--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল আজি ঘোষণা কৰা হৈছে। এই পৰীক্ষাত সৰ্বভাৰতীয় ভিত্তিত উত্তীৰ্ণৰ শতাংশ হাৰ হৈছে ৯২.৭১ । ফলাফল results.cbse.nic.in আৰু cbse.gov.in ৱেবছাইটত উপলব্ধ হৈছে। এই বছৰৰ চিবিএছই টাৰ্ম ১ আৰু টাৰ্ম ২ পৰীক্ষাত  মুঠ প্ৰাৰ্থীৰ সংখ্যা আছিল ১৬ লাখ। টাৰ্ম 2 পৰীক্ষা অফলাইনত অনুষ্ঠিত হৈছিল। এই পৰীক্ষা ২৬ এপ্ৰিলৰ পৰা ১৫ জুনলৈ অনুষ্ঠিত হৈছিল।  

পশ্চিমবংগৰ ছাউথ পইণ্ট হাইস্কুলৰ ছাত্ৰী জাহ্নৱী শ্বয়ে ৫০০ নম্বৰৰ ভিতৰত ৪৯৫ নম্বৰ লাভ কৰি বিজ্ঞান শাখাত শীৰ্ষস্থান দখল কৰিছে। উল্লেখ্য যে যোৱা মাহত বিজ্ঞান বিভাগৰ ছাত্ৰীগৰাকীয়ে WBJEEত চতুৰ্থ স্থান লাভ কৰিছিল। 

চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত ৯৯ শতাংশ নম্বৰ লাভ কৰে জাহ্নৱীয়ে। জাহ্নৱী শ্বক লৈ উৎফুল্লিত হৈ পৰিছে ছাউথ পইণ্ট হাইস্কুলৰ সমূহ শিক্ষাৰ্থী তথা ছাত্ৰ-ছাত্ৰীসকলক। সকলোৱে ছাত্ৰীগৰাকীক আশীৰ্বাদ আৰু শুভকামনাৰে উপচাই পেলাইছে।

এইবাৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৯২.৭১ শতাংশ। উত্তীৰ্ণ হাৰৰ ক্ষেত্ৰত ছোৱালীয়ে ল’ৰাক অতিক্ৰম কৰিছে। জানিব পৰা মতে  চিবিএছই দশম শ্ৰেণীৰ ফলাফলো শুক্ৰবাৰে দুপৰীয়া ২ বজাৰ ভিতৰত প্ৰকাশ কৰা হ'ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক