--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘‘কা, আমাৰ হৃদয়ত আছে৷ মই মোৰ স্থিতিত অটল আছো…”- এই মন্তব্য যুৱ-প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ৷ চিৰাঙৰ ‘ছিগনেট হোটেল’ত উপস্থিত হৈ এই মন্তব্য জুবিনৰ৷ উল্লেখ্য যে, যি সময়ত ৰাজনৈতিক স্বাৰ্থতেই হওক বা ব্যক্তিগত স্বাৰ্থতেই হওক বহু নামী-দামী শিল্পীয়ে সলনি কৰিছিল নিজৰ স্থিতি৷ আজিৰ পৰা দুবছৰ আগত জনতাৰ সৈতে বহি মূৰত গামোচা মাৰি ‘‘কা, আমি নামানো…”- বুলি চিঞৰিছিল অসমীয়াই৷ এই আন্দোলনত কঁপি উঠিছিল সমগ্ৰ বিশ্ব৷ “নুশুনু, নামানো, নিবিচাৰো” - এটাই যেন ধ্বনি আছিল তেওঁলোকৰ৷ এই আন্দোলনত আৰক্ষীৰ গুলী বুকুপাতি লৈছিল ৫জনকৈ বীৰ যুৱকে৷ স্পব্ধ হৈ পৰিছিল সমগ্ৰ অসম৷ ইণ্টাৰনেট সেৱাও অচল কৰি পেলাইছিল৷ যেন এক হিটলাৰী শাসনহে চলাইছিল অসমীয়াৰ ওপৰত৷ সেই ভয়াৱহ দিনে দুবছৰ অতিক্ৰম কৰিলে৷ বিভিন্নজনে নিজৰ স্থিতি সলনি কৰিলেও সাধাৰণ অসমীয়া অটল আছে নিজৰ স্থিতিত৷ তাৰ ভিতৰত এনে কিছুমান শিল্পী আছে যিয়ে আজিও মুকলিকৈ বিৰোধিতা কৰিছে আহিছে৷


উল্লেখ্য সোমবাৰে নিশা এটি গানৰ ছুটিঙৰ বাবে চিৰাঙত উপস্থিত হৈ ‘কা’ৰ সন্দৰ্ভত কিছু কথা ব্যক্ত কৰে৷ তেওঁ কয় যে, ‘‘কা আন্দোলন আমাৰ মনত আছে৷ মই আগৰ দৰে আন্দোলন কৰিবলৈ নিবিচাৰো৷’’ লগতে তেওঁ এইবুলিও কয় যে, “আগৰ আন্দোলনত বহুত বেয়াৰ পিনে ঢাল খাইছিল৷ যাৰ ফলত আমাৰ যুৱকে প্ৰাণ হেৰুৱাব লগা হয়৷ এতিয়া আৰু হেৰুৱাব মন নাই। আমি বুজিলেই হ’ল ‘কা’খন অসমীয়াৰ বাবে এক ব্যাধি৷’


শেহতীয়াকৈ দেশজুৰি চৰ্চিত হোৱা অভিশপ্ত ৩খন কৃষি আইন বাতিল কৰাৰ পাছত প্ৰশংগলৈ আহিছে কা আন্দোলন৷ ইয়াৰ বাবে বিভিন্নজনে ভিন্ন মতামত আগবঢ়াইছে৷ এনে সময়তে জনিপ্ৰয় শিল্পী জুবিনে কৰা চিৰাঙত কা সম্পৰ্কীয় কিছু মন্তব্য আগবঢ়ায়৷ পূৰ্বতেও তেওঁ ডিজিটেল কা আন্দোলনত নামিব বুলি কৰা মন্তব্যই চৰ্চা লাভ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু