--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বায়ু প্ৰদূষণৰ ভয়াৱহতাৰ মাজতে পুনৰ ভূমিকম্পই আতংকিত কৰিলে দিল্লীবাসীক৷ শনিবাৰে দিল্লীত আবেলি ৩.৩৬ বজাত অনুভূত হয় ২.৬ প্ৰাৱল্যৰ মৃদু ভূমিকম্প৷

আজি অনুভূত ভূমিকম্পটোৰ  অভিকেন্দ্ৰস্থল দিল্লীৰ উত্তৰ জিলাৰ ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ তলত আছিল বুলি জানিব পৰা গৈছে৷ নেচনেল চেণ্টাৰ ফৰ চিচমোলজীয়ে সদৰী কৰিছে এই তথ্য। অৱশ্যে, আজিৰ ভূমিকম্পত কোনো লোক হতাহত বা সম্পত্তিৰ ক্ষতিৰ কোনো খবৰ প্ৰকাশিত হোৱা নাই৷

উল্লেখ্য যে মাত্ৰ কেইদিনমান পূৰ্বে পশ্চিম নেপালত ৫.৬ প্ৰাৱল্যৰ ভূমিকম্পৰ পাছত দিল্লী, ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল আৰু উত্তৰ ভাৰতৰ কেইবাটাও অঞ্চলত কম্পন অনুভূত হৈছিল।

দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (এনচিআৰ) চতুৰ্থ অঞ্চলত পৰে, যাক ভাৰতীয় মান ব্যুৰো (বিআইএছ) ভূমিকম্পৰ জোনিং মানচিত্ৰ অনুসৰি এক উচ্চ ভূমিকম্পৰ বিপদাশংকা ক্ষেত্ৰ বুলি গণ্য কৰা হয়। ‘জোন’ চতুৰ্থই মজলীয়াৰ পৰা উচ্চস্তৰৰ তীব্ৰতাৰ সৈতে ভূমিকম্প অনুভৱ কৰাৰ অধিক সম্ভাৱনাক সূচায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement