--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা সময়ত পৃথিৱীত বিচৰণ কৰি ফুৰা দৈত্যকায় ডাইনোচৰবোৰ এদিন কোনো অজ্ঞাত কাৰণত পৃথিৱীৰ পৰা হেৰাই গৈছিল৷ পৃথিৱীৰ পৰা হেৰাই যোৱা ডাইনোচৰৰ কণীকে ধৰি দেহৰ অৱশিষ্ট এতিয়াও পৃথিৱীৰ বিভিন্ন ঠাইত উদ্ধাৰ হৈ আছে৷ ভাৰতৰ উত্তৰ প্ৰদেশৰ লগতে আমাৰ উত্তৰ -পূব ভাৰততো ডাইনোচৰৰ বিভিন্ন অৱশিষ্ট আৱিষ্কাৰ হৈছে৷ পৃথিৱীৰ পৰা হেৰাই যোৱা বুলি ধাৰণা কৰা দৈত্যকায় ডাইনোচৰ পুনৰ দেখা গৈছে মেক্সিকোত৷ 

শেহতীয়াকৈ মেক্সিকোৰ হাবিত ডাইনোচৰৰ পোৱালিয়ে দৌৰি থকাৰ দৃশ্য কেমেৰাত বন্দী  হৈছে৷ সেই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে সাধাৰণ মানুহৰ  মাজত কৌতূহল বৃদ্ধি পাইছে৷  সেই দৃশ্য সেয়া সঁচা নে মিছা তাকেলৈয়ো প্ৰশ্নৰ উদ্দৰেক ঘটিছে।ভাইৰেল হৈ পৰা ভিডিঅ’ত দেখা গৈছে যে  মেক্সিকোৰ এখন অৰণ্যত  'ডাইনোচৰ'ৰ পোৱালিয়ে দৌৰি আছে৷ 


অৱশ্যে, ভাইৰেল ভিডিঅ'টোত পোৱালিবোৰৰ দেহৰ প্ৰকৃত  ৰং কি সেয়া স্পষ্ট নহয়, পোৱালি বোৰ  গাঢ় মুগা আৰু ক'লা ৰঙত দৃশ্যমান হৈছে। ভিডিঅ'টোত দেখা গৈছে যে পোৱালিবোৰৰ কিছুমানৰ দীঘল ডিঙি আছে সিহঁতৰ পিছফালে নেজ নাই। পোৱালিবোৰে কিছুমানে অতি দ্ৰুতগতিত দৌৰি থকা দেখা গৈছে। 
ভিডিঅ'টোৰ সত্যতা পৰীক্ষা কৰি বহুতে এই সত্যত উপনীত হৈছে যে সেয়া দৰাচলতে  ডাইনোচৰ নহয়,  দেখাত একেধৰণৰ  মংগুজ সদৃশ প্ৰাণীহে। 

সেই  জীৱবিধৰ  নাম হৈছে কোয়েটিছ বা কোটিমুণ্ডিছ। এনে জীৱ দক্ষিণ আমেৰিকা, মধ্য আমেৰিকা, মেক্সিকো আৰু দক্ষিণ-পশ্চিম আমেৰিকাত পোৱা যায়। এই জীৱবোৰ ১৩ ৰ পৰা ২৭  ইঞ্চি দীঘল হয়।সিহঁতৰ প্ৰতিটোৰ  ওজন ২ৰ পৰা ৮ কিলোগ্ৰাম পৰ্যন্ত হয়। লগতে মতা কোয়েটিবোৰৰ আকাৰৰ মহিলাতকৈ দুগুণ ডাঙৰ।সিহঁতৰ নখবোৰ ভালুক আৰু ৰেকুনৰ দৰে। আনহাতে মুখখন গাহৰিৰ মুখৰ দৰে।

যেতিয়া এই প্ৰাণীটোৱে দ্ৰুতগতিত দৌৰে এনে লাগে যেন  ডাইনোচৰৰ পোৱালিয়েহে দৌৰি আছে৷ এনে প্ৰাণী  সাধাৰণতে সাত বছৰলৈকে জীয়াই থাকে।  চিৰিয়াখানাত ৰাখিলে এনে প্ৰাণীয়ে  কমেও ১৯  বছৰ জীয়াই থাকিব পাৰে বুলি একাংশ স্থানীয় লোকে প্ৰকাশ কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক