--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ এখন বিদ্যালয়ৰ অদ্ভুত পদক্ষেপ। শাৰীৰিক সংস্পৰ্শক শূন্য সহনশীলতা নীতি হিচাপে ঘোষণা কৰিছে বিদ্যালয়খনে। বিদ্যালয়খনৰ নিৰ্ধাৰিত সময়ত ছাত্ৰ-ছাত্ৰীসকলক আলিংগনত নিষেধাজ্ঞা আৰোপ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। মানচেষ্টাৰৰ ওচৰত অৱস্থিত মছলি হলিন্স হাইস্কুলে ঘোষণা কৰে যে ছাত্ৰ-ছাত্ৰীসকলে ইজনে সিজনৰ লগত কোনো ধৰণৰ শাৰীৰিক সংস্পৰ্শৰ পৰা বিৰত থাকিব লাগিব। কোনো ছাত্ৰই কেতিয়াও আন এজন ছাত্ৰক স্পৰ্শ কৰিব নালাগে বুলি কোৱা ‘ন’ কণ্টেক্ট’ নিয়মত কাৰোবাৰ বাহুত ধৰা কাৰ্য্যও নিষিদ্ধ কৰা হৈছে।

‘ন’ কণ্টেক্ট’ নিয়ম অনুসৰি, ‘অন্য ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই নিয়া, আলিংগন কৰা, বা খেলা-ধূলা কৰা’ৰ দৰে কথাবোৰত বাধা নিষেধ কৰা হৈছে। মেট্ৰ’ ডট কমৰ এক প্ৰতিবেদন অনুসৰি বিদ্যালয়ৰ বিৰতিৰ সময়ত আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়তো এই নীতি প্ৰযোজ্য হ’ব বুলি সদৰী কৰিছে।

বিদ্যালয়খনৰ শেহতীয়া বাতৰি কাকতত কোনো ছাত্ৰই কেতিয়াও আন এজন ছাত্ৰক স্পৰ্শ কৰা উচিত নহয় বুলি প্ৰকাশ পাইছে। বিদ্যালয়খনৰ এই নতুন নিয়মক ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা নেটিজেনে তীব্ৰ সমালোচনাৰ দৃইষ্টিৰে চোৱা পৰিলক্ষিত হৈছে। 

অভিভাৱকসকলে বিদ্যালয়খনে ন’-কণ্টেক্ট নিয়মৰ জৰিয়তে তেওঁলোকৰ ল’ৰা-ছোৱালীক ‘ৰবট’লৈ ৰূপান্তৰিত কৰিব বিচাৰিছে বুলি মত প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়াত হোৱা প্ৰতিক্ৰিয়াৰ পিছতে বিদ্যালয়খনে নতুন নিয়মৰ ৰক্ষাৰ বাবে এক বিবৃতি প্ৰকাশ কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ