--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ এগৰাকী অন্যতম মোহময়ী অভিনেত্ৰী ছাৰা আলী খান৷শেহতীয়াকৈ বলীউডৰ দুই অভিনেত্ৰী ছাৰা আলী খান আৰু অনন্যা পাণ্ডেক কফি উইথ কৰণ ৮ৰ ৩য় খণ্ডত দেখা পোৱা যাব।নতুনকৈ শ্ব’টোৰ প্ৰকাশ পোৱা প্ৰমোত দেখা গৈছে যে কৰণ জোহাৰে ছাৰা আৰু অনন্যাক তেওঁলোকৰ প্ৰেম জীৱনৰ বিষয়ে বিভিন্ন প্ৰশ্ন অৱতাৰণা কৰিছে।

কফি উইথ কৰণৰ ৮ম ছিজনৰ পৰৱৰ্তী খণ্ডত অতিথি হিচাপে ছাৰা আলী খান আৰু অনন্যা পাণ্ডেক দেখা যাব। আশা কৰা মতে শ্ব’টোৰ আয়োজক-চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰে তেওঁলোক দুয়োকে প্ৰেমিকৰ বিষয়ে সুধিছিল। ছাৰাই ক্ৰিকেটাৰ শুভমন গীলৰ সৈতে ডেটিং কৰাৰ কথা অস্বীকাৰ কৰি শচীন টেণ্ডুলকাৰৰ কন্যা ছাৰা টেণ্ডুলকাৰৰ সৈতে সম্পৰ্ক থকা বুলি ইংগিত দিয়াৰ বিপৰীতে অনন্যাই অভিনেতা আদিত্য ৰয় কাপুৰৰ সৈতে নিজৰ সম্পৰ্ক প্ৰায় নিশ্চিত কৰে৷যেতিয়া কৰণে ছাৰাক শুভমন গীলৰ সৈতে ডেটিং কৰাৰ 'কথিত উৰাবাতৰি'ৰ বিষয়ে সোধে,তেতিয়া অভিনেত্ৰী গৰাকীয়ে উত্তৰ দিলে, "আপুনি ভুল ছাৰাক সন্দেহ কৰিছে৷ গোটেই পৃথিৱীখনে কৰা ভুল ছাৰাৰ ওপৰতে আহে)।"

উল্লেখ্য যে ২০১৮ চনত ছিজন ৬ৰ সৈতে কফি উইথ কৰণত ছাৰাই পোনপ্ৰথমবাৰৰ বাবে অভিষেক কৰে৷ছাৰা পিতৃ তথা অভিনেতা ছেইফ আলী খানৰ সৈতে চেলিব্ৰীটি চেট শ্ব’টোত উপস্থিত আছিল। তাৰ কেইসপ্তাহমানৰ পাছত প্ৰয়াত সুশান্ত সিং ৰাজপুতৰ সহ অভিনীত ৰোমান্টিক ছবি কেদাৰনাথৰ জৰিয়তে তেওঁ অভিনয়ত আত্মপ্ৰকাশ কৰে। যোৱা বছৰ কফি উইথ কৰণৰ ৭ম ছিজনত ছাৰাৰ সৈতে কফি উইথ কৰণৰ চোফাত বঢ়িছিল অভিনেত্ৰী জাহ্নৱী কাপুৰে।

অনন্যাই প্ৰথমবাৰৰ বাবে ২০১৯ চনত কৰণ জোহৰৰ আয়োজিত অনুষ্ঠানটোত অভিষেক ঘটাইছিল।কফি উইথ কৰণ ছিজন ৬ত অনন্যাক টাইগাৰ শ্ৰফ আৰু তাৰা ছুটাৰিয়াৰ সৈতে অতিথি হিচাপে দেখা গৈছিল, তেওঁলোকৰ ছবি ষ্টুডেণ্ট অৱ দ্য ইয়েৰ ২ মুক্তিৰ কেইমাহমান আগতে।তদুপৰি ২০১৯ চনত এই চিনেমাখনৰ দ্বাৰাই অনন্যাই বলীউডত অভিষেক কৰিছিল। যোৱা বছৰ অনন্যা আৰু লাইগাৰৰ সহ-অভিনেতা বিজয় দেৱেৰাকোণ্ডাও কফি উইথ কৰণৰ ৭ম ছিজনৰ চতুৰ্থ খণ্ডত শ্ব’টোত উপস্থিত আছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় জনাই ৪০ লিটাৰ গাখীৰেৰে গা ধুই আনন্দ উল্লাস স্বামীৰ
মাটিকাদুৰিৰ নানা উপকাৰী গুণ
৪ বছৰত ২৫ হাজাৰ একৰ ভূমি বেদখলৰ পৰা মুক্ত হ’ল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ত্রি-মুকুট অৰ্জনৰ দিশে পি এছ জি
অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতৰ মহিলা দল ঘোষণা ; অসমৰ উমা চেত্ৰীৰ স্থান লাভ
গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
প্রধানমন্ত্রী মোদীক ট্ৰিনিডাড-টবেগোৰো সর্বোচ্চ সন্মান
পাকিস্তানৰ ৮১ শতাংশ অস্ত্র-শস্ত্র চীনত নির্মিত
কোনে হত্যা কৰিলে উদ্যোগপতি গোপাল খেমকাক ? পুত্ৰৰ দৰে একেই কায়দাত ৬ বছৰৰ পাছত হত্যা কৰা হ’ল উদ্যোগপতি পিতৃকো