--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আৰু মাত্ৰ এটা দিনৰ পাছতে সমগ্ৰ দেশে পালন কৰিব স্বাধীনতাৰ ৭৫ তম বৰ্ষপূৰ্তি। স্বাধীনতা দিৱসৰ সময়ত সন্ত্ৰাসবাদীৰ সম্ভাব্য কূটাঘাতৰ আশংকাত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। কিন্তু এনে সতৰ্কতা অৱলম্বনৰ পাছতো ভূ-স্বৰ্গ কাশ্মীৰত দৈনিক সৃষ্টি হৈছে সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। শনিবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ ঈদগাহ এলেকাত উগ্ৰপন্থীয়ে নিৰাপত্তা বাহিনীৰ জোৱানৰ এটা দলৰ ওপৰত গ্ৰেনেড নিক্ষেপ কৰাৰ ফলত এজন চিআৰপিএফ জোৱানৰ লগতে এজন অসামৰিক লোক আহত হয়।

শ্ৰীনগৰ আৰক্ষীয়ে এক টুইটযোগে জানিবলৈ দিয়া মতে ঈদগাহৰ আলি জান ৰোডত সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি এটা গ্ৰেনেড নিক্ষেপ কৰিছিল। এই গ্ৰেণেড বিস্ফোৰণৰ ফলত কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) এজন কৰ্মী আঘাতপ্ৰাপ্ত হৈছিল। আনহাতে আক্ৰমণকাৰী সন্ত্ৰাসবাদীসকলক ধৰিবলৈ এটা অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে বুলিও আৰক্ষীয়ে লগতে কয়।

উল্লেখ্য যে বিগত তিনিটা দিনত উপত্যকাটোত নিৰাপত্তাৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ এইয়া তৃতীয় আক্ৰমণ। বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ এটা সেনা শিবিৰত জইশ-ই-মহম্মদ গোটৰ দুজন সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল। নিৰাপত্তাৰক্ষীয়ে এই আক্ৰমণ প্ৰতিহত কৰাৰ লগতে আক্ৰমণ চলোৱা দুই সন্ত্ৰাসবাদী নিহত হৈছিল যদিও এগৰাকী কনিষ্ঠ কমিছনড বিষয়া (জেচিঅ') সহ চাৰিজন সৈন্যই অভিযানটোত প্ৰাণ দিছিল।

আনহাতে শুকুৰবাৰে নিশাও দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাত সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰাৰ ফলত জম্মু-কাশ্মীৰৰ এজন আৰক্ষী আহত হৈছিল। উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিৰ পৰা উপত্যকাটোত সন্ত্ৰাসবাদ নিৰ্মূলৰ লক্ষ্যৰে নিৰাপত্তাৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে। এই অভিযানসমূহত ১৫০ তকৈও অধিক সন্ত্ৰাসবাদী সদস্য নিহত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ