--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বলীউডৰ এক অন্যতম সফল যুটি ৰণবীৰ-দীপিকা। নিজৰ অভিনয়শৈলীৰে লক্ষ লক্ষ অনুৰাগীৰ হৃদয়ত স্থান দখল কৰিছে ৰণবীৰ সিং আৰু দীপিকা পাডুকনে। দক্ষতাৰ লগতে দীপিকাৰ ৰূপ-লাৱণ্যৰ কথাই সুকীয়া! নিজৰ সুখকৰ সাংসাৰিক জীৱনৰ কথা প্ৰায়েই ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰি থাকে লাইমলাইটত থকা বলীউড যুটিটোৱে। এইবাৰ অন্য পুৰুষৰ সৈতে সমুদ্ৰতীৰত দীপিকাৰ ৰোমাঞ্চৰ দৃশ্যই গৰম কৰি ৰাখিছে ছ’চিয়েল মিডিয়া। পত্নীক আটোমটোকাৰীকৈ ৰখা ৰণবীৰৰ বাবে এয়া যেন অসহনীয় দৃশ্য!

ৰণবীৰ সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পাছত প্ৰথমবাৰলৈ এক অনন্য আৱেদনময়ী লুকত দেখা পোৱা গৈছে দীপিকাক। অভিনেত্ৰীগৰাকীৰ পৰৱৰ্তী ছবি ‘গেহৰাইয়া’ৰ টীজাৰ ইতিমধ্যে মুকলি হৈছে। ছবিখনৰ এটা দৃশ্যত বিকিনি পৰিহিতা দীপিকাই অভিনেতা সিদ্ধান্ত চতুৰ্বেদীৰ সৈতে সমুদ্ৰতীৰত ৰোমাঞ্চত ডুব গৈ থকা দেখা গৈছে। টীজাৰত দেখুওৱা দীপিকা-সিদ্ধান্তৰ ৰোমাঞ্চে মনোৰঞ্জন জগতত চৰ্চিত হৈ আছে। সমুদ্ৰতীৰত দীপিকা আৰু সিদ্ধান্তৰ লিপ-লকৰ দৃশ্যই অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে। ‘গেহৰাইয়া’ত দীপিকা পাডুকন আৰু সিদ্ধান্ত চতুৰ্বেদীৰ লগত অনন্যা পাণ্ডেই অভিনয় কৰিছে। উল্লেখ্য যে, ছবিখনে ২৫ জানুৱাৰী, ২০২২ত অ’টিটি প্লেটফৰ্ম এমাজন প্ৰাইম ভিডিঅ’ত মুক্তিলাভ কৰিব।

দিপীকা পাডুকনে ছবিখনৰ দৃশ্য ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি ‘মোৰ হৃদয়ৰ এটা টুকুৰা…’ বুলি লিখিছে। লগতে অনন্যা পাণ্ডেই ‘এয়া আৰু অধিক ডুবি যোৱাৰ সময়…’ বুলি লিখিছে। তদুপৰি সিদ্ধান্ত চতুৰ্বেদীয়ে লিখে, ‘কোৱা হয়, আপুনি যিটো বস্তু বিচাৰে তাত নিজৰ কিবা নহয় কিবা এৰি দিবলগা হয়; ইয়াত আপুনি মোৰ অন্তৰ পাব’।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু