--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ এখন বিদ্যালয়ৰ অদ্ভুত পদক্ষেপ। শাৰীৰিক সংস্পৰ্শক শূন্য সহনশীলতা নীতি হিচাপে ঘোষণা কৰিছে বিদ্যালয়খনে। বিদ্যালয়খনৰ নিৰ্ধাৰিত সময়ত ছাত্ৰ-ছাত্ৰীসকলক আলিংগনত নিষেধাজ্ঞা আৰোপ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। মানচেষ্টাৰৰ ওচৰত অৱস্থিত মছলি হলিন্স হাইস্কুলে ঘোষণা কৰে যে ছাত্ৰ-ছাত্ৰীসকলে ইজনে সিজনৰ লগত কোনো ধৰণৰ শাৰীৰিক সংস্পৰ্শৰ পৰা বিৰত থাকিব লাগিব। কোনো ছাত্ৰই কেতিয়াও আন এজন ছাত্ৰক স্পৰ্শ কৰিব নালাগে বুলি কোৱা ‘ন’ কণ্টেক্ট’ নিয়মত কাৰোবাৰ বাহুত ধৰা কাৰ্য্যও নিষিদ্ধ কৰা হৈছে।

‘ন’ কণ্টেক্ট’ নিয়ম অনুসৰি, ‘অন্য ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই নিয়া, আলিংগন কৰা, বা খেলা-ধূলা কৰা’ৰ দৰে কথাবোৰত বাধা নিষেধ কৰা হৈছে। মেট্ৰ’ ডট কমৰ এক প্ৰতিবেদন অনুসৰি বিদ্যালয়ৰ বিৰতিৰ সময়ত আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়তো এই নীতি প্ৰযোজ্য হ’ব বুলি সদৰী কৰিছে।

বিদ্যালয়খনৰ শেহতীয়া বাতৰি কাকতত কোনো ছাত্ৰই কেতিয়াও আন এজন ছাত্ৰক স্পৰ্শ কৰা উচিত নহয় বুলি প্ৰকাশ পাইছে। বিদ্যালয়খনৰ এই নতুন নিয়মক ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা নেটিজেনে তীব্ৰ সমালোচনাৰ দৃইষ্টিৰে চোৱা পৰিলক্ষিত হৈছে। 

অভিভাৱকসকলে বিদ্যালয়খনে ন’-কণ্টেক্ট নিয়মৰ জৰিয়তে তেওঁলোকৰ ল’ৰা-ছোৱালীক ‘ৰবট’লৈ ৰূপান্তৰিত কৰিব বিচাৰিছে বুলি মত প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়াত হোৱা প্ৰতিক্ৰিয়াৰ পিছতে বিদ্যালয়খনে নতুন নিয়মৰ ৰক্ষাৰ বাবে এক বিবৃতি প্ৰকাশ কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি