--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছাগলীৰ চকুৱে  এজন লোকৰ মৃত্যু ঘটোৱাৰ ঘটনাই এতিয়া আলোড়ণৰ সৃষ্টি কৰিছে।  কিন্তু ছাগলীৰ চকুৱে লোক এজনক কিদৰে হত্যা কৰিব পাৰে? ছট্টীশগড়ৰ সুৰজপুৰ জিলাৰ এজন লোকৰ ছাগলীৰ চকুৱে মৃত্যু ঘটাইছে। 

  দৰাচলতে গাওঁখনৰ একাংশ লোকে স্থানীয় মন্দিৰ এটাত ছাগলী বলি দিছিল। ইয়াৰ পাছত পৰা তেওঁলোকে  ছাগলীৰ মূৰটো লৈ আহিছিল। লোক কেইজনে ছাগলীৰ মূৰটো ৰান্ধি খাইছিল। সেই সময়তে ছাগলীৰ চকু এটা এজন লোকৰ ডিঙিত লাগি ধৰে আৰু  তেওঁ উশাহ লোৱাত কষ্ট পাবলৈ ধৰে। তেওঁক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও  তেওঁৰ  মৃত্যু ঘটে। 

ঘটনাটো  সুৰজপুৰৰ কাষৰীয়া পাৰি গাঁৱত সংঘটিত হৈছে। সুৰজপুৰ জিলাৰ ৰামানুজনগৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত গাওঁ পঞ্চায়ত মদনপুৰৰ বাসিন্দা ৫০ বছৰীয়া বাগাৰ চাই  তেওঁৰ আন সহকৰ্মীসকলৰ সৈতে বিখ্যাত খোপা ধামলৈ গৈছিল। তাতেই তেওঁ এটা ছাগলী বলি দিছিল।

ইয়াৰ পিছত বাগাৰ চাইয়ে তেওঁৰ সহকৰ্মীসকলৰ সৈতে ছাগলীৰ মূৰটো খোৱাৰ বাবে জিলা সদৰৰ ওচৰৰ পাৰি গাওঁলৈ লৈ আহে। ইয়াত তেওঁলোকে ছাগলীৰ মূৰটো বনাই ছিল আৰু খাবলৈ আৰম্ভ কৰিছিল। আহাৰ গ্ৰহণৰ সময়ত বাগ্ৰা চাই অতি আগ্ৰহেৰে ছাগলীৰ চকু খাই আছিল ।  হঠাতে তেওঁৰ ডিঙিত চকুটো লাগি ধৰিছিল।ডিঙিত এনেদৰে ছাগলীৰ চকু লাগি ধৰি লোকজনৰ মৃত্যু ঘটাত সমগ্ৰ এলেকাটোতে শোকৰ ছাঁ পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ