--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অনলাইনত সুৰা অৰ্ডাৰ কৰি  ১.২ লাখ টকা হেৰুৱালে মুম্বাইৰ এজন লোকে । শেহতীয়াকৈ ভাৰতত অনলাইন কেলেংকাৰীৰ ঘটনা  বৃদ্ধি পাইছে। চাইবাৰ অপৰাধী চক্ৰই  নিৰীহ ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলক প্ৰতাৰণা কৰিবলৈ আৰু তেওঁলোকৰ ধন চুৰি কৰিবলৈ নিৰন্তৰ নতুন কৌশলঅবলম্বন কৰি  আহিছে। এই হেকাৰসকলে কেৱল ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্যই   লাভ নকৰে,  তেওঁলোকৰ বেংক একাউণ্টৰ পৰা ধনো  আত্মসাৎ কৰি আহিছে। শেহতীয়া কেলেংকাৰীটোত মুম্বাইৰ এজন ব্যক্তিয়ে অনলাইনত সুৰা অৰ্ডাৰ কৰিবলৈ চেষ্টা কৰিছিল, তেওঁ এনে কৰিবলৈ যাওঁতে  প্ৰায় ১ লাখ টকা হেৰুৱাবলগীয়া হয়।

 মুম্বাইৰ মালাবাৰ হিলছৰ ৪৯ বছৰীয়া লোক জনে  অনলাইন প্লেটফৰ্মৰ জৰিয়তে সুৰাৰ দোকানৰ সৈতে যোগাযোগ বিচাৰি আছিল। তেওঁৰ ইণ্টাৰনেটত অনুসন্ধানৰ চলাই  পিকাই ৱাইনছ নামৰ দক্ষিণ মুম্বাইস্থিত এখন দোকানৰ যোগাযোগ নম্বৰ লাভ কৰে। সুৰা ক্ৰয় কৰিবলৈ  তেওঁ নেটত থকা নম্বৰটোত ডায়েল কৰিলে আৰু অৰ্ডাৰ এটা দিলে।

ফোনৰ  আনটো মূৰত থকা ব্যক্তিজনে লোকজনক  অৰ্ডাৰৰ বাবে বিল প্ৰদান কৰিবলৈ এটা ওটিপি (এককালীন পাছৱৰ্ড) যাব বুলি কৈ সেয়া জনাবলৈ কৈছিল।  লোকজনে  তেওঁৰ মোবাইল ফোনত অহা  অ'টিপি শ্বেয়াৰ কৰাৰ লগে লগে হেকাৰে  তেওঁৰ বেংক একাউণ্টৰ পৰা  ১.২ লাখ টকা সৰকাই নিয়ে। ঘটনাটোৰ পিছতে লোকজনে থানাত  এখন এজাহাৰ দাখিল কৰে আৰু মালাবাৰ হিল আৰক্ষীয়ে প্ৰৱঞ্চনা, জালিয়াতি  তথা তথ্য প্ৰযুক্তি আইনৰ অধীনত আইপিচি ধাৰাত এটা গোচৰ ৰুজু কৰে। গোচৰটোৰ তদন্ত চলি থকাৰ সময়তে  আৰক্ষীয়ে  দীপক ৱাইন, শ্বাহ ৱাইন আৰু পিকাই ৱাইন নাম ব্যৱহাৰ কৰি ইণ্টাৰনেটত সুৰা বিক্ৰীৰ নামত প্ৰতাৰণা কৰা চক্ৰটোৰ বিষয়ে মানুহক সজাগ হ’বলৈ আহ্বান জনায়। 

লক্ষণীয়ভাৱে  অনলাইন সুৰা কেলেংকাৰীৰ এইটো প্ৰথম ঘটনা নহয়। কেইমাহমান আগতে মুম্বাইৰ এজন ২৪ বছৰীয়া অধিবক্তাই অনলাইনত বিয়েৰ অৰ্ডাৰ দি প্ৰতাৰণাৰ বলি হৈছিল আৰু ৪৪,৭৮২ টকা হেৰুৱাইছিল। 

লোকজনে ৩৬০  টকাৰ দুটা বিয়েৰৰ  অৰ্ডাৰ দিছিল । তাৰ পিছত হেকাৰে  অধিবক্তাজনক বীয়েৰৰ বাবে ধন পৰিশোধ কৰিবলৈ এটা কিউআৰ কোড প্ৰেৰণ কৰিছিল আৰু লগতে তেওঁক ডেলিভাৰী মাচুল হিচাপে অতিৰিক্ত ৩০  টকা পৰিশোধ কৰিবলৈ কৈছিল।

লোক জনে  কিউআৰ কোড স্কেন কৰাৰ লগে লগেহেকাৰে তেওঁৰ বেঙ্ক একাউণ্টৰ পৰা ৪৯৯ টকাৰ লগতে  আৰু ৪৯৯৯ টকা কৰ্তন কৰি লৈছিল। 
যেতিয়া লোকজনে  ধন ঘূৰাই বিচাৰিছিল তেওঁক আন এটা কিউআৰ কোড প্ৰেৰণ কৰা হৈছিল। ধন ঘূৰাই পাবলৈ লোকজনে  বাৰে বাৰে কোডটো স্কেন কৰিছিল আৰু মুঠ ৪৪,৭৮২  টকা হেৰুৱাইছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এটা সময় আহিব ভাৰতীয়ই ইংৰাজী ক'বলৈ লাজ পাব : অমিত শ্বাহ
আজিৰে পৰা আৰম্ভ অম্বুবাচী মেলা
অম্বুবাচী মহাযোগক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা
পেৰিছ ডায়মণ্ড লীগৰ শীৰ্ষ স্থানত নীৰজ চোপ্ৰা
আটছা'ৰ অনুষ্ঠানত শিক্ষা বিভাগক তুলা-ধুনা সাংসদ কামাখ্যা তাছাৰ
টী বেগ ব্যৱহাৰে আপোনাৰ জীৱনলৈ আনিব পাৰে ভয়ংকৰ বিপদ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত