--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ব্ৰাজিলৰ মনোৰম চহৰ পেট্ৰোপলিছত মুষলধাৰ বৰষুণৰ ফলত হোৱা আকস্মিক বান আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ১৫২লৈ বৃদ্ধি পাইছে। দেওবাৰে চৰকাৰী কৰ্তৃপক্ষই এই তথ্য প্ৰকাশৰ লগে লগে মৃতকৰ আত্মাৰ সদগতি কামনা কৰে৷ বৰ্তমানেও দক্ষিণ-পূব চহৰখনত উদ্ধাৰকাৰীসকলে অভিযান অব্যাহত ৰাখিছে৷ ইপিনে সন্ধানহীন লোকক বিচাৰি থকা আত্মীয়সকলেও বোকা আৰু ধ্বংসস্তূপত অভিযান অব্যাহত ৰাখিছিল৷ সেই দৃশ্য পৰিলক্ষিত কৰি ৰাষ্ট্ৰপতি জাইৰ বোলচোনাৰোৱে শুকুৰবাৰে 'যুদ্ধৰ দৃশ্য' যেন লাগিছিল বুলি মন্তব্য কৰে৷ আৰক্ষীয়ে জনোৱা মতে মঙলবাৰৰ ধুমুহাৰ পাছত ১৬৫জন লোক সন্ধানহীন হৈ আছে। ধ্বংসাৱশেষৰ তলত আৰু কোনো জীৱিত অৱস্থাত পোৱাৰ সম্ভাৱনা নাই বুলিও কৰ্তৃপক্ষই কয়। লগতে কয় মৃতকৰ সংখ্যা যে বৃদ্ধি পাব পৰৱৰ্তী সময়ত সেয়াও নিশ্চিত৷ এতিয়ালৈকে ২৮টা শিশুসহ ১২৪টা মৃতদেহ চিনাক্ত কৰা হৈছে বুলি জানিবলৈ দিয়ে৷ পোপ ফ্ৰান্সিছে দেওবাৰে ভেটিকানৰ ছেইণ্ট পিটাৰ্ছ স্কোৱেৰত এঞ্জেলাছৰ প্ৰাৰ্থনাৰ পাছত তেওঁৰ শেহতীয়া শোকবাৰ্তা প্ৰেৰণ কৰিছিল। শেহতীয়াকৈ ঘূৰ্ণীবতাহৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা 'বিধ্বস্ত' পেট্ৰোপলিছৰ লগতে মাদাগাস্কাৰৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, 'মই পূৰ্বৰ দিনবোৰত প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মোৰ সমবেদনা প্ৰকাশ কৰিছো।’ তেওঁ কয়, ‘প্ৰভু, মৃতসকলক শান্তিৰে স্বাগতম জনাওক, পৰিয়ালৰ সদস্যসকলক সান্ত্বনা দিয়ক আৰু যিসকলে সহায় আগবঢ়ায় তেওঁলোকক সমৰ্থন কৰক।’ যোৱা তিনি মাহত তীব্ৰ বৰষুণত ২০০ৰো অধিক লোকৰ মৃত্যু হৈছে৷ মুখ্যতঃ দক্ষিণ-পূব ৰাজ্য চাও পাওলো আৰু উত্তৰ-পূবৰ ৰাজ্য বাহিয়াৰ লগতে পেট্ৰোপলিছ চহৰত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক