--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে ইউনিফৰ্ম চিভিল কোড সম্পৰ্কত সৰব হৈ পৰিছে বিৰোধী। ইতিমধ্যে আইন আয়োগে ইউচিচি সন্দৰ্ভত সকলো ধৰ্মীয় সম্প্ৰদায় আৰু সাধাৰণ লোকৰ পৰা মতামত বিচাৰিছে। এই সন্দৰ্ভত জমিয়ত উলেমা-ই-হিন্দে (আৰ্শ্বাদ মাদানী ফৈদ) আইন আয়োগক দিবলৈ নিজৰ মতামত প্ৰস্তুত কৰিছে। যি মতামত আজি বা কাইলৈ ​​আইন আয়োগলৈ প্ৰেৰণ কৰা হ’ব।

সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি জমিয়ত উলেমা-ই-হিন্দে নিজৰ মতামতত কৈছে যে ইউনিফৰ্ম চিভিল কোড ধৰ্মৰ সৈতে সংঘাতপূৰ্ণ। এনে পৰিস্থিতিত আইন আয়োগে সকলো ধৰ্মৰ দায়িত্বশীল লোকক ফোন কৰি কথা পাতিব লাগে আৰু সমন্বয় স্থাপন কৰিব লাগে। মৌলানা আৰ্শ্বাদ মাদানীৰ জমিয়ত উলেমা-ই-হিন্দে আইন আয়োগলৈ যি পঠিয়াবলগীয়া মতামত সেই মতামত অনুসৰি মুছলমানে এনে কোনো আইন মানি নলয় যিটো শ্বৰীয়ত বিৰোধী। এজন মুছলমানে সকলো সহ্য কৰিব পাৰে কিন্তু নিজৰ শ্বৰীয়তৰ বিৰুদ্ধে যাব নোৱাৰে।

জমিয়ত উলেমা-ই-হিন্দে প্ৰস্তুত কৰা এই মতামতত ইউনিফৰ্ম চিভিল কোড সংবিধানত পোৱা ধৰ্ম পালনৰ স্বাধীনতাৰ বিৰোধী বুলি উল্লেখ কৰিছে। কাৰণ ই সংবিধানৰ ২৫ নং দফাত নাগৰিকক দিয়া ধৰ্মীয় স্বাধীনতা আৰু মৌলিক অধিকাৰৰ সম্পূৰ্ণ বিৰোধী।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস