--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ধৰ্ষণৰ ৰাজধানীত পৰিণত হৈছে এখন প্ৰদেশ। এই পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ এতিয়া জৰুৰী অৱস্থা ঘোষণা কৰাৰ দিশে অগ্ৰসৰ হৈছে এখন চৰকাৰ। মহিলা আৰু শিশুৰ ওপৰত অতি ব্যাপক হাৰত বৃদ্ধি পোৱা ধৰ্ষণৰ ঘটনাই এতিয়া উদ্বিগ্ন কৰি তুলিছে প্ৰদেশখনক। এই ঘটনা সংঘটিত হৈছে পাকিস্তানৰ পঞ্জাব প্ৰদেশত।

সোমবাৰে এই সম্পৰ্কীয় পৰিস্থিতি সম্পৰ্কত চৰকাৰৰ উদ্বিগ্নতাৰ কথা প্ৰকাশৰ বাবে এখন সংবাদ মেল সম্বোধন কৰিছিল পঞ্জাবৰ গৃহমন্ত্ৰীয়ে। পঞ্জাব প্ৰদেশৰ গৃহমন্ত্ৰী আট্টা তাৰাৰে কয় যে, এইধৰণৰ ঘটনা সংঘটিত হৈ থকাটো অথি উদ্বেগৰ বিষয়। সমাজ তথা চৰকাৰী বিষয়াসকলৰ বাবে এয়া এক চিন্তনীয় বিষয় হৈ পৰিছে।

তেওঁ কয় যে, পঞ্জাবত দৈনিক চাৰি, পাঁচটাকৈ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ধৰ্ষণ কাণ্ডৰ সৈতে মোকাবিলা কৰাৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণৰ দিশে অগ্ৰসৰ হৈছে। যৌন নিৰ্যাতন, ধৰ্ষণ, আৰু অন্য অপৰাধমূলক কাম-কাজৰ সৈতে মোকাবিলা কৰাৰ বাবে চৰকাৰে নতুন পদক্ষেপ গ্ৰহণ কৰিব।

তেওঁ কয় যে, এই পৰিস্থিতিৰ সৈতে মোকাবিলাৰ বাবে প্ৰশাসনে জৰুৰী অৱস্থা ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, বিভিন্ন নাৰী অধিকাৰ সংগঠন, শিক্ষক আৰু অন্যান্য কৰ্তৃত্বশীল মহলৰ সৈতে এই বিষয়টোক লৈ আলোচনা কৰা হ’ব। তেওঁ লগতে পিতৃ-মাতৃকো সন্তানৰ নিৰাপত্তাৰ দিশটোত চকু দিবলৈ আহ্বান জনায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র