--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা সময়ত পৃথিৱীত বিচৰণ কৰি ফুৰা দৈত্যকায় ডাইনোচৰবোৰ এদিন কোনো অজ্ঞাত কাৰণত পৃথিৱীৰ পৰা হেৰাই গৈছিল৷ পৃথিৱীৰ পৰা হেৰাই যোৱা ডাইনোচৰৰ কণীকে ধৰি দেহৰ অৱশিষ্ট এতিয়াও পৃথিৱীৰ বিভিন্ন ঠাইত উদ্ধাৰ হৈ আছে৷ ভাৰতৰ উত্তৰ প্ৰদেশৰ লগতে আমাৰ উত্তৰ -পূব ভাৰততো ডাইনোচৰৰ বিভিন্ন অৱশিষ্ট আৱিষ্কাৰ হৈছে৷ পৃথিৱীৰ পৰা হেৰাই যোৱা বুলি ধাৰণা কৰা দৈত্যকায় ডাইনোচৰ পুনৰ দেখা গৈছে মেক্সিকোত৷ 

শেহতীয়াকৈ মেক্সিকোৰ হাবিত ডাইনোচৰৰ পোৱালিয়ে দৌৰি থকাৰ দৃশ্য কেমেৰাত বন্দী  হৈছে৷ সেই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে সাধাৰণ মানুহৰ  মাজত কৌতূহল বৃদ্ধি পাইছে৷  সেই দৃশ্য সেয়া সঁচা নে মিছা তাকেলৈয়ো প্ৰশ্নৰ উদ্দৰেক ঘটিছে।ভাইৰেল হৈ পৰা ভিডিঅ’ত দেখা গৈছে যে  মেক্সিকোৰ এখন অৰণ্যত  'ডাইনোচৰ'ৰ পোৱালিয়ে দৌৰি আছে৷ 


অৱশ্যে, ভাইৰেল ভিডিঅ'টোত পোৱালিবোৰৰ দেহৰ প্ৰকৃত  ৰং কি সেয়া স্পষ্ট নহয়, পোৱালি বোৰ  গাঢ় মুগা আৰু ক'লা ৰঙত দৃশ্যমান হৈছে। ভিডিঅ'টোত দেখা গৈছে যে পোৱালিবোৰৰ কিছুমানৰ দীঘল ডিঙি আছে সিহঁতৰ পিছফালে নেজ নাই। পোৱালিবোৰে কিছুমানে অতি দ্ৰুতগতিত দৌৰি থকা দেখা গৈছে। 
ভিডিঅ'টোৰ সত্যতা পৰীক্ষা কৰি বহুতে এই সত্যত উপনীত হৈছে যে সেয়া দৰাচলতে  ডাইনোচৰ নহয়,  দেখাত একেধৰণৰ  মংগুজ সদৃশ প্ৰাণীহে। 

সেই  জীৱবিধৰ  নাম হৈছে কোয়েটিছ বা কোটিমুণ্ডিছ। এনে জীৱ দক্ষিণ আমেৰিকা, মধ্য আমেৰিকা, মেক্সিকো আৰু দক্ষিণ-পশ্চিম আমেৰিকাত পোৱা যায়। এই জীৱবোৰ ১৩ ৰ পৰা ২৭  ইঞ্চি দীঘল হয়।সিহঁতৰ প্ৰতিটোৰ  ওজন ২ৰ পৰা ৮ কিলোগ্ৰাম পৰ্যন্ত হয়। লগতে মতা কোয়েটিবোৰৰ আকাৰৰ মহিলাতকৈ দুগুণ ডাঙৰ।সিহঁতৰ নখবোৰ ভালুক আৰু ৰেকুনৰ দৰে। আনহাতে মুখখন গাহৰিৰ মুখৰ দৰে।

যেতিয়া এই প্ৰাণীটোৱে দ্ৰুতগতিত দৌৰে এনে লাগে যেন  ডাইনোচৰৰ পোৱালিয়েহে দৌৰি আছে৷ এনে প্ৰাণী  সাধাৰণতে সাত বছৰলৈকে জীয়াই থাকে।  চিৰিয়াখানাত ৰাখিলে এনে প্ৰাণীয়ে  কমেও ১৯  বছৰ জীয়াই থাকিব পাৰে বুলি একাংশ স্থানীয় লোকে প্ৰকাশ কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ