--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুখন দেশ, দুগৰাকী খেলুৱৈ। এগৰাকী ভাৰতৰ আৰু আনগৰাকী পাকিস্তানৰ। তেওঁলোক দুয়োৰে দেশ বেলেগ যদিও দুয়ো বিবাহপাশত আবদ্ধ হৈছিল ১২ বছৰ আগতেই। ভাৰতৰ টেনিছ তাৰকা ছানিয়া মিৰ্জা আৰু পাকিস্তানৰ ক্ৰিকেটাৰ ছোৱেব মালিকৰ মাজৰ বৈবাহিক সম্পৰ্ক বিগত ১২ বছৰে সুন্দৰ ভাবে চলিছিল যদিও শেহতীয়াকৈ তেওঁলোকৰ বিবাহ বিচ্ছেদৰ খবৰে খেলুৱৈ দুগৰাকীৰ অনুৰাগীসকলক ব্যথিত কৰি তোলা পৰিলক্ষিত হৈছে। 

 বিশ্বৰ সংবাদমাধ্যমত বিষয়টোকলৈ এতিয়া ব্যাপক   চৰ্চা চলি  আছে। অৱশ্যে  তাৰকা দম্পতীহালে এই বিষয়ত ওকো কথাই ৰাজহুৱাকৈ কোৱা নাই। সংবাদমাধ্যমে দাবী কৰা অনুসৰি তাৰকা দম্পতীৰ ঘনিষ্ঠ বন্ধুৱেই তেওঁলোকৰ বিবাহ বিচ্ছেদৰ কথা ৰাজহুৱা কৰিছে।    সংবাদ মাধ্যমৰ বাতৰি অনুসৰি"দুয়ো পৃথক হৈছে। এতিয়া তেওঁলোকে পৃথকে বাস কৰিবলৈ আৰম্ভ কৰিছে।  ''

লগতে এইবুলি দাবী কৰা হৈছে যে ছানিয়া আৰু ছোৱেব একেলগেথকা  নাই।  ছোৱেবৰ সৈতে  এগৰাকী মহিলাৰ সম্পৰ্ক থকা বুলিও বহুতে ক’ব বিচাৰিছে। শেহতীয়াকৈ ইনষ্টাগ্ৰামত পোষ্ট কৰা  এটা পোষ্টত  ছানিয়াই লিখিছিল, "ভগ্ন  হৃদয় লৈ  ক'লৈ যাম? ঈশ্বৰেই এতিয়া সহায়"। টেনিছ তাৰকাগৰাকীয়ে  তেওঁৰ পুত্ৰৰ সৈতে এখন ফটোও পোষ্ট কৰিছিল।  

 ছানিয়াই লিখিছিল, "কঠিন সময়ৰ মাজেৰে যোৱা মুহূৰ্তবোৰ। এটা ফেচবুক পোষ্টত ছানিয়াৰ দেউতাক ইমৰান মিৰ্জাই লিখিছে, "যোৱা কেইদিনমানৰ পৰা আমাৰ জীৱনৰ এটা নিৰ্দিষ্ট বিষয়ক লৈ ৰাজহুৱাভাৱে যথেষ্ট আলোচনা হৈছে, যিটোৱে মোক আৰু মোৰ পৰিয়ালক বিধ্বস্ত কৰি তুলিছে। বহুলোকে মোক ব্যক্তিগতভাৱে এই  বিষয়ে আমনি কৰি আছে।" উল্লেখ্য পাক ক্ৰিকেটাকগৰাকীৰ সৈতে বিয়া হোৱাৰ পিছতো ছানিয়াই ভাৰতৰ বাবেই খেলি গৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক