--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ প্ৰবীণ অভিনেত্ৰী ছাইৰা বানুক সাক্ষাৎ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ এসময়ত হিন্দী চিনেমাত চমকপ্ৰদ অভিনয়েৰে দৰ্শকৰ হৃদয়ত ঘৰ সজা ছাইৰা বানুক সাক্ষাৎ কৰি নষ্টালজিক হৈ পৰে প্ৰধানমন্ত্ৰীগৰাকী৷ 

প্ৰধানমন্ত্ৰী মোদীয়ে অভিনেত্ৰী ছাইৰা বানুক সাক্ষাৎ কৰি কয় যে চিনেমাজগতত তেওঁৰ সৃষ্টিৰাজি আৰু অৱদান প্ৰজন্মজুৰি প্ৰশংসিত। প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত অভিনেত্ৰীগৰাকীৰ সৈতে সাক্ষাতকালৰ ফটো শ্বেয়াৰ কৰিছিল। 

ফটো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছিল, ছাইৰা বানুজীক লগ পাই অভিভূত হৈছোঁ৷ চিনেমাৰ পৃথিৱীত তেওঁৰ অগ্ৰণী কাম প্ৰজন্মজুৰি প্ৰশংসিত হয়। আমি বিভিন্ন বিষয়ত সুন্দৰ বাৰ্তালাপ কৰিছিলোঁ।

উল্লেখ্য যে ছাইৰা বানু কিংবদন্তি অভিনেতা প্ৰয়াত দিলীপ কুমাৰৰ পত্নী। তেওঁ ১৯৬১ চনত শাম্মী কাপুৰ অভিনীত ‘জংলী’ৰ জৰিয়তে অভিনয়ৰ আৰম্ভণি কৰিছিল। তেওঁ আন বহুতো চিনেমাৰত্নৰ ভিতৰত ‘শাগিৰ্ড’, ‘চাগিনা’, ‘ব্লাফ মাষ্টাৰ’, ‘আয়ে মিলান কি বেলা’, ‘পাডোচান’ আৰু ‘বাইৰাগ’ৰ দৰে চিনেমাত অভিনয় কৰিছিল। তেওঁৰ অন্তিমখন চিনেমা আছিল ১৯৮৮ চনত মুক্তি পোৱা ‘ফৈছলা’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক