--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুখন দেশ, দুগৰাকী খেলুৱৈ। এগৰাকী ভাৰতৰ আৰু আনগৰাকী পাকিস্তানৰ। তেওঁলোক দুয়োৰে দেশ বেলেগ যদিও দুয়ো বিবাহপাশত আবদ্ধ হৈছিল ১২ বছৰ আগতেই। ভাৰতৰ টেনিছ তাৰকা ছানিয়া মিৰ্জা আৰু পাকিস্তানৰ ক্ৰিকেটাৰ ছোৱেব মালিকৰ মাজৰ বৈবাহিক সম্পৰ্ক বিগত ১২ বছৰে সুন্দৰ ভাবে চলিছিল যদিও শেহতীয়াকৈ তেওঁলোকৰ বিবাহ বিচ্ছেদৰ খবৰে খেলুৱৈ দুগৰাকীৰ অনুৰাগীসকলক ব্যথিত কৰি তোলা পৰিলক্ষিত হৈছে। 

 বিশ্বৰ সংবাদমাধ্যমত বিষয়টোকলৈ এতিয়া ব্যাপক   চৰ্চা চলি  আছে। অৱশ্যে  তাৰকা দম্পতীহালে এই বিষয়ত ওকো কথাই ৰাজহুৱাকৈ কোৱা নাই। সংবাদমাধ্যমে দাবী কৰা অনুসৰি তাৰকা দম্পতীৰ ঘনিষ্ঠ বন্ধুৱেই তেওঁলোকৰ বিবাহ বিচ্ছেদৰ কথা ৰাজহুৱা কৰিছে।    সংবাদ মাধ্যমৰ বাতৰি অনুসৰি"দুয়ো পৃথক হৈছে। এতিয়া তেওঁলোকে পৃথকে বাস কৰিবলৈ আৰম্ভ কৰিছে।  ''

লগতে এইবুলি দাবী কৰা হৈছে যে ছানিয়া আৰু ছোৱেব একেলগেথকা  নাই।  ছোৱেবৰ সৈতে  এগৰাকী মহিলাৰ সম্পৰ্ক থকা বুলিও বহুতে ক’ব বিচাৰিছে। শেহতীয়াকৈ ইনষ্টাগ্ৰামত পোষ্ট কৰা  এটা পোষ্টত  ছানিয়াই লিখিছিল, "ভগ্ন  হৃদয় লৈ  ক'লৈ যাম? ঈশ্বৰেই এতিয়া সহায়"। টেনিছ তাৰকাগৰাকীয়ে  তেওঁৰ পুত্ৰৰ সৈতে এখন ফটোও পোষ্ট কৰিছিল।  

 ছানিয়াই লিখিছিল, "কঠিন সময়ৰ মাজেৰে যোৱা মুহূৰ্তবোৰ। এটা ফেচবুক পোষ্টত ছানিয়াৰ দেউতাক ইমৰান মিৰ্জাই লিখিছে, "যোৱা কেইদিনমানৰ পৰা আমাৰ জীৱনৰ এটা নিৰ্দিষ্ট বিষয়ক লৈ ৰাজহুৱাভাৱে যথেষ্ট আলোচনা হৈছে, যিটোৱে মোক আৰু মোৰ পৰিয়ালক বিধ্বস্ত কৰি তুলিছে। বহুলোকে মোক ব্যক্তিগতভাৱে এই  বিষয়ে আমনি কৰি আছে।" উল্লেখ্য পাক ক্ৰিকেটাকগৰাকীৰ সৈতে বিয়া হোৱাৰ পিছতো ছানিয়াই ভাৰতৰ বাবেই খেলি গৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু