--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বলীউডৰ এক অন্যতম সফল যুটি ৰণবীৰ-দীপিকা। নিজৰ অভিনয়শৈলীৰে লক্ষ লক্ষ অনুৰাগীৰ হৃদয়ত স্থান দখল কৰিছে ৰণবীৰ সিং আৰু দীপিকা পাডুকনে। দক্ষতাৰ লগতে দীপিকাৰ ৰূপ-লাৱণ্যৰ কথাই সুকীয়া! নিজৰ সুখকৰ সাংসাৰিক জীৱনৰ কথা প্ৰায়েই ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰি থাকে লাইমলাইটত থকা বলীউড যুটিটোৱে। এইবাৰ অন্য পুৰুষৰ সৈতে সমুদ্ৰতীৰত দীপিকাৰ ৰোমাঞ্চৰ দৃশ্যই গৰম কৰি ৰাখিছে ছ’চিয়েল মিডিয়া। পত্নীক আটোমটোকাৰীকৈ ৰখা ৰণবীৰৰ বাবে এয়া যেন অসহনীয় দৃশ্য!

ৰণবীৰ সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পাছত প্ৰথমবাৰলৈ এক অনন্য আৱেদনময়ী লুকত দেখা পোৱা গৈছে দীপিকাক। অভিনেত্ৰীগৰাকীৰ পৰৱৰ্তী ছবি ‘গেহৰাইয়া’ৰ টীজাৰ ইতিমধ্যে মুকলি হৈছে। ছবিখনৰ এটা দৃশ্যত বিকিনি পৰিহিতা দীপিকাই অভিনেতা সিদ্ধান্ত চতুৰ্বেদীৰ সৈতে সমুদ্ৰতীৰত ৰোমাঞ্চত ডুব গৈ থকা দেখা গৈছে। টীজাৰত দেখুওৱা দীপিকা-সিদ্ধান্তৰ ৰোমাঞ্চে মনোৰঞ্জন জগতত চৰ্চিত হৈ আছে। সমুদ্ৰতীৰত দীপিকা আৰু সিদ্ধান্তৰ লিপ-লকৰ দৃশ্যই অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে। ‘গেহৰাইয়া’ত দীপিকা পাডুকন আৰু সিদ্ধান্ত চতুৰ্বেদীৰ লগত অনন্যা পাণ্ডেই অভিনয় কৰিছে। উল্লেখ্য যে, ছবিখনে ২৫ জানুৱাৰী, ২০২২ত অ’টিটি প্লেটফৰ্ম এমাজন প্ৰাইম ভিডিঅ’ত মুক্তিলাভ কৰিব।

দিপীকা পাডুকনে ছবিখনৰ দৃশ্য ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি ‘মোৰ হৃদয়ৰ এটা টুকুৰা…’ বুলি লিখিছে। লগতে অনন্যা পাণ্ডেই ‘এয়া আৰু অধিক ডুবি যোৱাৰ সময়…’ বুলি লিখিছে। তদুপৰি সিদ্ধান্ত চতুৰ্বেদীয়ে লিখে, ‘কোৱা হয়, আপুনি যিটো বস্তু বিচাৰে তাত নিজৰ কিবা নহয় কিবা এৰি দিবলগা হয়; ইয়াত আপুনি মোৰ অন্তৰ পাব’।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ