীয় ভ্ৰমণ কৰা যিকোনো দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি বা ৰজাক ‘ৰাজকীয় ভাৱে ৰাতিৰ আহাৰ’ দিয়া হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণত চলিত বৰ্ষত আমেৰিকাৰ ‘ৰাজকীয় ৰাতিৰ আহাৰ’ প্ৰদান কৰা কেইজনমান নেতাৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদী অন্যতম। কোনো এখন দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি বা ৰজাই যেতিয়া আন দেশলৈ আনুষ্ঠানিক ভ্ৰমণ কৰে, তেতিয়া তাক ৰাজকীয় ভ্ৰমণ বুলি কোৱা হয়। কিন্তু ভাৰতৰ বাবে গৌৰৱৰ বিষয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ৪ বছৰীয়া কাৰ্যকালত এজন নেতাইহে এনে নিমন্ত্ৰণ লাভ কৰিব পাৰে, যিটো প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰিছে।

আমেৰিকা চৰকাৰে প্ৰধানমন্ত্ৰী মোদীক আতিথ্য প্ৰদান কৰিব, আৰু যিহেতু এনে ভ্ৰমণৰ সকলো খৰচ আয়োজক দেশখনে বহন কৰে, সেয়েহে এই সময়ছোৱাত এই ধন আমেৰিকাই ব্যয় কৰিব।এই ভ্ৰমণকালতে দুয়োখন দেশৰ ৰাষ্ট্ৰীয় সংগীত বজাব মিলিটাৰী বেণ্ডে।এই অনুষ্ঠানতে দুয়োখন দেশৰ মুৰব্বীৰ মাজত উপহাৰৰ আদান-প্ৰদান হ’ব বুলিও জানিব পৰা গৈছে ৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস