--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমুখত কেৱল দুই হাজাৰ আৰু পাঁচ শ টকীয়া নোটৰ টকাৰ বাণ্ডিল। সম্ভৱ নহয় হাতেৰে গণি শেষ কৰা। সেয়েহে টকা গণিবলৈ ব্যৱহাৰ কৰা হৈছে নগদ নোট গণনা কৰা মেচিন, নিয়োগ কৰা হৈছে বেংক বিষয়াক। পশ্চিম বংগত শুকুৰবাৰে দেখিবলৈ পোৱা গৈছে এই দৃশ্য। কেন্দ্ৰীয় বিত্তীয় তদন্ত সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে এক অভিযানত উদ্ধাৰ কৰিছে এই টকাৰ বাণ্ডিলৰ পাহাৰ। পশ্চিম বংগৰ বিদ্যালয় সেৱা আয়োগ আৰু প্ৰাথমিক শিক্ষা পৰিষদত নিযুক্তি কেলেংকাৰীৰ তদন্ত চলাই থকা কেন্দ্ৰীয় সংস্থাটোৱে আজি তৃণমূল কংগ্ৰেছৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ সহযোগী অৰ্পিতা মুখাৰ্জীৰ আৱাসিক চৌহদৰ পৰা উদ্ধাৰ কৰিছে প্ৰায় ২০ কোটি টকাৰ নগদ ধন।

ৰাজ্যখনৰ বিদ্যালয় সেৱা আয়োগ আৰু প্ৰাথমিক শিক্ষা পৰিষদৰ গ্ৰুপ 'চি' আৰু 'ডি' কৰ্মচাৰী, নৱম-দ্বাদশ শ্ৰেণীৰ সহকাৰী শিক্ষক আৰু প্ৰাথমিক শিক্ষকসকলৰ নিযুক্তিত ব্যাপক হাৰত দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছত কলিকতা উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ চি বি আই- ক তদন্ত চলাবলৈ নিৰ্দেশ দিছিল।

কলিকতা উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছতে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে নিযুক্তিৰ সৈতে জড়িত অভিযুক্ত সকলৰ বিৰুদ্ধে মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ (পিএমএলএ) অধীনত গোচৰৰ তদন্ত কৰি আছে। কেন্দ্ৰীয় সংস্থাটোৱে গোচৰটোৰ সন্দৰ্ভত প্ৰধান অভিযুক্ত পশ্চিম বংগৰ মন্ত্ৰী তথা তৃণমূল নেতা পাৰ্থ চেটাৰ্জী আৰু পৰেশ অধিকাৰীৰ বাসগৃহত অভিযান আৰম্ভ কৰিছে।

সমান্তৰালভাৱে তদন্তকাৰী সংস্থাটোৱে কেলেংকাৰীৰ গোচৰত অভিযুক্ত কেইবাগৰাকীও কৰ্তব্যৰত তথা প্ৰাক্তন প্ৰশাসনিক বিষয়াৰ চৌহদতো অনুসন্ধান চলাই আছে। কেলেংকাৰীৰ সৈতে জড়িত অভিযুক্ত ব্যক্তিসকলৰ চৌহদৰ পৰা বহু আপত্তিজনক নথিপত্ৰ, সন্দেহজনক কোম্পানীৰ বিৱৰণ, ইলেক্ট্ৰনিক সঁজুলি, বিদেশী মুদ্ৰা আৰু সোণ ইডিয়ে উদ্ধাৰ কৰিছে বুলি সদৰি কৰিছে।

এই অভিযানৰ মাজতে শুকুৰবাৰে কেলেংকাৰীৰ গোচৰৰ প্ৰধান অভিযুক্ত পাৰ্থ চেটাৰ্জীৰ এগৰাকী ঘনিষ্ঠ সতীৰ্থৰ বাসভৱনৰ পৰা উদ্ধাৰ কৰিছে এই বৃহৎ পৰিমাণৰ ধনৰাশি। মন্ত্ৰীগৰাকীৰ ঘনিষ্ঠ অৰ্পিতা মুখাৰ্জীৰ আৱাসিক চৌহদৰ পৰা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ অভিযানকাৰী দলটোৱে নগদ ২০ কোটি টকাৰ এই বৃহৎ ধনৰাশি উদ্ধাৰ কৰে।

এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে উদ্ধাৰ হোৱা এই ধনসমূহ পশ্চিম বংগ বিদ্যালয় সেৱা আয়োগ কেলেংকাৰীৰ জৰিয়তে সংগ্ৰহ কৰা হৈছিল বুলি সন্দেহ কৰিছে। সংস্থাটোৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে অনুসন্ধানকাৰী দলটোৱে এই বৃহৎ পৰিমাণৰ নগদ ধনৰ লগতে ২০ টাতকৈও অধিক মোবাইল ফোন উদ্ধাৰ কৰা হৈছে। এই মোবাইল ফোনসমূহ কেলেংকাৰীৰ উদ্দেশ্যে বিভিন্ন সময়ত ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে বুলি এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ শীৰ্ষ বিষয়াগৰাকীয়ে জানিবলৈ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনা সামগ্ৰীত ভাৰতৰ নিৰ্ভৰশীলতা বৃদ্ধি; ভাৰতীয় ঔদ্যোগিক আমদানিৰ ৩০ শতাংশ সামগ্ৰী আহে চীনৰ পৰা
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?