--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছ হৈছে মনোৰঞ্জন জগতৰ শক্তিশালী দম্পতী, যাৰ ফেন ফ’ল’ৱাৰ ভাৰতৰ লগতে বিদেশতো আছে। দুয়োজনে ছ’চিয়েল মিডিয়াত আধিপত্য বিস্তাৰ কৰিছে আৰু অনুৰাগীসকলৰ মাজত তেওঁলোকৰ ৰোমান্টিক ছবি আৰু ভিডিঅ’বোৰ অতি জনপ্ৰিয় হৈ পৰে। শেহতীয়াকৈ প্ৰিয়ংকাই ৪০সংখ্যক জন্মদিন উদযাপন কৰিছিল, যাৰ ছবি আৰু ভিডিঅ’ই অনুৰাগীসকলৰ মাজত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

 আচলতে প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছৰ এটা ফেন পেজে ইনষ্টাগ্ৰামত দুয়োৰে ৰোমান্টিক ভিডিঅ’ শ্বেয়াৰ কৰিছে, যিটো অভিনেত্ৰীগৰাকীৰ জন্মদিনৰ। এই ভিডিঅ'টোত জন্মদিন উদযাপনৰ আভাস দেখুওৱা হৈছে, কিন্তু অতি ৰোমান্টিকভাৱে আৰম্ভ হোৱা ভিডিঅ’টোত দেখা যায় যে প্ৰিয়ংকা আৰু নিক জোনাছে লিপলক কৰি আছে। ইয়াৰ পাছত সাগৰৰ পাৰৰ এক ৰোমাণ্টিক আভাস দেখুওৱা হৈছে।

 ভিডিঅ’টোত প্ৰিয়ংকা চোপ্ৰা, নিক জোনাছ আৰু অভিনেত্ৰীগৰাকীৰ মাতৃ মধু চোপ্ৰাক নৃত্য কৰা দেখা যায় আৰু তাৰ পাছত স্বামী নিকক লৈ সূৰ্যাস্ত উপভোগ কৰে অভিনেত্ৰীগৰাকীয়ে। প্ৰিয়ংকা চোপ্ৰাৰ জন্মদিন উদযাপনৰ এই ভিডিঅ'টোত অনুৰাগীসকলে মৰমেৰে মন্তব্য আগবঢ়াইছে। বহুতে প্ৰিয়ংকা আৰু নিকক শ্ৰেষ্ঠ দম্পতী বুলি অভিহিত কৰাৰ বিপৰীতে একাংশ অনুৰাগীয়ে এই ভিডিঅ’টোত বহুত হাৰ্ট ইমোজি প্ৰেৰণ কৰিছে।

 প্ৰিয়ংকাই জন্মদিনত এই উদযাপনৰ কিছু ছবি শ্বেয়াৰ কৰিছিল, য’ত তেওঁৰ সকলো ঘনিষ্ঠ লোকৰ সৈতে আনন্দ সময় কটোৱা দেখা গৈছিল। এই ছবিবোৰত প্ৰিয়ংকাক প্ৰিয় কন্যা মালতী, স্বামী নিক জোনাছ, মাতৃ মধু, ভগ্নী পৰিণীতি চোপ্ৰাৰ লগতে আন একাংশৰ সৈতে দেখা গৈছিল। এই আটাইকেইখন ছবি শ্বেয়াৰ কৰি কেপচনত প্ৰিয়ংকাই লিখিছে, ‘এগৰাকী ভাগ্যৱান ছোৱালী আৰু তেওঁৰ জন্মদিন! ইমান মৰম দিয়াৰ বাবে, সকলোৱে মোৰ লগত এনেদৰে সময় কটোৱাৰ বাবে মই সকলোৰে ওচৰত কৃতজ্ঞ। নিক এই স্মৰণীয় জন্মদিনৰ বাবে আপোনাক ধন্যবাদ দিবলৈ মোৰ কোনো শব্দ নাই। জন্মদিনত যি মৰম-ভালপোৱা মই পাইছিলোঁ তাৰ বাবে মই চিৰকৃতজ্ঞ। ইমানবোৰ ছাৰপ্ৰাইজ আৰু মৰমে মোৰ জন্মদিনটোক আৰু অধিক সুন্দৰ কৰি তুলিলে। মোক মৰম-আশীৰ্বাদ আগবঢ়োৱা প্ৰতিজনলৈ অশেষ ধন্যবাদ।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী