--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানত ক্ষমতাচ্যুত হোৱাৰ পিছত বহুতে ভাবিছিল ৰাজ্য খনৰ কংগ্ৰেছৰ ভিতৰচ’ৰাত চলি থকা খৰিয়ালৰ হয়তো শাম কাটিব। কিন্তু নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে পোহৰলৈ আহিছে আন এক বিস্ফোৰক তথ্য। শেহতীয়াকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিশেষ কৰ্তব্যৰত বিষয়া (অ’এছডি) লোকেশ শৰ্মাই কৰা কেতবোৰ বিশেষ মন্তব্যই কংগ্ৰেছৰ ভিতৰচ’ৰাত পুনৰ হাহাকাৰ লগাইছে। 

ৰাজস্থানত গেহলট-পাইলটৰ মাজত চলি থকা শীতল যুঁজ খনৰ কথা সৰ্বজন জ্ঞাত। ইয়াৰ মাজতে লোকেশ শৰ্মাই কৈছে যে শচীন পাইলটৰ ওপৰত চোকা নজৰ ৰখা হৈছিল। তেওঁ ক’লৈ গৈছে, কাৰ সৈতে কথা পাতিছে আদি সকলো কথাৰ ওপৰত চকু ৰখা হৈছিল।আনকি পাইলটৰ ফোনো টেপ কৰা হৈছিল বুলি শৰ্মাই কয়। এনে বিস্ফোৰক মন্তব্যৰ মাজতে আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি  শচীন পাইলটে কয়, "মই সদায় কংগ্ৰেছ কৰ্মী হৈ আহিছো। মোক যি দায়িত্ব দিয়া হওঁক, মই সেয়া  প্ৰকাৰে সততাৰে সম্পাদন কৰিম।’’


ৰাজস্থানৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা শচীন পাইলটে জয়পুৰ আৰু নতুন দিল্লীত  দলটোৰ পৰাজয় সন্দৰ্ভত গভীৰ আলোচনাৰ বাবে আহ্বান জনায়। মুখ্যমন্ত্ৰী অশোক গেহলটৰ অ'এছডিৰ মন্তব্য সন্দৰ্ভত শচীন পাইলটে  কয়, "মই বিশ্বাস কৰোঁ যে প্ৰথমে  এই পৰাজয়ৰ কথা বিশ্লেষণ কৰাটো প্ৰয়োজনীয়।" অশোক গেহলটৰ অ'এছডি লোকেশ শৰ্মাৰ বিবৃতি সন্দৰ্ভত তেওঁ কয়, "মই মুখ্যমন্ত্ৰীৰ অ'এছডিৰ বিবৃতিও দেখিছো, দলটোৱে এই বিষয়েও চিন্তা-চৰ্চা কৰাটো প্ৰয়োজনীয়।" 

পাইলটে এইবাৰ  টংক বিধানসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে বিজয়ী হৈছে। কংগ্ৰেছ শাসনত থকাৰ সময়ত পাইলট আৰু গেহলটৰ মাজত মুখ্যমন্ত্ৰীৰ চকী খনকলৈ টনা-আঁজোৰা হৈছিল। 

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ