--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানত ক্ষমতাচ্যুত হোৱাৰ পিছত বহুতে ভাবিছিল ৰাজ্য খনৰ কংগ্ৰেছৰ ভিতৰচ’ৰাত চলি থকা খৰিয়ালৰ হয়তো শাম কাটিব। কিন্তু নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে পোহৰলৈ আহিছে আন এক বিস্ফোৰক তথ্য। শেহতীয়াকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিশেষ কৰ্তব্যৰত বিষয়া (অ’এছডি) লোকেশ শৰ্মাই কৰা কেতবোৰ বিশেষ মন্তব্যই কংগ্ৰেছৰ ভিতৰচ’ৰাত পুনৰ হাহাকাৰ লগাইছে। 

ৰাজস্থানত গেহলট-পাইলটৰ মাজত চলি থকা শীতল যুঁজ খনৰ কথা সৰ্বজন জ্ঞাত। ইয়াৰ মাজতে লোকেশ শৰ্মাই কৈছে যে শচীন পাইলটৰ ওপৰত চোকা নজৰ ৰখা হৈছিল। তেওঁ ক’লৈ গৈছে, কাৰ সৈতে কথা পাতিছে আদি সকলো কথাৰ ওপৰত চকু ৰখা হৈছিল।আনকি পাইলটৰ ফোনো টেপ কৰা হৈছিল বুলি শৰ্মাই কয়। এনে বিস্ফোৰক মন্তব্যৰ মাজতে আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি  শচীন পাইলটে কয়, "মই সদায় কংগ্ৰেছ কৰ্মী হৈ আহিছো। মোক যি দায়িত্ব দিয়া হওঁক, মই সেয়া  প্ৰকাৰে সততাৰে সম্পাদন কৰিম।’’


ৰাজস্থানৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা শচীন পাইলটে জয়পুৰ আৰু নতুন দিল্লীত  দলটোৰ পৰাজয় সন্দৰ্ভত গভীৰ আলোচনাৰ বাবে আহ্বান জনায়। মুখ্যমন্ত্ৰী অশোক গেহলটৰ অ'এছডিৰ মন্তব্য সন্দৰ্ভত শচীন পাইলটে  কয়, "মই বিশ্বাস কৰোঁ যে প্ৰথমে  এই পৰাজয়ৰ কথা বিশ্লেষণ কৰাটো প্ৰয়োজনীয়।" অশোক গেহলটৰ অ'এছডি লোকেশ শৰ্মাৰ বিবৃতি সন্দৰ্ভত তেওঁ কয়, "মই মুখ্যমন্ত্ৰীৰ অ'এছডিৰ বিবৃতিও দেখিছো, দলটোৱে এই বিষয়েও চিন্তা-চৰ্চা কৰাটো প্ৰয়োজনীয়।" 

পাইলটে এইবাৰ  টংক বিধানসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে বিজয়ী হৈছে। কংগ্ৰেছ শাসনত থকাৰ সময়ত পাইলট আৰু গেহলটৰ মাজত মুখ্যমন্ত্ৰীৰ চকী খনকলৈ টনা-আঁজোৰা হৈছিল। 

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক