--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰমাৎ চোৰাং বেহা তথা অবৈধ সামগ্ৰী সৰবৰাহৰ এক সুবিধাজনক পথত পৰিণত হৈছে দেশৰ বিমানবন্দৰ সমূহ। দেশৰ কেইবাটাও বিমানবন্দৰত শেহতীয়াকৈ ড্ৰাগছকে ধৰি নানা অবৈধ সামগ্ৰীৰ উদ্ধাৰৰ কেইবাটাও ঘটনা পোহৰলৈ অহাৰ পিছত এইবাৰ চেন্নাই বিমানবন্দৰত উদ্ধাৰ হৈছে শতকোটি টকাতকৈও অধিক মূল্যৰ ড্ৰাগছ।

দুটা পৃথক-পৃথক অভিযানত চেন্নাই বিমানবন্দৰত কেবিনবেগত লুকুৱাই অনা ১১১.৪১ কোটি টকা মূল্যৰ ১০ কিলোগ্ৰামৰো অধিক নিচাজাতীয় সামগ্ৰী দুটা জব্দ কৰিছে শুল্ক বিভাগে। এই সন্দৰ্ভত এঙ্গোলাৰ এগৰাকী মহিলাসহ দুজন যাত্ৰীকো গ্ৰেপ্তাৰ কৰা হৈছে বুলি শুল্ক বিভাগে জানিবলৈ দিছে।

শুল্ক বিভাগে এক বিবৃতিত জানিবলৈ দিয়া মতে বিভাগে ১১ আগষ্টত প্ৰথমটো কৃতকাৰ্যতা লাভ কৰিছিল। কৰ্তৃপক্ষই নিৰ্দিষ্ট তথ্যৰ আধাৰত আদিছ আবাবাৰ পৰা অৱতৰণ কৰা এজন যাত্ৰীক পৰীক্ষা কৰাৰ পিছত তেওঁৰ কেবিনবেগ আৰু জোতাত লুকুৱাই থোৱা কোকেইন আৰু হেৰোইনসমূহ উদ্ধাৰ কৰে।

এই নিচাজাতীয় সামগ্ৰীসমূহৰ পৰিমাণ আছিল মুঠ ৯.৫৯ কিলোগ্ৰাম। শুল্ক বিভাগে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনিৰ আন্তৰ্জাতিক চোৰাং মূল্য ১০০ কোটি টকা হ’ব বুলি উল্লেখ কৰিছে।

ইফালে দ্বিতীয়টো অভিযানৰ সময়ত বিভাগে এগৰাকী এংগোলান নাগৰিকৰ পৰা ১.১৮ কিলোগ্ৰাম ওজনৰ কোকেইন জব্দ কৰে। এই নিচাজাতীয় সামগ্ৰীসমূহ মূল্যও প্ৰায় ১১.৪১ কোটি টকা হ'ব বুলি শুল্ক বিভাগে বিবৃতিটোত উল্লেখ কৰিছে।

ইতিমধ্যে দুয়োগৰাকী বিদেশী নাগৰিককে এই সন্দৰ্ভত শুল্ক বিভাগে গ্ৰেপ্তাৰ কৰিছে আৰু এই সন্দৰ্ভত বিতং তথ্য সমুখলৈ অনাৰ উদ্দেশ্যে তদন্ত আৰম্ভ কৰা হৈছে বুলি শুল্ক বিভাগে লগতে কয়।

উল্লেখ্য যে চেন্নাই বিমানবন্দৰত প্ৰথমবাৰৰ বাবে ১০০ কোটি টকাৰ অধিক মূল্যৰ কোকেইন আৰু হেৰোইন জব্দ কৰা হৈছে। ইয়াৰ পূৰ্বে যোৱা মাহত বিমানবন্দৰটোত ১১ কোটি টকা মূল্যৰ আন কিছু নিচাজাতীয় সামগ্ৰী জব্দ কৰিছিল শুল্ক বিভাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ