--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অনলাইনত সুৰা অৰ্ডাৰ কৰি  ১.২ লাখ টকা হেৰুৱালে মুম্বাইৰ এজন লোকে । শেহতীয়াকৈ ভাৰতত অনলাইন কেলেংকাৰীৰ ঘটনা  বৃদ্ধি পাইছে। চাইবাৰ অপৰাধী চক্ৰই  নিৰীহ ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলক প্ৰতাৰণা কৰিবলৈ আৰু তেওঁলোকৰ ধন চুৰি কৰিবলৈ নিৰন্তৰ নতুন কৌশলঅবলম্বন কৰি  আহিছে। এই হেকাৰসকলে কেৱল ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্যই   লাভ নকৰে,  তেওঁলোকৰ বেংক একাউণ্টৰ পৰা ধনো  আত্মসাৎ কৰি আহিছে। শেহতীয়া কেলেংকাৰীটোত মুম্বাইৰ এজন ব্যক্তিয়ে অনলাইনত সুৰা অৰ্ডাৰ কৰিবলৈ চেষ্টা কৰিছিল, তেওঁ এনে কৰিবলৈ যাওঁতে  প্ৰায় ১ লাখ টকা হেৰুৱাবলগীয়া হয়।

 মুম্বাইৰ মালাবাৰ হিলছৰ ৪৯ বছৰীয়া লোক জনে  অনলাইন প্লেটফৰ্মৰ জৰিয়তে সুৰাৰ দোকানৰ সৈতে যোগাযোগ বিচাৰি আছিল। তেওঁৰ ইণ্টাৰনেটত অনুসন্ধানৰ চলাই  পিকাই ৱাইনছ নামৰ দক্ষিণ মুম্বাইস্থিত এখন দোকানৰ যোগাযোগ নম্বৰ লাভ কৰে। সুৰা ক্ৰয় কৰিবলৈ  তেওঁ নেটত থকা নম্বৰটোত ডায়েল কৰিলে আৰু অৰ্ডাৰ এটা দিলে।

ফোনৰ  আনটো মূৰত থকা ব্যক্তিজনে লোকজনক  অৰ্ডাৰৰ বাবে বিল প্ৰদান কৰিবলৈ এটা ওটিপি (এককালীন পাছৱৰ্ড) যাব বুলি কৈ সেয়া জনাবলৈ কৈছিল।  লোকজনে  তেওঁৰ মোবাইল ফোনত অহা  অ'টিপি শ্বেয়াৰ কৰাৰ লগে লগে হেকাৰে  তেওঁৰ বেংক একাউণ্টৰ পৰা  ১.২ লাখ টকা সৰকাই নিয়ে। ঘটনাটোৰ পিছতে লোকজনে থানাত  এখন এজাহাৰ দাখিল কৰে আৰু মালাবাৰ হিল আৰক্ষীয়ে প্ৰৱঞ্চনা, জালিয়াতি  তথা তথ্য প্ৰযুক্তি আইনৰ অধীনত আইপিচি ধাৰাত এটা গোচৰ ৰুজু কৰে। গোচৰটোৰ তদন্ত চলি থকাৰ সময়তে  আৰক্ষীয়ে  দীপক ৱাইন, শ্বাহ ৱাইন আৰু পিকাই ৱাইন নাম ব্যৱহাৰ কৰি ইণ্টাৰনেটত সুৰা বিক্ৰীৰ নামত প্ৰতাৰণা কৰা চক্ৰটোৰ বিষয়ে মানুহক সজাগ হ’বলৈ আহ্বান জনায়। 

লক্ষণীয়ভাৱে  অনলাইন সুৰা কেলেংকাৰীৰ এইটো প্ৰথম ঘটনা নহয়। কেইমাহমান আগতে মুম্বাইৰ এজন ২৪ বছৰীয়া অধিবক্তাই অনলাইনত বিয়েৰ অৰ্ডাৰ দি প্ৰতাৰণাৰ বলি হৈছিল আৰু ৪৪,৭৮২ টকা হেৰুৱাইছিল। 

লোকজনে ৩৬০  টকাৰ দুটা বিয়েৰৰ  অৰ্ডাৰ দিছিল । তাৰ পিছত হেকাৰে  অধিবক্তাজনক বীয়েৰৰ বাবে ধন পৰিশোধ কৰিবলৈ এটা কিউআৰ কোড প্ৰেৰণ কৰিছিল আৰু লগতে তেওঁক ডেলিভাৰী মাচুল হিচাপে অতিৰিক্ত ৩০  টকা পৰিশোধ কৰিবলৈ কৈছিল।

লোক জনে  কিউআৰ কোড স্কেন কৰাৰ লগে লগেহেকাৰে তেওঁৰ বেঙ্ক একাউণ্টৰ পৰা ৪৯৯ টকাৰ লগতে  আৰু ৪৯৯৯ টকা কৰ্তন কৰি লৈছিল। 
যেতিয়া লোকজনে  ধন ঘূৰাই বিচাৰিছিল তেওঁক আন এটা কিউআৰ কোড প্ৰেৰণ কৰা হৈছিল। ধন ঘূৰাই পাবলৈ লোকজনে  বাৰে বাৰে কোডটো স্কেন কৰিছিল আৰু মুঠ ৪৪,৭৮২  টকা হেৰুৱাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement