--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  প্ৰচণ্ড বৰষুণ, শিলাবৃষ্টি আৰু ধুমুহা-বতাহে বুৰাই পেলাইছে ৰাজস্থান। বিশেষকৈ ফাতেহপুৰ চহৰ আৰু শেখাৱতী অঞ্চলটোত প্ৰকৃতিয়ে উপদ্ৰৱ চলাইছে।

এতিয়ালৈকে ১৩ গৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। দুৰ্যোগ সাহায্য আৰু পৰিচালনা বিভাগে সদৰী কৰা মতে, বিগত দুদিনত হোৱা বৰষুণ আৰু তাৰ পৰিণতিত হোৱা বানপানীৰ ফলত এই লোকসকলৰ মৃত্যু ঘটিছে।

বানপানীৰ ফলত বানপীড়িত অঞ্চলসমূহত বহু বাসগৃহৰ ক্ষতিসাধন হোৱাৰ লগতে পশুধনৰো মৃত্যু ঘটিছে। বাঢ়নী পানীয়ে উটুৱাই নিছে বহু ব্যক্তিগত বাহন। ইফালে সময়মতে সাহায্য লাভ নকৰাৰ ফলত ক্ষোভিত হৈ পৰা কৃষকসকলে পথ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কিছু অঞ্চলত।

প্ৰকাশিত খবৰ অনুসৰি বিগত চাৰিদিন ধৰি অবিৰতভাৱে হৈ থকাৰ ফলত ফাতেহপুৰ চহৰত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। বানপানীৰ লগতে তীব্ৰ বতাহৰ পৰিণতিত চহৰখনত বিদ্যুৎ সেৱা প্ৰায় বিচ্ছিন্ন হৈ পৰিছে।

ইফালে বতৰ বিজ্ঞান কাৰ্যালয়ে সোমবাৰলৈকে ধাৰাসাৰ বৰষুণ, বতাহ আৰু শিলাবৃষ্টি হ’ব পাৰে বুলি সকীয়াই দিছে। বতাহৰ গতিবেগ ঘণ্টাত ৭০ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে বুলি বতৰ বিজ্ঞান কাৰ্যালয়ে আশংকা প্ৰকাশ কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব হেপাটাইটিছ দিৱস
আদিংগিৰিৰ পাছত কালাপানীতো ঘৰে ঘৰে বিলালে উচ্ছেদৰ জাননী
উৰিয়ামঘাটত সাজু ১০০ বুলড'জাৰ
আদিত্য এল-১ মিছনৰ কৰ্মশালালৈ তেজপুৰৰ ছাত্ৰী
হৰিদ্বাৰত পদপিষ্ট হৈ ৬জনৰ মৃত্যু, ২৯জন আহত
যোৰহাটত আজি হীৰুদাৰ দিন