--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰত আবদ্ধ মানুহ! খাদ্য নাই, খোৱা পানী নাই। ঘৰত ঔষধো উপলব্ধ নহয়। চীনত এতিয়া ঠিক তেনেকুৱা এটা পৰিস্থিতিয়েই। চীনা বাসিন্দাসকলে এতিয়া ঘৰৰ পৰাই চৰকাৰৰ বিৰুদ্ধে চিঞৰ বাখৰ আৰম্ভ কৰিছে। চীনৰ ছাংহাই চহৰৰ এনে এটা ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে। কৰো'না সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ চৰকাৰে এনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছত বহুলোক 'আতংকিত' হৈছে।

ছাংহাই চীনৰ আটাইতকৈ অৰ্থনৈতিকভাৱে সমৃদ্ধ চহৰসমূহৰ ভিতৰত এখন। প্ৰায় ৩০ নিযুত লোক বাস কৰে। চৰকাৰে সেই চহৰখনত কৰো'না সংক্ৰমণ বৃদ্ধিৰ বাবে কঠোৰ লকডাউন ঘোষণা কৰিছে। ফলস্বৰূপে, প্ৰায় সকলো লোক গৃহবন্দী হৈ আছে। আৰক্ষী আৰু প্ৰশাসনে আৱাসীসকলক নিৰীক্ষণ কৰিবলৈ ড্ৰোন কেমেৰা ব্যৱহাৰ কৰি আছে, যাতে তেওঁলোক ঘৰৰ বাহিৰলৈ উলাই আহিব নোৱাৰে। এনে ধৰণৰ অভিযানৰ ফলস্বৰূপে, চহৰখনৰ বাসিন্দাসকলে খং, ভয় আৰু কষ্টত ঘৰৰ পৰাই চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে। কেইবাটাও ভিডিঅ' ফুটেজত, মানুহে ঘৰৰ দুৱাৰ, খিৰিকী আৰু চালৰ পৰা চিঞৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে।


যোৱা ২৮ মাৰ্চৰ পৰা ছাংহাইৰ পূব অংশত লকডাউন জাৰি কৰা হৈছে। ১ এপ্ৰিলৰ পৰা, সমগ্ৰ চহৰখনত লকডাউন হৈ আছে। কিন্তু প্ৰশাসনৰ এতিয়া চহৰখনৰ লোকসকলে  সঠিক সহায় পোৱা নাই বুলি অভিযোগ উঠিছো। অকাল খাদ্য, খোৱা পানী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰে অভাৱত বহুতো মানুহে ভোক-ক্ষুধাত দিন অতিবাহিত কৰিব লগা হৈছে। অৱশ্যে, প্ৰশাসনে কয় যে ই আৱাসীসকলৰ সমস্যাবোৰ সোনকালে সমাধান কৰিবলৈ গৈ আছে। চহৰখনলৈ ১০,০০০ ৰো অধিক চিকিৎসা কৰ্মচাৰী প্ৰেৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?