--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছাগলীৰ চকুৱে  এজন লোকৰ মৃত্যু ঘটোৱাৰ ঘটনাই এতিয়া আলোড়ণৰ সৃষ্টি কৰিছে।  কিন্তু ছাগলীৰ চকুৱে লোক এজনক কিদৰে হত্যা কৰিব পাৰে? ছট্টীশগড়ৰ সুৰজপুৰ জিলাৰ এজন লোকৰ ছাগলীৰ চকুৱে মৃত্যু ঘটাইছে। 

  দৰাচলতে গাওঁখনৰ একাংশ লোকে স্থানীয় মন্দিৰ এটাত ছাগলী বলি দিছিল। ইয়াৰ পাছত পৰা তেওঁলোকে  ছাগলীৰ মূৰটো লৈ আহিছিল। লোক কেইজনে ছাগলীৰ মূৰটো ৰান্ধি খাইছিল। সেই সময়তে ছাগলীৰ চকু এটা এজন লোকৰ ডিঙিত লাগি ধৰে আৰু  তেওঁ উশাহ লোৱাত কষ্ট পাবলৈ ধৰে। তেওঁক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও  তেওঁৰ  মৃত্যু ঘটে। 

ঘটনাটো  সুৰজপুৰৰ কাষৰীয়া পাৰি গাঁৱত সংঘটিত হৈছে। সুৰজপুৰ জিলাৰ ৰামানুজনগৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত গাওঁ পঞ্চায়ত মদনপুৰৰ বাসিন্দা ৫০ বছৰীয়া বাগাৰ চাই  তেওঁৰ আন সহকৰ্মীসকলৰ সৈতে বিখ্যাত খোপা ধামলৈ গৈছিল। তাতেই তেওঁ এটা ছাগলী বলি দিছিল।

ইয়াৰ পিছত বাগাৰ চাইয়ে তেওঁৰ সহকৰ্মীসকলৰ সৈতে ছাগলীৰ মূৰটো খোৱাৰ বাবে জিলা সদৰৰ ওচৰৰ পাৰি গাওঁলৈ লৈ আহে। ইয়াত তেওঁলোকে ছাগলীৰ মূৰটো বনাই ছিল আৰু খাবলৈ আৰম্ভ কৰিছিল। আহাৰ গ্ৰহণৰ সময়ত বাগ্ৰা চাই অতি আগ্ৰহেৰে ছাগলীৰ চকু খাই আছিল ।  হঠাতে তেওঁৰ ডিঙিত চকুটো লাগি ধৰিছিল।ডিঙিত এনেদৰে ছাগলীৰ চকু লাগি ধৰি লোকজনৰ মৃত্যু ঘটাত সমগ্ৰ এলেকাটোতে শোকৰ ছাঁ পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান