ডিজিটেল ডেস্ক: আৰু মাত্ৰ এটা দিনৰ পাছতে সমগ্ৰ দেশে পালন কৰিব স্বাধীনতাৰ ৭৫ তম বৰ্ষপূৰ্তি। স্বাধীনতা দিৱসৰ সময়ত সন্ত্ৰাসবাদীৰ সম্ভাব্য কূটাঘাতৰ আশংকাত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। কিন্তু এনে সতৰ্কতা অৱলম্বনৰ পাছতো ভূ-স্বৰ্গ কাশ্মীৰত দৈনিক সৃষ্টি হৈছে সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। শনিবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ ঈদগাহ এলেকাত উগ্ৰপন্থীয়ে নিৰাপত্তা বাহিনীৰ জোৱানৰ এটা দলৰ ওপৰত গ্ৰেনেড নিক্ষেপ কৰাৰ ফলত এজন চিআৰপিএফ জোৱানৰ লগতে এজন অসামৰিক লোক আহত হয়।
শ্ৰীনগৰ আৰক্ষীয়ে এক টুইটযোগে জানিবলৈ দিয়া মতে ঈদগাহৰ আলি জান ৰোডত সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি এটা গ্ৰেনেড নিক্ষেপ কৰিছিল। এই গ্ৰেণেড বিস্ফোৰণৰ ফলত কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) এজন কৰ্মী আঘাতপ্ৰাপ্ত হৈছিল। আনহাতে আক্ৰমণকাৰী সন্ত্ৰাসবাদীসকলক ধৰিবলৈ এটা অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে বুলিও আৰক্ষীয়ে লগতে কয়।
উল্লেখ্য যে বিগত তিনিটা দিনত উপত্যকাটোত নিৰাপত্তাৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ এইয়া তৃতীয় আক্ৰমণ। বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ এটা সেনা শিবিৰত জইশ-ই-মহম্মদ গোটৰ দুজন সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল। নিৰাপত্তাৰক্ষীয়ে এই আক্ৰমণ প্ৰতিহত কৰাৰ লগতে আক্ৰমণ চলোৱা দুই সন্ত্ৰাসবাদী নিহত হৈছিল যদিও এগৰাকী কনিষ্ঠ কমিছনড বিষয়া (জেচিঅ') সহ চাৰিজন সৈন্যই অভিযানটোত প্ৰাণ দিছিল।
আনহাতে শুকুৰবাৰে নিশাও দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাত সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰাৰ ফলত জম্মু-কাশ্মীৰৰ এজন আৰক্ষী আহত হৈছিল। উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিৰ পৰা উপত্যকাটোত সন্ত্ৰাসবাদ নিৰ্মূলৰ লক্ষ্যৰে নিৰাপত্তাৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে। এই অভিযানসমূহত ১৫০ তকৈও অধিক সন্ত্ৰাসবাদী সদস্য নিহত হৈছে।