--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাজ আকাশতে 'হট এয়াৰ বেলুন’ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। বেলুনটোত জুই লগাৰ ফলত এটি শিশু অগ্নিদগ্ধ হয়। আতংকিত হৈ জঁপিয়াই মৃত্যুমুখত পৰে দুজন পৰ্যটক। এই ভয়ংকৰ ঘটনা ঘটিছে মেক্সিকো চহৰত।

স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি মেক্সিকো চহৰৰ পৰা ৭০ কিলোমিটাৰ দূৰত্বত অৱস্থিত টিওটিহুয়াকানত সংঘটিত হৈছে এই দুৰ্ঘটনা। টিওটিহুয়াকান এটা জনপ্ৰিয় প্ৰত্নতাত্ত্বিক স্থান। প্ৰতি বছৰে বহু পৰ্যটক এই প্ৰত্নতাত্ত্বিক স্থানলৈ গৈ পিৰামিডসমূহ চায়। শনিবাৰেও পৰ্যটকৰ বিপুল ভিৰ। সমগ্ৰ প্ৰত্নতাত্ত্বিক স্থানত ওপঙিবলৈ ‘হট এয়াৰ’ বেলুনৰো ব্যৱস্থা আছে।

ব্যক্তিগত উদ্যোগত ১৫০ ডলাৰৰ বিনিময়ত সেই ‘হট এয়াৰ’ বেলুনটোত পৰ্যটকক ইফালে সিফালে দেখুওৱা হয়। শনিবাৰেও কেইবাজনো পৰ্যটকে গৰম বতাহৰ বেলুনত প্ৰত্নতাত্ত্বিক স্থানটো অন্বেষণ কৰিছিল। এই দুৰ্ঘটনাটো এটা বেলুনত সংঘটিত হয়। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, উৰণৰ কিছু সময়ৰ পিছতে হট এয়াৰ বেলুন এটাৰ গণ্ডোলাত হঠাতে জুই লাগে। আতংকিত হৈ পৰিল পৰ্যটকসকল। বেলুনটোৰ উচ্চতা আছিল ১৫০-২০০ ফুট। বেলুনত জুই দ্ৰুতগতিত বিয়পি পৰাত দুজন পৰ্যটক আতংকিত হৈ জপিয়াই মৃত্যুমুখত পৰে।

বেলনুত কিমানজন লোক আছিল সেই কথা স্পষ্ট কৰিব পৰা নাই স্থানীয় প্ৰশাসনে। দুজন লোকৰ মৃত্যু হোৱাটো নিশ্চিত কৰে। নিহতসকলৰ ভিতৰত আছে এগৰাকী ৩৯ বছৰীয়া মহিলা আৰু পঞ্চাশৰ দশকৰ এজন পুৰুষ পৰ্যটক। প্ৰশাসনে তেওঁলোকৰ নাম আৰু পৰিচয় প্ৰকাশ কৰা নাই। এই দুৰ্ঘটনা কেনেদৰে সংঘটিত হয় তাৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। এই ধৰণৰ মনোৰঞ্জনত সুৰক্ষাৰ বিষয়টো সঠিকভাৱে সমাধান কৰা হৈছে নে নাই সেই লৈ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস