--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাজ আকাশতে 'হট এয়াৰ বেলুন’ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। বেলুনটোত জুই লগাৰ ফলত এটি শিশু অগ্নিদগ্ধ হয়। আতংকিত হৈ জঁপিয়াই মৃত্যুমুখত পৰে দুজন পৰ্যটক। এই ভয়ংকৰ ঘটনা ঘটিছে মেক্সিকো চহৰত।

স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি মেক্সিকো চহৰৰ পৰা ৭০ কিলোমিটাৰ দূৰত্বত অৱস্থিত টিওটিহুয়াকানত সংঘটিত হৈছে এই দুৰ্ঘটনা। টিওটিহুয়াকান এটা জনপ্ৰিয় প্ৰত্নতাত্ত্বিক স্থান। প্ৰতি বছৰে বহু পৰ্যটক এই প্ৰত্নতাত্ত্বিক স্থানলৈ গৈ পিৰামিডসমূহ চায়। শনিবাৰেও পৰ্যটকৰ বিপুল ভিৰ। সমগ্ৰ প্ৰত্নতাত্ত্বিক স্থানত ওপঙিবলৈ ‘হট এয়াৰ’ বেলুনৰো ব্যৱস্থা আছে।

ব্যক্তিগত উদ্যোগত ১৫০ ডলাৰৰ বিনিময়ত সেই ‘হট এয়াৰ’ বেলুনটোত পৰ্যটকক ইফালে সিফালে দেখুওৱা হয়। শনিবাৰেও কেইবাজনো পৰ্যটকে গৰম বতাহৰ বেলুনত প্ৰত্নতাত্ত্বিক স্থানটো অন্বেষণ কৰিছিল। এই দুৰ্ঘটনাটো এটা বেলুনত সংঘটিত হয়। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, উৰণৰ কিছু সময়ৰ পিছতে হট এয়াৰ বেলুন এটাৰ গণ্ডোলাত হঠাতে জুই লাগে। আতংকিত হৈ পৰিল পৰ্যটকসকল। বেলুনটোৰ উচ্চতা আছিল ১৫০-২০০ ফুট। বেলুনত জুই দ্ৰুতগতিত বিয়পি পৰাত দুজন পৰ্যটক আতংকিত হৈ জপিয়াই মৃত্যুমুখত পৰে।

বেলনুত কিমানজন লোক আছিল সেই কথা স্পষ্ট কৰিব পৰা নাই স্থানীয় প্ৰশাসনে। দুজন লোকৰ মৃত্যু হোৱাটো নিশ্চিত কৰে। নিহতসকলৰ ভিতৰত আছে এগৰাকী ৩৯ বছৰীয়া মহিলা আৰু পঞ্চাশৰ দশকৰ এজন পুৰুষ পৰ্যটক। প্ৰশাসনে তেওঁলোকৰ নাম আৰু পৰিচয় প্ৰকাশ কৰা নাই। এই দুৰ্ঘটনা কেনেদৰে সংঘটিত হয় তাৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। এই ধৰণৰ মনোৰঞ্জনত সুৰক্ষাৰ বিষয়টো সঠিকভাৱে সমাধান কৰা হৈছে নে নাই সেই লৈ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন