--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘‘কা, আমাৰ হৃদয়ত আছে৷ মই মোৰ স্থিতিত অটল আছো…”- এই মন্তব্য যুৱ-প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ৷ চিৰাঙৰ ‘ছিগনেট হোটেল’ত উপস্থিত হৈ এই মন্তব্য জুবিনৰ৷ উল্লেখ্য যে, যি সময়ত ৰাজনৈতিক স্বাৰ্থতেই হওক বা ব্যক্তিগত স্বাৰ্থতেই হওক বহু নামী-দামী শিল্পীয়ে সলনি কৰিছিল নিজৰ স্থিতি৷ আজিৰ পৰা দুবছৰ আগত জনতাৰ সৈতে বহি মূৰত গামোচা মাৰি ‘‘কা, আমি নামানো…”- বুলি চিঞৰিছিল অসমীয়াই৷ এই আন্দোলনত কঁপি উঠিছিল সমগ্ৰ বিশ্ব৷ “নুশুনু, নামানো, নিবিচাৰো” - এটাই যেন ধ্বনি আছিল তেওঁলোকৰ৷ এই আন্দোলনত আৰক্ষীৰ গুলী বুকুপাতি লৈছিল ৫জনকৈ বীৰ যুৱকে৷ স্পব্ধ হৈ পৰিছিল সমগ্ৰ অসম৷ ইণ্টাৰনেট সেৱাও অচল কৰি পেলাইছিল৷ যেন এক হিটলাৰী শাসনহে চলাইছিল অসমীয়াৰ ওপৰত৷ সেই ভয়াৱহ দিনে দুবছৰ অতিক্ৰম কৰিলে৷ বিভিন্নজনে নিজৰ স্থিতি সলনি কৰিলেও সাধাৰণ অসমীয়া অটল আছে নিজৰ স্থিতিত৷ তাৰ ভিতৰত এনে কিছুমান শিল্পী আছে যিয়ে আজিও মুকলিকৈ বিৰোধিতা কৰিছে আহিছে৷


উল্লেখ্য সোমবাৰে নিশা এটি গানৰ ছুটিঙৰ বাবে চিৰাঙত উপস্থিত হৈ ‘কা’ৰ সন্দৰ্ভত কিছু কথা ব্যক্ত কৰে৷ তেওঁ কয় যে, ‘‘কা আন্দোলন আমাৰ মনত আছে৷ মই আগৰ দৰে আন্দোলন কৰিবলৈ নিবিচাৰো৷’’ লগতে তেওঁ এইবুলিও কয় যে, “আগৰ আন্দোলনত বহুত বেয়াৰ পিনে ঢাল খাইছিল৷ যাৰ ফলত আমাৰ যুৱকে প্ৰাণ হেৰুৱাব লগা হয়৷ এতিয়া আৰু হেৰুৱাব মন নাই। আমি বুজিলেই হ’ল ‘কা’খন অসমীয়াৰ বাবে এক ব্যাধি৷’


শেহতীয়াকৈ দেশজুৰি চৰ্চিত হোৱা অভিশপ্ত ৩খন কৃষি আইন বাতিল কৰাৰ পাছত প্ৰশংগলৈ আহিছে কা আন্দোলন৷ ইয়াৰ বাবে বিভিন্নজনে ভিন্ন মতামত আগবঢ়াইছে৷ এনে সময়তে জনিপ্ৰয় শিল্পী জুবিনে কৰা চিৰাঙত কা সম্পৰ্কীয় কিছু মন্তব্য আগবঢ়ায়৷ পূৰ্বতেও তেওঁ ডিজিটেল কা আন্দোলনত নামিব বুলি কৰা মন্তব্যই চৰ্চা লাভ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ