--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ আহি আছে ‘বজৰংগী ভাইজান’ৰ ছিকুৱেল! বিগত কেইটামান দশকত ইখনৰ পাছত সিখন ছবিৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছে বলীউড ছুপাৰষ্টাৰ ভাইজানে। কেইবাখনো ছবিৰ ভিতৰত ছলমান খান অভিনীত এখন ছবিয়ে লাভ কৰিছিল বিপুল জনপ্ৰিয়তা। চলচ্চিত্ৰ প্ৰেমীৰ অন্তৰত স্থানলাভ কৰা ছবিখন আছিল 'বজৰংগী ভাইজান।' ছলমানৰ সাৱলীল অভিনয় আৰু আকৰ্ষণীয় শৈলীয়ে বিমুগ্ধ কৰিছিল সকলোকে। তাৰবাবে প্ৰশংসিতও হৈছিল ভাইজানে। দিনদিয়েক আগৰ এই ঘটনাৰ স্মৃতি ৰোমন্থন কৰিছে ভাইজানে। কেবল সেয়াই নহয়, সম্প্ৰতি ছলমান খানে ‘বজৰংগী ভাইজান’ৰ ছিকুৱেল নিৰ্মাণৰ বাবেও সাজু হৈছে।

২০২১ বৰ্ষৰ শেষ প্ৰান্তত অনুৰাগীসকললৈ এই বাৰ্তা প্ৰেৰণ কৰিছে ভাইজানে। তেওঁৰ এই প্ৰস্তাৱত স্বাভাৱিকতে আনন্দিত, উত্‍ফুল্লিত, উচ্ছসিত হৈ পৰিছে অনুৰাগী। দেওবাৰে 'বজৰংগী ভাইজান'ৰ ছিকুৱেল নিৰ্মাণৰ কথা ঘোষণা কৰিছে বলীউড ছুপাৰষ্টাৰজনে। 'বজৰংগী ভাইজান'ৰ ছিকুৱেলৰ কাহিনী লিখি উলিয়াইছে বিখ্যাত পৰিচালক এছ এছ ৰাজামৌলীৰ পিতৃ কে ভি বিজয়েন্দ্ৰ প্ৰসাদে । উল্লেখ্য যে, দেওবাৰে এছ এছ ৰাজামৌলীৰ আহিবলগীয়া 'আৰআৰআৰ' ছবিখনক সমৰ্থন কৰিবলৈ ছলমান খানে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত হৈছিল। উক্ত অনুষ্ঠানটোতে তেওঁ 'বজৰংগী ভাইজান'ৰ ছিকুৱেলৰ কথা ঘোষণা কৰিছে।

স্মৰ্তব্য যে, ছলমান খানৰ 'বজৰংগী ভাইজান'ৰ প্ৰথম খণ্ড ১৭ জুলাই, ২০১৫ত মুক্তিলাভ কৰিছিল। ছবিখনে বক্স অফিছত বিপুল জনপ্ৰিয়তা লাভ কৰিছিল। কেবল ভাৰততে ৩০০ কোটি টকাকতৈ অধিক উপাৰ্জন কৰিছিল। ইফালে, বিশ্বব্যাপী ৫০০ কোটি টকাৰো অধিক উপাৰ্জন কৰিছিল ছবিখনে। ছবিখন পৰিচালনা কৰিছিল কবীৰ খানে । ছলমান খানৰ সৈতে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল হৰ্ষলী মালহোত্ৰা, নৱাজুদ্দিন ছিদ্দিকী আৰু কৰীণা কাপুৰে। ছ‌বিখনৰ ছিকুৱেল বৰ্তমান প্ৰি-প্ৰডাকচন পৰ্যায়ত আছে যদিও দৰ্শকৰ মাজত এতিয়াৰে পৰা আনন্দৰ ৰোল উঠা পৰিলক্ষিত হৈছে। পৰমাশ্চৰ্যৰ কথাটো হৈছে, ছবিখনৰ মূখ্য আকৰ্ষণ হৰ্ষালী মালহোত্ৰা ওৰফে মুন্নী এতিয়া গাভৰু হ’ল। কণমানি মুন্নী আৰু এতিয়াৰ মুন্নীক চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে অনুৰাগীয়ে। পুনৰ সেই একেগৰাকী মুন্নীকে বিচাৰি পোৱাৰ হেঁপাহ শ্ৰোতা-দৰ্শকৰ। এতিয়া ভাইজানে দৰ্শকৰ এই আশা-আকাংক্ষা কেতিয়ালৈ পূৰ কৰে সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ