--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বংগৰ দুৰ্গৰ পৰা দিল্লীৰ মচনদলৈ যাত্ৰা কৰিবলৈ চেষ্টা অব্যাহত ৰখা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীৰ পথ যে বৰ মসৃণ নহয় সেয়া স্পষ্ট হৈ পৰিছে। শেহতীয়াকৈ অসম ভ্ৰমণ কৰি যোৱা নেত্ৰীগৰাকীয়ে বংগৰ পৰা দেশৰ অন্যান্য প্ৰান্তলৈও নিজৰ পৰিচয় বিস্তৃত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও সেয়া খুব প্ৰভাৱশালী হৈ পৰা দেখিবলৈ পোৱা হোৱা নাই কংগ্ৰেছক ওফৰাই তাৰ স্থান ল’বলৈ মমতাই অহৰহ চেষ্টা অব্যাহত ৰাখিছে যদিও তেওঁৰ চেষ্টা সফল হোৱাৰ সম্ভাৱনা খুব কম যেন দেখা গৈছে। এইবাৰ দলৰ ভিতৰৰ পৰাই মমতাৰ বিৰুদ্ধে আৱাজ উঠিবলৈ আৰম্ভ কৰিছে। মমতাৰ গোৱা বিজয়ৰ স্বপ্নত আঘাত হানি দল ত্যাগ কৰিছে দলটোৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্যই।

তেওঁ দলটোৰ বিৰুদ্ধে আনিছে গুৰুতৰ অভিযোগো। নিজ দলৰ মজিয়াৰ পৰাই মমতাৰ বিৰুদ্ধে এনেদৰে অভিযোগ উত্থাপন হোৱাটো নেত্ৰীগৰাকীৰ বাবে প্ৰত্যাহ্বানৰ কাৰণ হৈ পৰিব পাৰে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কংগ্ৰেছৰ বিৰুদ্ধাচৰণ কৰিবলৈ গৈ নিজেই একাষৰীয়া হৈ পৰাৰ উপক্ৰম ঘটা মমতাৰ দলৰ বিৰুদ্ধে এইবাৰ দলৰ সদ্য পদত্যাগী নেতাই আনিছে গুৰুতৰ অভিযোগ।


তৃণমূল কংগ্ৰেছ বিজেপিতকৈও বেছি সাম্প্ৰদায়িক দল। এই অভিযোগ কৰিছে তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰা গোৱাৰ ৰাজনীতিক লাভো মামলেদাৰে। তৃণমূলত তেওঁ প্ৰায় তিনিমাহৰ আগেয়ে যোগদান কৰিছিল আৰু আজি তেওঁ দলটোৰ পৰা পদত্যাগ কৰে। গোৱাত বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহৰ কুচকাৱাজ অব্যাহত থকাৰ সময়তে মামলেদাৰৰ এই আকস্মিক পদত্যাগ মমতা বেনাৰ্জীৰ দলটোৰ বাবে আকস্মিক আঘাত বিবেচিত হৈছে। তৃণমূলক সাম্প্ৰদায়িক দল বুলি অভিহিত কৰি তেওঁ দলটোৱে ৰাজ্যখনৰ ভোটৰ বাবে হিন্দু আৰু খ্ৰীষ্টানসকলৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰে।

ৰাজ্যখনৰ পোণ্ডা সমষ্টিৰ বিধায়কগৰাকীয়ে ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে তৃণমূলত যোগদান কৰিছিল। ৰাজ্যখনত তৃণমূলৰ প্ৰথম পৰ্যায়ত যোগ দিয়া স্থানীয় নেতাসকলৰ ভিতৰত তেৱোঁ আছিল অন্যতম। পশ্চিমবংগত মমতাৰ চমকপ্ৰদ বিজয়ে তেওঁক দলটোত যোগদানৰ বাবে অনুপ্ৰাণিত কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে, ‘মই তৃণমূলক এটা অতি উদাৰ আৰু ধৰ্মনিৰপেক্ষ দল বুলি ধাৰণা কৰিছিলোঁ। কিন্তু বিগত ১৫-২০দিনে মই লক্ষ্য কৰাৰ পাছত বুজি উঠিছোঁ যে, দলটো বিজেপিতকৈও অধিক বেয়া।’


বংগৰ দুৰ্গৰ পৰা ওলাই সমগ্ৰ দেশতে নিজৰ স্থিতি সুদৃঢ় কৰাৰ চেষ্টা চলাই থকা মমতাৰ বিৰুদ্ধে এনে অভিযোগ দলটোৰ অগ্ৰগামী যাত্ৰাত গতিৰোধক হিচাপে চিহ্নিত হ’ব পাৰে। কিয়নো দলটোৱে প্ৰথমবাৰৰ বাবে গোৱাৰ নিৰ্বাচনত প্ৰতিটো সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা চিন্তা কৰিছে আৰু সেই অনুসৰি প্ৰস্তুতিও চলাই আছে। কিন্তু তাৰ মাজতে যদি এনেধৰণৰ অবঞ্চিত বাধা আহি পৰে তেন্তে মমতাৰ পথ অধিক কঠিন হৈ পৰাৰ সম্ভাৱনাই অধিক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইৰানে হৰমুজ প্রণালী বন্ধ কৰাৰ প্ৰভাৱ; ৬ সপ্তাহৰ পাছত বিমান সেৱা বন্ধ হ’ব ইউৰোপত
গুৱাহাটীৰ সংগীতা ৰাভাৰ শিৰত জিলিকিল ২০২৬ বৰ্ষৰ লতাশিল বিহু সম্ৰাজ্ঞীৰ খিতাপ
মোদী-ট্ৰাম্পৰ টেলিফোনিক বাৰ্তালাপ: পশ্চিম এছিয়াৰ শান্তি আৰু দ্বিপাক্ষিক মিত্ৰতাৰ নতুন দিশ
হাচিফা খানমক নিজৰ কন্যাৰূপে স্বীকৃতি দি আজমলে ল’লে আজীৱন শিক্ষাৰ দায়িত্ব
উজনিৰ চাহ ব্যৱসায়ী-ক্ষুদ্ৰ খেতিয়কৰ হাহাকাৰ, বন্ধ হ'ল যোৰহাটৰ চাহ নিলাম কেন্দ্ৰ
টীয়কৰ জ্যোতি বিদ্যাপীঠত বিদ্যালয় খোলাৰ প্ৰথমটো দিনতে জাতীয় সাজ-পাৰ পৰিধান শিক্ষক-শিক্ষাৰ্থী-কৰ্মচাৰীৰ
চিৰাঙৰ বিজনীত ঘৰত কোনো নথকাৰ সুযোগত কিশোৰীক মাৰপিট ৩ যুৱকৰ
শাৰীৰিক প্ৰত্যাহ্বানক নেওচি মেট্ৰিক পৰীক্ষাত উজলিল নিজজুৰীয়াৰ আতিফ আহমেদ
মন্থৰ হ'ব বিশ্বৰ অৰ্থনৈতিক বিকাশ:ক্রিষ্টালিনা জৰ্জিভা
বিহাৰৰ কাটিহাৰত শোকাৱহ পথ দুৰ্ঘটনা: বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ১৩ জনৰ মৃত্যু, আহত ৩০জন
৯২ বছৰীয়া কিংবদন্তি গায়িকা আশা ভোশলে চিকিৎসালয়ত ভৰ্তি: নাতিনীয়েকে জনালে স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ খবৰ
ভুলবশতঃ আনৰ UPI একাউণ্টত টকা পঠিয়াইছে নেকি? চিন্তা নকৰিব, এইদৰে ঘূৰাই পাব পাৰে আপোনাৰ ধন
৩খন টোলগে'টে শোধাব মাধমাৰ, বিশ্বনাথ-গহপুৰ-খোৱাঙত যান-বাহনে ভৰিব মাচুল
যুদ্ধত ৩৯ মার্কিন যুঁজাৰু বিমান ধ্বংস