--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাম তেওঁৰ মিতালী শৰ্মা । এটা মধ্যবিত্ত পৰিয়ালৰ কন্যা মিতালীয়ে  জেপিএছচি পৰীক্ষাত ১০৮ স্থান লাভ কৰিছিল।  ফলত সুখী হোৱা নাছিল তেওঁৰ পৰিয়াল। ১০৮ নহয়, মিতালীয়ে তাতকৈ বহু ওপৰৰ স্থানত  পাব লাগিছিল হেনো! কিন্তু প্ৰথম পোষ্টিঙতেই  উৎকোচলৈ ধৰা পৰাৰ পিছত   একেটা পৰিয়ালেই এতিয়া  মুখ লুকুৱাবলগীয়া হৈছে।

 ঝাৰখণ্ডত কিছুমাহ আগতে  নিলম্বিত আইএএছ বিষয়া পূজা সিংঘলতকৈও যেন মিতালী শৰ্মা আৰু ওখোপ চৰা।  ২১ বছৰ বয়সতে জেপিএছচি পৰীক্ষাত (ঝাৰখণ্ড লোক সেৱা আয়োগ) উত্তীৰ্ণ হোৱা মিতালীয়ে   প্ৰথম পোষ্টিঙৰ  সময়তে ১০,০০০ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ সময়তে দুৰ্নীতি বিৰোধী গোটে  গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা মিতালী শৰ্মা ঝাৰখণ্ডৰ হাজৰিবাগৰ বদা বজাৰৰ বাসিন্দা। 

স্নাতক সম্পূৰ্ণ কৰাৰ পিছত ২১  বছৰ বয়সত মিতালীয়ে  জেপিএছচি পৰীক্ষাত উত্তীৰ্ণ হয়। মিতালী শৰ্মাৰ প্ৰথম পোষ্টিং আছিল কোডাৰ্মা জিলাত।  সমবায় বিভাগত সহকাৰী পঞ্জীয়কৰ চকীত বহিয়েই  মিতালীয়ে মেলি লৈছিল দুৰ্নীতিৰ পোহাৰ।  কোডাৰ্মা ব্যপৰ মণ্ডল সহযোগ সমিতিৰ সদস্য ৰামেশ্বৰ প্ৰসাদ যাদৱে বিষয়া মিতালী শৰ্মাৰ বিৰুদ্ধে এচিবিৰ ওচৰত অভিযোগ দাখিল কৰিছিল। এচিবি দলটোৱে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছত  হাজাৰিবাগলৈ লৈ গৈছে।

 ৰামেশ্বৰ যাদৱৰ মতে অলপতে সমবায় বিভাগৰ  সহকাৰী পঞ্জীয়ক মিতালী শৰ্মাই কোডাৰ্মা বাণিজ্য পৰিষদ পৰিদৰ্শন কৰিছিল। এই সময়ছোৱাত তেওঁ তাত কিছুমান ত্ৰুটি ধৰা পেলাইছিল। ইয়াৰ পিছত তেওঁ কোডাৰ্মা ব্যপৰ মণ্ডল সহযোগ সমিতি লিমিটেডৰ সদস্যসকলক ইয়াৰ ব্যাখ্যা দিবলৈ কৈছিল।ৰামেশ্বৰ প্ৰসাদ যাদৱে অভিযোগ কৰিছে  যে মিতালী শৰ্মাই ব্যাতেওঁলোকৰ পৰা  ২০,০০০ টকাৰ উৎকোচ দাবী কৰিছিল। অৱশ্যে, মিতালীয়ে তেওঁৰ প্ৰথম পোষ্টিঙৰ সময়তে দুৰ্নীতিৰ জখলা বগাবলৈ লওঁতেই ৰামেশ্বৰ প্ৰসাদ যাদৱ বাধা হৈ থিয় দিয়ে। তেওঁ সমগ্ৰ বিষয়টো  এচিবি বিষয়াসকলক অৱগত কৰে।  অৱশেষত  মিতালীক এচিবিৰ দলে উৎকোচ গ্ৰহণ কৰাৰ সময়তে  গ্ৰেপ্তাৰ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস