--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰমাৎ চোৰাং বেহা তথা অবৈধ সামগ্ৰী সৰবৰাহৰ এক সুবিধাজনক পথত পৰিণত হৈছে দেশৰ বিমানবন্দৰ সমূহ। দেশৰ কেইবাটাও বিমানবন্দৰত শেহতীয়াকৈ ড্ৰাগছকে ধৰি নানা অবৈধ সামগ্ৰীৰ উদ্ধাৰৰ কেইবাটাও ঘটনা পোহৰলৈ অহাৰ পিছত এইবাৰ চেন্নাই বিমানবন্দৰত উদ্ধাৰ হৈছে শতকোটি টকাতকৈও অধিক মূল্যৰ ড্ৰাগছ।

দুটা পৃথক-পৃথক অভিযানত চেন্নাই বিমানবন্দৰত কেবিনবেগত লুকুৱাই অনা ১১১.৪১ কোটি টকা মূল্যৰ ১০ কিলোগ্ৰামৰো অধিক নিচাজাতীয় সামগ্ৰী দুটা জব্দ কৰিছে শুল্ক বিভাগে। এই সন্দৰ্ভত এঙ্গোলাৰ এগৰাকী মহিলাসহ দুজন যাত্ৰীকো গ্ৰেপ্তাৰ কৰা হৈছে বুলি শুল্ক বিভাগে জানিবলৈ দিছে।

শুল্ক বিভাগে এক বিবৃতিত জানিবলৈ দিয়া মতে বিভাগে ১১ আগষ্টত প্ৰথমটো কৃতকাৰ্যতা লাভ কৰিছিল। কৰ্তৃপক্ষই নিৰ্দিষ্ট তথ্যৰ আধাৰত আদিছ আবাবাৰ পৰা অৱতৰণ কৰা এজন যাত্ৰীক পৰীক্ষা কৰাৰ পিছত তেওঁৰ কেবিনবেগ আৰু জোতাত লুকুৱাই থোৱা কোকেইন আৰু হেৰোইনসমূহ উদ্ধাৰ কৰে।

এই নিচাজাতীয় সামগ্ৰীসমূহৰ পৰিমাণ আছিল মুঠ ৯.৫৯ কিলোগ্ৰাম। শুল্ক বিভাগে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনিৰ আন্তৰ্জাতিক চোৰাং মূল্য ১০০ কোটি টকা হ’ব বুলি উল্লেখ কৰিছে।

ইফালে দ্বিতীয়টো অভিযানৰ সময়ত বিভাগে এগৰাকী এংগোলান নাগৰিকৰ পৰা ১.১৮ কিলোগ্ৰাম ওজনৰ কোকেইন জব্দ কৰে। এই নিচাজাতীয় সামগ্ৰীসমূহ মূল্যও প্ৰায় ১১.৪১ কোটি টকা হ'ব বুলি শুল্ক বিভাগে বিবৃতিটোত উল্লেখ কৰিছে।

ইতিমধ্যে দুয়োগৰাকী বিদেশী নাগৰিককে এই সন্দৰ্ভত শুল্ক বিভাগে গ্ৰেপ্তাৰ কৰিছে আৰু এই সন্দৰ্ভত বিতং তথ্য সমুখলৈ অনাৰ উদ্দেশ্যে তদন্ত আৰম্ভ কৰা হৈছে বুলি শুল্ক বিভাগে লগতে কয়।

উল্লেখ্য যে চেন্নাই বিমানবন্দৰত প্ৰথমবাৰৰ বাবে ১০০ কোটি টকাৰ অধিক মূল্যৰ কোকেইন আৰু হেৰোইন জব্দ কৰা হৈছে। ইয়াৰ পূৰ্বে যোৱা মাহত বিমানবন্দৰটোত ১১ কোটি টকা মূল্যৰ আন কিছু নিচাজাতীয় সামগ্ৰী জব্দ কৰিছিল শুল্ক বিভাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ