--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত আশা ধূলিস্যাৎ হ’ল ভাৰতৰ।টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰত পৰাজিত হয়  হাতত।  প্ৰথমে বেটিং কৰি ভাৰতে ১৬৮ ৰাণ সংগ্ৰহ কৰে। হাৰ্ডিক পাণ্ডিয়াই ৬৩  ৰান সংগ্ৰহ কৰে। বিৰাট কোহলীয়ে ৫০  ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইংলেণ্ডে ভাৰতৰ উক্ত  ৰানৰ বিপৰীতে ইংলেণ্ডে  ১৬ অভাৰত বিজয়ী হ’ব পৰাকৈ  ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইংলেণ্ডৰ হৈ জছ বাটলাৰ (৮০ ৰাণত অপৰাজিত) আৰু এলেক্স হেলছে (৮৬ ৰাণত অপৰাজিত) অৰ্ধশতক অৰ্জন কৰে।

ৰাহুলে গ্ৰুপ পৰ্যায়ত বাংলাদেশ আৰু জিম্বাবোৱেৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰি ছন্দত উভতি আহিব বুলি ধাৰণা  কৰা হৈছিল। কিন্তু আজিৰ খেল খনত ৰাহুলে ভাৰতীয় দলটোক বিজয়ৰ সোৱাদ দিব পৰাকৈ আসানুৰূপ প্ৰদৰ্শন কৰা পৰিলক্ষিত নহ’ল। 

ৰোহিতে  ২৮ টা বলত ২৭ ৰাণ সংগ্ৰহ কৰে।এদিনীয়া ক্ৰিকেটত ২০০ ৰাণ কৰা বেটছমেনজনে  ছেমি ফাইনেলত ব্যৰ্থ হ’ল। 
 এইবাৰ তেওঁ প্ৰতিযোগিতাখনত মাত্ৰ এটা অৰ্ধশতক অৰ্জন কৰিছিল। সেয়া নেডাৰলেণ্ডৰ দৰে দলৰ বিৰুদ্ধে আছিল।

ভাৰতৰ স্ক'ৰবোৰ্ডত ইনিংছৰ শেষত হোৱা ১৬৮ ৰাণৰ বাবে বিৰাট কোহলী আৰু হাৰ্দিক পাণ্ডিয়াক কৃতিত্ব দিছে বহুতে । সূৰ্যকুমাৰ যাদৱেও আজিৰ দিনটোত ১০ টা বলত ১৪ ৰাণ কৰি পেভিলিয়নলৈ উভতি আহে। আদোল ৰছিদে তেওঁৰ উইকেট লয়। ভাৰতে প্ৰথম ১৫ অভাৰত ১০০ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত  হাৰ্দিকে শেষৰ ৫ অভাৰত ৬৮  ৰাণ সংগ্ৰহ কৰাটো এক বিশেষ কথা হিচাবে গণ্য কৰিব পাৰি। বিৰাটে   ৪০ টা বলত ৫০ ৰাণ কৰিছিল। 

ভাৰতক কম ৰাণত সীমাবদ্ধ কৰাৰ বাবে ইংলেণ্ডৰ ফিল্ডিংক কৃতিত্ব দিয়া উচিত। বাটলাৰে ফিল্ডাৰজনক সঠিক স্থানত ৰাখিছিল ঠিক যেনেদৰে বলাৰসকলে লাইন আৰু লেংথৰ সৈতে বল কৰিছিল।  ইংলেণ্ডে পৰিকল্পনা অনুসৰি বলিং  কৰি আৰম্ভণিৰে পৰা ভাৰতক চাপত ৰাখিবলৈ সক্ষম হয়।  
ভাৰতৰ ২০ অভাৰত ১৬৮ ৰানৰ বিপৰীতে ইংলেণ্ডে মাত্ৰ ১৬ অভাৰতে ১৭০ ৰান কৰি বিজয়ৰ হাঁহি মাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু