--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ধৰ্ষণৰ ৰাজধানীত পৰিণত হৈছে এখন প্ৰদেশ। এই পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ এতিয়া জৰুৰী অৱস্থা ঘোষণা কৰাৰ দিশে অগ্ৰসৰ হৈছে এখন চৰকাৰ। মহিলা আৰু শিশুৰ ওপৰত অতি ব্যাপক হাৰত বৃদ্ধি পোৱা ধৰ্ষণৰ ঘটনাই এতিয়া উদ্বিগ্ন কৰি তুলিছে প্ৰদেশখনক। এই ঘটনা সংঘটিত হৈছে পাকিস্তানৰ পঞ্জাব প্ৰদেশত।

সোমবাৰে এই সম্পৰ্কীয় পৰিস্থিতি সম্পৰ্কত চৰকাৰৰ উদ্বিগ্নতাৰ কথা প্ৰকাশৰ বাবে এখন সংবাদ মেল সম্বোধন কৰিছিল পঞ্জাবৰ গৃহমন্ত্ৰীয়ে। পঞ্জাব প্ৰদেশৰ গৃহমন্ত্ৰী আট্টা তাৰাৰে কয় যে, এইধৰণৰ ঘটনা সংঘটিত হৈ থকাটো অথি উদ্বেগৰ বিষয়। সমাজ তথা চৰকাৰী বিষয়াসকলৰ বাবে এয়া এক চিন্তনীয় বিষয় হৈ পৰিছে।

তেওঁ কয় যে, পঞ্জাবত দৈনিক চাৰি, পাঁচটাকৈ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ধৰ্ষণ কাণ্ডৰ সৈতে মোকাবিলা কৰাৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণৰ দিশে অগ্ৰসৰ হৈছে। যৌন নিৰ্যাতন, ধৰ্ষণ, আৰু অন্য অপৰাধমূলক কাম-কাজৰ সৈতে মোকাবিলা কৰাৰ বাবে চৰকাৰে নতুন পদক্ষেপ গ্ৰহণ কৰিব।

তেওঁ কয় যে, এই পৰিস্থিতিৰ সৈতে মোকাবিলাৰ বাবে প্ৰশাসনে জৰুৰী অৱস্থা ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, বিভিন্ন নাৰী অধিকাৰ সংগঠন, শিক্ষক আৰু অন্যান্য কৰ্তৃত্বশীল মহলৰ সৈতে এই বিষয়টোক লৈ আলোচনা কৰা হ’ব। তেওঁ লগতে পিতৃ-মাতৃকো সন্তানৰ নিৰাপত্তাৰ দিশটোত চকু দিবলৈ আহ্বান জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা