--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মাহত পুনৰ আমেৰিকা ভ্ৰমণ কৰিব। এতিয়ালৈকে মোদীয়ে মুঠ ৭ বাৰ আমেৰিকালৈ গৈছে যদিও ২১ৰ পৰা ২৪ জুনৰ ভিতৰত তেওঁ প্ৰথমবাৰৰ বাবে আনুষ্ঠানিক আমেৰিকা ভ্ৰমণ কৰিব। উল্লেখযোগ্য যে এই ভ্ৰমণ সন্দৰ্ভত বহু দিন আগৰ পৰাই ৰাজনৈতিক মহলত আলোচনা আৰম্ভ হৈছিল।

পিএমঅ’ পৰ্টেলৰ মতে, প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ কাৰ্যকালৰ ৯ বছৰত ৮মবাৰৰ বাবে আমেৰিকা ভ্ৰমণ কৰিবলৈ ওলাইছে, আৰু এয়া হ’ব তেওঁৰ প্ৰথম আনুষ্ঠানিক ৰাষ্ট্ৰীয় ভ্ৰমণ। এই ভ্ৰমণৰ মাজতে মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। আমেৰিকাই মোদীৰ পূৰ্বে ২০০৯ চনত প্ৰধানমন্ত্ৰী মনমোহন সিঙক এই সন্মান প্ৰদান কৰিছিল। বৈদেশিক পৰিক্ৰমা বিশেষজ্ঞসকলে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ আগন্তুক আমেৰিকা ভ্ৰমণ অতি বিশেষ হ’ব, কাৰণ সেই সময়ছোৱাত দুয়োখন দেশতে বহু গুৰুত্বপূৰ্ণ চুক্তি সম্পাদন কৰিব। আমেৰিকা আৰু ভাৰতৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ বাবেও নতুন চুক্তি হ’ব পাৰে বুলি বহুতে উল্লেখ কৰিছে।

উল্লেখযোগ্য যে আমেৰিকাত ৰাষ্ট্ৰীয় ভ্ৰমণ কৰা যিকোনো দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি বা ৰজাক ‘ৰাজকীয় ভাৱে ৰাতিৰ আহাৰ’ দিয়া হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণত চলিত বৰ্ষত আমেৰিকাৰ ‘ৰাজকীয় ৰাতিৰ আহাৰ’ প্ৰদান কৰা কেইজনমান নেতাৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদী অন্যতম। কোনো এখন দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি বা ৰজাই যেতিয়া আন দেশলৈ আনুষ্ঠানিক ভ্ৰমণ কৰে, তেতিয়া তাক ৰাজকীয় ভ্ৰমণ বুলি কোৱা হয়। কিন্তু ভাৰতৰ বাবে গৌৰৱৰ বিষয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ৪ বছৰীয়া কাৰ্যকালত এজন নেতাইহে এনে নিমন্ত্ৰণ লাভ কৰিব পাৰে, যিটো প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰিছে।

আমেৰিকা চৰকাৰে প্ৰধানমন্ত্ৰী মোদীক আতিথ্য প্ৰদান কৰিব, আৰু যিহেতু এনে ভ্ৰমণৰ সকলো খৰচ আয়োজক দেশখনে বহন কৰে, সেয়েহে এই সময়ছোৱাত এই ধন আমেৰিকাই ব্যয় কৰিব।এই ভ্ৰমণকালতে দুয়োখন দেশৰ ৰাষ্ট্ৰীয় সংগীত বজাব মিলিটাৰী বেণ্ডে।এই অনুষ্ঠানতে দুয়োখন দেশৰ মুৰব্বীৰ মাজত উপহাৰৰ আদান-প্ৰদান হ’ব বুলিও জানিব পৰা গৈছে ৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক