--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এতিয়া যুদ্ধক লৈ ব্যাপক চৰ্চা। ৰাচিয়াই যিকোনো মুহূৰ্ততে আক্ৰমণ কৰিব পাৰে ইউক্ৰেইন। সম্ভাব্য যুদ্ধ প্ৰতিহত কৰিবলৈ ইউক্ৰেইনৰ তৰফৰ পৰাও সামৰিক আৰু কুটনৈতিক কৌশল অব্যাহত ৰাখিছে। কিন্তু এই সকলো প্ৰতিৰোধ কৌশলে ইউক্ৰেইন বচাব পাৰিবনে বা কুটনৈতিক আলোচনাই যুদ্ধৰ বিভীষিকা শেষ কৰিব পাৰিবনে তাক লৈ এতিয়া বিশ্বজুৰি চৰ্চাৰ অন্ত নাই। ইউক্ৰেইনৰ পৰা উভতি আহক। এনেদৰে কেন্দ্ৰই সেই দেশত বাস কৰা ভাৰতীয় নাগৰিকসকলক অনুৰোধ জনাইছে। দেওবাৰে ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসৰ দ্বাৰা এটা টুইট পোষ্ট কৰা হৈছিল। য’ত এইটো উল্লেখ কৰা হৈছে, যদি ঘূৰি অহা সম্ভৱ এতিয়াই ইউক্ৰেইনৰ পৰা উভতি আহক। প্ৰয়োজন হ’লে বাণিজ্যিক বা চাৰ্টাৰ্ড বিমানৰে ভাৰতলৈ উভতি আহিবলৈ নিৰ্দেশ দিছে ভাৰতীয় দূতবাসে। ভাৰতীয় শিক্ষাৰ্থীকে ধৰি সকলো নাগৰিকক জনোৱা হৈছে যে ইউক্ৰেইনৰ পৰিস্থিতি এই মুহূৰ্তত একেবাৰে অনুকূল নহয়। সমগ্ৰ দেশখনতে যুদ্ধৰ আশংকাই দেখা দিছে। ফলস্বৰূপে, ভাৰতীয়সকল দেশলৈ উভতি অহা উচিত বুলি ভাৰতীয় দূতবাসে কৈছে। একে সময়তে, ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে শিক্ষাৰ্থীসকলক চাৰ্টাৰ্ড বিমান সম্পৰ্কীয় সকলো তথ্য শিক্ষাৰ্থীসকলক দিয়া হৈছে। তদুপৰি, দূতাবাসৰ ফেচবুক, ৱেবছাইট আৰু টুইটাৰৰ ওপৰত নজৰ ৰাখিবলৈও অনুৰোধ জনোৱা হৈছে। ইয়াৰ উপৰি, ইউক্ৰেইনত বাস কৰা ভাৰতীয়সকলৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা নিয়ন্ত্ৰণ কক্ষ মুকলি কৰিছে। আনহাতে বিমানৰ টিকটো এতিয়া সহজে উপলব্ধ হোৱা নাই বুলিও বহুতো লোকে অভিযোগ উত্থাপন হৈছে। ভাৰত চৰকাৰে দিনে ২৪ ঘণ্টাই ইউক্ৰেইনৰ দূতাবাসৰ সৈতে যোগাযোগ কৰি আছে নিশ্চয়তা দিছে। ইয়াৰ মাজতে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰশক্তিয়ে এতিয়াও দাবী কৰে যে ৰাছিয়াই যিকোনো সময়তে ইউক্ৰেইন আক্ৰমণ কৰিব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনে ইতিমধ্যে তেওঁলোকৰ নাগৰিকসকলক ইউক্ৰেইন এৰি যাবলৈ নিৰ্দেশ দিছে। অষ্ট্ৰিয়া আৰু জাৰ্মানীয়ে একেই আদেশ জাৰি কৰিছিল। ফলস্বৰূপে, ৰাছিয়াই মুখামুখি আক্ৰমণৰ সম্ভাৱনা অস্বীকাৰ কৰিছে, কিন্তু পৰিস্থিতি এতিয়াও যথেষ্ট উদ্বেগজনক। এই কথা উপলব্ধি কৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে পুটিনৰ সৈতে আলোচনা কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। অৱশ্যে, পুটিনে তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাব নে নাই সেয়াহে লক্ষ্যণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ