--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাম তেওঁৰ মিতালী শৰ্মা । এটা মধ্যবিত্ত পৰিয়ালৰ কন্যা মিতালীয়ে  জেপিএছচি পৰীক্ষাত ১০৮ স্থান লাভ কৰিছিল।  ফলত সুখী হোৱা নাছিল তেওঁৰ পৰিয়াল। ১০৮ নহয়, মিতালীয়ে তাতকৈ বহু ওপৰৰ স্থানত  পাব লাগিছিল হেনো! কিন্তু প্ৰথম পোষ্টিঙতেই  উৎকোচলৈ ধৰা পৰাৰ পিছত   একেটা পৰিয়ালেই এতিয়া  মুখ লুকুৱাবলগীয়া হৈছে।

 ঝাৰখণ্ডত কিছুমাহ আগতে  নিলম্বিত আইএএছ বিষয়া পূজা সিংঘলতকৈও যেন মিতালী শৰ্মা আৰু ওখোপ চৰা।  ২১ বছৰ বয়সতে জেপিএছচি পৰীক্ষাত (ঝাৰখণ্ড লোক সেৱা আয়োগ) উত্তীৰ্ণ হোৱা মিতালীয়ে   প্ৰথম পোষ্টিঙৰ  সময়তে ১০,০০০ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ সময়তে দুৰ্নীতি বিৰোধী গোটে  গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা মিতালী শৰ্মা ঝাৰখণ্ডৰ হাজৰিবাগৰ বদা বজাৰৰ বাসিন্দা। 

স্নাতক সম্পূৰ্ণ কৰাৰ পিছত ২১  বছৰ বয়সত মিতালীয়ে  জেপিএছচি পৰীক্ষাত উত্তীৰ্ণ হয়। মিতালী শৰ্মাৰ প্ৰথম পোষ্টিং আছিল কোডাৰ্মা জিলাত।  সমবায় বিভাগত সহকাৰী পঞ্জীয়কৰ চকীত বহিয়েই  মিতালীয়ে মেলি লৈছিল দুৰ্নীতিৰ পোহাৰ।  কোডাৰ্মা ব্যপৰ মণ্ডল সহযোগ সমিতিৰ সদস্য ৰামেশ্বৰ প্ৰসাদ যাদৱে বিষয়া মিতালী শৰ্মাৰ বিৰুদ্ধে এচিবিৰ ওচৰত অভিযোগ দাখিল কৰিছিল। এচিবি দলটোৱে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছত  হাজাৰিবাগলৈ লৈ গৈছে।

 ৰামেশ্বৰ যাদৱৰ মতে অলপতে সমবায় বিভাগৰ  সহকাৰী পঞ্জীয়ক মিতালী শৰ্মাই কোডাৰ্মা বাণিজ্য পৰিষদ পৰিদৰ্শন কৰিছিল। এই সময়ছোৱাত তেওঁ তাত কিছুমান ত্ৰুটি ধৰা পেলাইছিল। ইয়াৰ পিছত তেওঁ কোডাৰ্মা ব্যপৰ মণ্ডল সহযোগ সমিতি লিমিটেডৰ সদস্যসকলক ইয়াৰ ব্যাখ্যা দিবলৈ কৈছিল।ৰামেশ্বৰ প্ৰসাদ যাদৱে অভিযোগ কৰিছে  যে মিতালী শৰ্মাই ব্যাতেওঁলোকৰ পৰা  ২০,০০০ টকাৰ উৎকোচ দাবী কৰিছিল। অৱশ্যে, মিতালীয়ে তেওঁৰ প্ৰথম পোষ্টিঙৰ সময়তে দুৰ্নীতিৰ জখলা বগাবলৈ লওঁতেই ৰামেশ্বৰ প্ৰসাদ যাদৱ বাধা হৈ থিয় দিয়ে। তেওঁ সমগ্ৰ বিষয়টো  এচিবি বিষয়াসকলক অৱগত কৰে।  অৱশেষত  মিতালীক এচিবিৰ দলে উৎকোচ গ্ৰহণ কৰাৰ সময়তে  গ্ৰেপ্তাৰ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন