--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছ হৈছে মনোৰঞ্জন জগতৰ শক্তিশালী দম্পতী, যাৰ ফেন ফ’ল’ৱাৰ ভাৰতৰ লগতে বিদেশতো আছে। দুয়োজনে ছ’চিয়েল মিডিয়াত আধিপত্য বিস্তাৰ কৰিছে আৰু অনুৰাগীসকলৰ মাজত তেওঁলোকৰ ৰোমান্টিক ছবি আৰু ভিডিঅ’বোৰ অতি জনপ্ৰিয় হৈ পৰে। শেহতীয়াকৈ প্ৰিয়ংকাই ৪০সংখ্যক জন্মদিন উদযাপন কৰিছিল, যাৰ ছবি আৰু ভিডিঅ’ই অনুৰাগীসকলৰ মাজত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

 আচলতে প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছৰ এটা ফেন পেজে ইনষ্টাগ্ৰামত দুয়োৰে ৰোমান্টিক ভিডিঅ’ শ্বেয়াৰ কৰিছে, যিটো অভিনেত্ৰীগৰাকীৰ জন্মদিনৰ। এই ভিডিঅ'টোত জন্মদিন উদযাপনৰ আভাস দেখুওৱা হৈছে, কিন্তু অতি ৰোমান্টিকভাৱে আৰম্ভ হোৱা ভিডিঅ’টোত দেখা যায় যে প্ৰিয়ংকা আৰু নিক জোনাছে লিপলক কৰি আছে। ইয়াৰ পাছত সাগৰৰ পাৰৰ এক ৰোমাণ্টিক আভাস দেখুওৱা হৈছে।

 ভিডিঅ’টোত প্ৰিয়ংকা চোপ্ৰা, নিক জোনাছ আৰু অভিনেত্ৰীগৰাকীৰ মাতৃ মধু চোপ্ৰাক নৃত্য কৰা দেখা যায় আৰু তাৰ পাছত স্বামী নিকক লৈ সূৰ্যাস্ত উপভোগ কৰে অভিনেত্ৰীগৰাকীয়ে। প্ৰিয়ংকা চোপ্ৰাৰ জন্মদিন উদযাপনৰ এই ভিডিঅ'টোত অনুৰাগীসকলে মৰমেৰে মন্তব্য আগবঢ়াইছে। বহুতে প্ৰিয়ংকা আৰু নিকক শ্ৰেষ্ঠ দম্পতী বুলি অভিহিত কৰাৰ বিপৰীতে একাংশ অনুৰাগীয়ে এই ভিডিঅ’টোত বহুত হাৰ্ট ইমোজি প্ৰেৰণ কৰিছে।

 প্ৰিয়ংকাই জন্মদিনত এই উদযাপনৰ কিছু ছবি শ্বেয়াৰ কৰিছিল, য’ত তেওঁৰ সকলো ঘনিষ্ঠ লোকৰ সৈতে আনন্দ সময় কটোৱা দেখা গৈছিল। এই ছবিবোৰত প্ৰিয়ংকাক প্ৰিয় কন্যা মালতী, স্বামী নিক জোনাছ, মাতৃ মধু, ভগ্নী পৰিণীতি চোপ্ৰাৰ লগতে আন একাংশৰ সৈতে দেখা গৈছিল। এই আটাইকেইখন ছবি শ্বেয়াৰ কৰি কেপচনত প্ৰিয়ংকাই লিখিছে, ‘এগৰাকী ভাগ্যৱান ছোৱালী আৰু তেওঁৰ জন্মদিন! ইমান মৰম দিয়াৰ বাবে, সকলোৱে মোৰ লগত এনেদৰে সময় কটোৱাৰ বাবে মই সকলোৰে ওচৰত কৃতজ্ঞ। নিক এই স্মৰণীয় জন্মদিনৰ বাবে আপোনাক ধন্যবাদ দিবলৈ মোৰ কোনো শব্দ নাই। জন্মদিনত যি মৰম-ভালপোৱা মই পাইছিলোঁ তাৰ বাবে মই চিৰকৃতজ্ঞ। ইমানবোৰ ছাৰপ্ৰাইজ আৰু মৰমে মোৰ জন্মদিনটোক আৰু অধিক সুন্দৰ কৰি তুলিলে। মোক মৰম-আশীৰ্বাদ আগবঢ়োৱা প্ৰতিজনলৈ অশেষ ধন্যবাদ।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু