--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৰেল পুলিচৰ বিৰুদ্ধে সোচ্চাৰ হ'ল এখন কলেজৰ ছাত্ৰ-ছাত্ৰী। কেৰেলাৰ এটা বাছ ষ্টপৰ পৰা একাংশ ছাত্ৰ-ছাত্ৰীৰ ফটো ভাইৰেল হৈছে এক বিশেষ তথা অনন্য কাৰণত। ত্ৰিবান্দ্ৰম ইঞ্জিনীয়াৰিং কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদে নেটিজনৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। দৰাচলতে স্থানীয় ৰাইজ আৰু একাংশ সংগঠনে বাছ ষ্টপেজৰ পৰা দীঘলীয়া বেঞ্চখন কাটি তিনিটা পৃথক আসনলৈ ৰূপান্তৰিত কৰিছিল যাতে কলেজীয়া ছোৱালী-ল’ৰা একেলগে বহিব নোৱাৰে। এই কথাত ক্ষুব্ধ হৈ ইঞ্জিনিয়াৰিঙৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে একেটা বাছ ষ্টপতে ইজনে সিজনৰ কোলাত বহি প্ৰতিবাদ সাব্যস্ত কৰে। 

ছাত্ৰ-ছাত্ৰীসকলে ইজনে সিজনৰ কোলাত বহি স্থানীয় ৰাইজলৈ এক বলিষ্ঠ বাৰ্তা প্ৰেৰণৰ চেষ্টা চলায়। তেওঁলোকে কয় যে ''আমাৰ বিৰোধিতা সমাজৰ বিৰুদ্ধে নহয়, তেওঁলোকৰ চিন্তাধাৰাৰ বিৰুদ্ধেহে। আমি ল’ৰা-ছোৱালী একেলগে বহি থকাৰ প্ৰথা স্বাভাৱিক কৰিব বিচাৰো। আমি এই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰো যে লিংগৰ বাধা আঁতৰাই মানুহ হিচাপে আমাক চাব লাগে।''

স্থানীয় ৰাইজে নিৰন্তৰ ছাত্ৰ-ছাত্ৰীকসকলক হাৰাশাস্তি কৰি থকা বুলি ছাত্ৰ-ছাত্ৰী সকলে জানিবলৈ দিয়ে। বিশেষকৈ যেতিয়া গভীৰ নিশা ছোৱালী হোষ্টেললৈ উভতি আহে তেতিয়া অশান্তি কৰে। আনকি ছাত্ৰ-ছাত্ৰীক একেলগে দেখিলেও মৰেল পুলিচে অশান্তি দিয়ে। এগৰাকী ছাত্ৰীয়ে ক্ষোভ উজাৰি কয় যে আৰক্ষীয়েও তেওঁলোকৰ অভিযোগৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে। ছোৱালীৰ কাপোৰৰ ওপৰতো মন্তব্য কৰে বুলি জনায় ছাত্ৰীসকলে। আশ্চৰ্যজনক কথাটো আছিল যে আৰক্ষীয়েও তেওঁলোকক সমৰ্থন কৰা বুলি অভিযোগ উত্থাপিত হৈছে ।

ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা ছবিসমূহ ভাইৰেল হোৱাৰ পিছতে তিৰুৱনন্তপুৰম চহৰৰ মেয়ৰ আৰ্য এছ ৰাজেন্দ্ৰনে অঞ্চলটো পৰিদৰ্শন কৰে। মেয়ৰগৰাকীয়ে ফেচবুক পোষ্টযোগে কয় যে যি ধৰণে আসনখন কাটি কাটি তিনিখন আসনত বিভক্ত কৰা হৈছে সেয়া কেৱল অন্যায় নহয়, কেৰেলাৰ দৰে প্ৰগতিশীল সমাজৰ বাবেও অশোভনীয়। তেওঁ কয় যে আমাৰ ৰাজ্যত ছোৱালী-ল’ৰা একেলগে বহি থকাৰ ক্ষেত্ৰত কোনো বাধা নাই আৰু যিসকলে এতিয়াও এনে বাধা থাকিব লাগে বুলি ভাবে, তেওঁলোকে এতিয়াও প্ৰাচীন কালত বাস কৰি আছে।

তেওঁ আৰু কয় যে সময় সলনি হৈছে বুলি বুজি নোপোৱাসকলৰ প্ৰতি সহানুভূতিহে প্ৰকাশ কৰিব পাৰি। মেয়ৰগৰাকীয়ে লগতে কয় যে অঞ্চলটোৰ জনসাধাৰণৰ চিন্তাধাৰা বেলেগ বেলেগ কাৰণ তেওঁলোকৰ বহুতেই পুৰণি কালৰ। চি ই টিৰ ছাত্ৰ-ছাত্ৰীসকলে গ্ৰহণ কৰা স্থিতিৰ শলাগ লৈ ৰাজেন্দ্ৰনে নিজৰ পোষ্টত কয় যে এটা দায়িত্বশীল প্ৰজন্মই প্ৰগতিশীল ভৱিষ্যতৰ ইংগিত বহন কৰিছে। মেয়ৰগৰাকীয়ে নতুন বাছ ষ্টেণ্ড স্থাপন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাল আসন স্থাপন কৰাৰ কথা ঘোষণা কৰে। ছাত্ৰ-ছাত্ৰীয়ে ইজনে সিজনৰ কোচত বহি মৰেল পুলিচৰ বিৰুদ্ধে কৰা প্ৰতিবাদে দেশজুৰি চৰ্চা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেৰালাত ছিগেল্লা ভাইৰাছৰ আতংক; ৬জনৰ মৃত্যু, দুই শতাধিক লোক আক্ৰান্ত
পুৱা খালী পেটত খাওক এই ৪ বিধ বস্তু; জিলিকি উঠিব মুখমণ্ডল
বিশ্বজুৰি হ্ৰাস খাৰুৱা তেলৰ দাম; ইৰান-আমেৰিকাৰ বুজাবুজি চুক্তিৰ প্ৰভাৱ
বৈভৱ সূৰ্যবংশীৰ পিতৃ-মাতৃক ইংলেণ্ড-আয়াৰলেণ্ড ভ্ৰমণৰ অনুমতি
দেশৰ ভিতৰত শীর্ষ শিক্ষা প্রতিষ্ঠান IIT দিল্লী, কিউ এছ ৱৰ্ল্ড ৰেংকিঙৰ শীৰ্ষত এম আই টি
৬ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য