--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ আহি আছে ‘বজৰংগী ভাইজান’ৰ ছিকুৱেল! বিগত কেইটামান দশকত ইখনৰ পাছত সিখন ছবিৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছে বলীউড ছুপাৰষ্টাৰ ভাইজানে। কেইবাখনো ছবিৰ ভিতৰত ছলমান খান অভিনীত এখন ছবিয়ে লাভ কৰিছিল বিপুল জনপ্ৰিয়তা। চলচ্চিত্ৰ প্ৰেমীৰ অন্তৰত স্থানলাভ কৰা ছবিখন আছিল 'বজৰংগী ভাইজান।' ছলমানৰ সাৱলীল অভিনয় আৰু আকৰ্ষণীয় শৈলীয়ে বিমুগ্ধ কৰিছিল সকলোকে। তাৰবাবে প্ৰশংসিতও হৈছিল ভাইজানে। দিনদিয়েক আগৰ এই ঘটনাৰ স্মৃতি ৰোমন্থন কৰিছে ভাইজানে। কেবল সেয়াই নহয়, সম্প্ৰতি ছলমান খানে ‘বজৰংগী ভাইজান’ৰ ছিকুৱেল নিৰ্মাণৰ বাবেও সাজু হৈছে।

২০২১ বৰ্ষৰ শেষ প্ৰান্তত অনুৰাগীসকললৈ এই বাৰ্তা প্ৰেৰণ কৰিছে ভাইজানে। তেওঁৰ এই প্ৰস্তাৱত স্বাভাৱিকতে আনন্দিত, উত্‍ফুল্লিত, উচ্ছসিত হৈ পৰিছে অনুৰাগী। দেওবাৰে 'বজৰংগী ভাইজান'ৰ ছিকুৱেল নিৰ্মাণৰ কথা ঘোষণা কৰিছে বলীউড ছুপাৰষ্টাৰজনে। 'বজৰংগী ভাইজান'ৰ ছিকুৱেলৰ কাহিনী লিখি উলিয়াইছে বিখ্যাত পৰিচালক এছ এছ ৰাজামৌলীৰ পিতৃ কে ভি বিজয়েন্দ্ৰ প্ৰসাদে । উল্লেখ্য যে, দেওবাৰে এছ এছ ৰাজামৌলীৰ আহিবলগীয়া 'আৰআৰআৰ' ছবিখনক সমৰ্থন কৰিবলৈ ছলমান খানে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত হৈছিল। উক্ত অনুষ্ঠানটোতে তেওঁ 'বজৰংগী ভাইজান'ৰ ছিকুৱেলৰ কথা ঘোষণা কৰিছে।

স্মৰ্তব্য যে, ছলমান খানৰ 'বজৰংগী ভাইজান'ৰ প্ৰথম খণ্ড ১৭ জুলাই, ২০১৫ত মুক্তিলাভ কৰিছিল। ছবিখনে বক্স অফিছত বিপুল জনপ্ৰিয়তা লাভ কৰিছিল। কেবল ভাৰততে ৩০০ কোটি টকাকতৈ অধিক উপাৰ্জন কৰিছিল। ইফালে, বিশ্বব্যাপী ৫০০ কোটি টকাৰো অধিক উপাৰ্জন কৰিছিল ছবিখনে। ছবিখন পৰিচালনা কৰিছিল কবীৰ খানে । ছলমান খানৰ সৈতে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল হৰ্ষলী মালহোত্ৰা, নৱাজুদ্দিন ছিদ্দিকী আৰু কৰীণা কাপুৰে। ছ‌বিখনৰ ছিকুৱেল বৰ্তমান প্ৰি-প্ৰডাকচন পৰ্যায়ত আছে যদিও দৰ্শকৰ মাজত এতিয়াৰে পৰা আনন্দৰ ৰোল উঠা পৰিলক্ষিত হৈছে। পৰমাশ্চৰ্যৰ কথাটো হৈছে, ছবিখনৰ মূখ্য আকৰ্ষণ হৰ্ষালী মালহোত্ৰা ওৰফে মুন্নী এতিয়া গাভৰু হ’ল। কণমানি মুন্নী আৰু এতিয়াৰ মুন্নীক চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে অনুৰাগীয়ে। পুনৰ সেই একেগৰাকী মুন্নীকে বিচাৰি পোৱাৰ হেঁপাহ শ্ৰোতা-দৰ্শকৰ। এতিয়া ভাইজানে দৰ্শকৰ এই আশা-আকাংক্ষা কেতিয়ালৈ পূৰ কৰে সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু