--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  প্ৰচণ্ড বৰষুণ, শিলাবৃষ্টি আৰু ধুমুহা-বতাহে বুৰাই পেলাইছে ৰাজস্থান। বিশেষকৈ ফাতেহপুৰ চহৰ আৰু শেখাৱতী অঞ্চলটোত প্ৰকৃতিয়ে উপদ্ৰৱ চলাইছে।

এতিয়ালৈকে ১৩ গৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। দুৰ্যোগ সাহায্য আৰু পৰিচালনা বিভাগে সদৰী কৰা মতে, বিগত দুদিনত হোৱা বৰষুণ আৰু তাৰ পৰিণতিত হোৱা বানপানীৰ ফলত এই লোকসকলৰ মৃত্যু ঘটিছে।

বানপানীৰ ফলত বানপীড়িত অঞ্চলসমূহত বহু বাসগৃহৰ ক্ষতিসাধন হোৱাৰ লগতে পশুধনৰো মৃত্যু ঘটিছে। বাঢ়নী পানীয়ে উটুৱাই নিছে বহু ব্যক্তিগত বাহন। ইফালে সময়মতে সাহায্য লাভ নকৰাৰ ফলত ক্ষোভিত হৈ পৰা কৃষকসকলে পথ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কিছু অঞ্চলত।

প্ৰকাশিত খবৰ অনুসৰি বিগত চাৰিদিন ধৰি অবিৰতভাৱে হৈ থকাৰ ফলত ফাতেহপুৰ চহৰত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। বানপানীৰ লগতে তীব্ৰ বতাহৰ পৰিণতিত চহৰখনত বিদ্যুৎ সেৱা প্ৰায় বিচ্ছিন্ন হৈ পৰিছে।

ইফালে বতৰ বিজ্ঞান কাৰ্যালয়ে সোমবাৰলৈকে ধাৰাসাৰ বৰষুণ, বতাহ আৰু শিলাবৃষ্টি হ’ব পাৰে বুলি সকীয়াই দিছে। বতাহৰ গতিবেগ ঘণ্টাত ৭০ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে বুলি বতৰ বিজ্ঞান কাৰ্যালয়ে আশংকা প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস