--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ছাহাৰা ইণ্ডিয়াৰ কোটি কোটি বিনিয়োগকাৰীৰ ধন ঘূৰাই দিবলৈ আৰম্ভ কৰিছে ‘চি আৰ চি এছ-চাহাৰা ৰিফাণ্ড পৰ্টেল’। এতিয়াৰ পৰা ছাহাৰাৰ সমবায় সমিতিৰ বিনিয়োগকাৰীয়ে পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। এই সমবায় সমিতিসমূহৰ ১০ কোটি বিনিয়োগকাৰীৰ ধন আবদ্ধ হৈ আছে। এই পৰ্টেলৰ জৰিয়তে ছাহাৰাত ধন আবদ্ধ বিনিয়োগকাৰীয়ে ৪৫ দিনৰ ভিতৰত তেওঁলোকৰ ধন ঘূৰাই পাব। উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু মধ্যপ্ৰদেশৰ দৰে ৰাজ্যত সৰ্বাধিক লোকৰ সংখ্যা।উল্লেখযোগ্য যে ধন ঘূৰাই নোপোৱাৰ ওপৰত বিনিয়োগকাৰীসকলে চৰকাৰক বিষয়টোত হস্তক্ষেপ কৰিবলৈ আহ্বান জনায়।


স্মৰ্তব্য যে, সমগ্ৰ দেশৰ ১০ কোটি বিনিয়োগকাৰীৰ কোটি কোটি টকা আবদ্ধ হৈ আছে ছাহাৰা ইণ্ডিয়াত। এই পৰ্টেল মুকলি হোৱাৰ লগে লগে বিনিয়োগকাৰীসকলৰ মাজত আশাৰ সঞ্চাৰ হৈছে যে তেওঁলোকৰ আবদ্ধ হৈ থকা ধন এতিয়া উদ্ধাৰ হ’ব। নতুন দিল্লীত ছাহাৰা ৰিফাণ্ড পৰ্টেলৰ উন্মোচন কাৰ্যসূচীত অমিত শ্বাহে কয় যে বহু বছৰ ধৰি ছাহাৰাৰ সমবায় সমিতিত যিসকল লোকৰ ধন আবদ্ধ হৈ আছিল তেওঁলোকক ঘূৰাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। এই পৰ্টেলে চাহাৰা গ্ৰুপৰ ১০ কোটিৰো অধিক জমাকাৰীক তেওঁলোকৰ ধন ঘূৰাই পোৱাত সহায় কৰিব।ৰিফাণ্ড পৰ্টেল মুকলি কৰাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কয়, "ছাহাৰা গ্ৰুপৰ চাৰিখন সমবায় সমিতিৰ আৱদ্ধ জমাকাৰীৰ ধন ঘূৰাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।" 

যোৱা ২৯ মাৰ্চত চৰকাৰে কৈছিল যে ৯ মাহৰ ভিতৰত চাহাৰা গোটৰ চাৰিখন সমবায় সমিতিৰ প্ৰায় ১০ কোটি বিনিয়োগকাৰীক এই ধন ঘূৰাই দিয়া হ’ব। ছাহাৰা-ছেবি ৰিফাণ্ড একাউণ্টৰ পৰা ৫ হাজাৰ কোটি টকা সমবায় সমিতিৰ কেন্দ্ৰীয় পঞ্জীয়কলৈ হস্তান্তৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশৰ পাছতে এই ঘোষণা কৰা হৈছে।দাবী প্ৰক্ৰিয়া সহজ কৰি তুলিবলৈ মঙলবাৰে এক বিশেষ পৰ্টেল মুকলি কৰা হয়। ছাহাৰা গ্ৰুপৰ সমবায় সমিতিৰ প্ৰকৃত জমাকাৰীৰ হৈ বৈধ দাবী দাখিলৰ বাবে পৰ্টেল প্ৰস্তুত কৰা বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে৷ছাহাৰা গ্ৰুপৰ এই সমবায় সমিতিসমূহত ধন জমা কৰা বিনিয়োগকাৰীসকলক সকাহ দিয়াৰ বাবে সমবায় মন্ত্ৰালয়ে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। ইয়াৰ পাছত উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ দাবী নিষ্পত্তি কৰিবলৈ চি আৰ চি এছলৈ ৫ হাজাৰ কোটি টকা হস্তান্তৰ কৰাৰ নিৰ্দেশ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ