--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে ইউনিফৰ্ম চিভিল কোড সম্পৰ্কত সৰব হৈ পৰিছে বিৰোধী। ইতিমধ্যে আইন আয়োগে ইউচিচি সন্দৰ্ভত সকলো ধৰ্মীয় সম্প্ৰদায় আৰু সাধাৰণ লোকৰ পৰা মতামত বিচাৰিছে। এই সন্দৰ্ভত জমিয়ত উলেমা-ই-হিন্দে (আৰ্শ্বাদ মাদানী ফৈদ) আইন আয়োগক দিবলৈ নিজৰ মতামত প্ৰস্তুত কৰিছে। যি মতামত আজি বা কাইলৈ ​​আইন আয়োগলৈ প্ৰেৰণ কৰা হ’ব।

সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি জমিয়ত উলেমা-ই-হিন্দে নিজৰ মতামতত কৈছে যে ইউনিফৰ্ম চিভিল কোড ধৰ্মৰ সৈতে সংঘাতপূৰ্ণ। এনে পৰিস্থিতিত আইন আয়োগে সকলো ধৰ্মৰ দায়িত্বশীল লোকক ফোন কৰি কথা পাতিব লাগে আৰু সমন্বয় স্থাপন কৰিব লাগে। মৌলানা আৰ্শ্বাদ মাদানীৰ জমিয়ত উলেমা-ই-হিন্দে আইন আয়োগলৈ যি পঠিয়াবলগীয়া মতামত সেই মতামত অনুসৰি মুছলমানে এনে কোনো আইন মানি নলয় যিটো শ্বৰীয়ত বিৰোধী। এজন মুছলমানে সকলো সহ্য কৰিব পাৰে কিন্তু নিজৰ শ্বৰীয়তৰ বিৰুদ্ধে যাব নোৱাৰে।

জমিয়ত উলেমা-ই-হিন্দে প্ৰস্তুত কৰা এই মতামতত ইউনিফৰ্ম চিভিল কোড সংবিধানত পোৱা ধৰ্ম পালনৰ স্বাধীনতাৰ বিৰোধী বুলি উল্লেখ কৰিছে। কাৰণ ই সংবিধানৰ ২৫ নং দফাত নাগৰিকক দিয়া ধৰ্মীয় স্বাধীনতা আৰু মৌলিক অধিকাৰৰ সম্পূৰ্ণ বিৰোধী।






FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান