--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ‘‌সম্ৰাট পৃথ্বীৰাজ’ৰ বীৰগাথা। নায়কৰ ভূমিকাত আক্কি অৰ্থাত্‍ অক্ষয় কুমাৰ। তথাপি দৰ্শকৰ নাই সঁহাৰি। প্ৰত্যাশা অনুসৰি ছবিখন লোৱা নাই দৰ্শকে! উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে কোনো এক ঐতিহাসিক চলচ্চিত্ৰত অভিনয় কৰিছে অক্ষয় কুমাৰে। ডাঃ চন্দ্ৰপ্ৰকাশ দ্বিবেদী পৰিচালিত ছবি ‘সম্ৰাট পৃথ্বীৰাজ’ ছবিখনত মূল অভিনেতাৰ ভূমিকাত অভিনয় কৰিছে অক্ষয় কুমাৰে। কেৱল তেওঁৱেই নহয়, ছবিখনৰ প্ৰযোজনা সংস্থা যশৰাজ ফিল্মছেও প্ৰথমবাৰৰ বাবে এনে কেনো এক ঐতিহাসিক চৰিত্ৰত এনেদৰে চিত্ৰায়ন কৰা বুলি সংবাদ মাধ্যমত ওলাইছে। 

প্ৰায় ৩০০ কোটিৰ বাজেটৰ ছবিখন ৩জুনত ছবিগৃহত মুকলি কৰি দিয়া হয় প্ৰথম সপ্তাহতে ছবিখনৰ ব’ক্স অফিছৰ সংগ্ৰহ ৬৫কোটিৰ তলত। ছবিখনৰ বাজেটৰ টকা ওলায় নে নাই সেয়া আলোচনাৰ কথা নহয়, আলোচনাৰ কথা হৈছে ১০০ কোটিৰ ঘৰ চুলেও হেনো বহুত। এই কথা প্ৰকাশ কৰিছে ছবিৰ ট্ৰেড বিশেষজ্ঞসকলে। ইতিমধ্যে, দৰ্শকৰ সেৰেঙা উপস্থিতিৰ বাবে ছবিৰ শ্ব বন্ধ কৰি দিয়া হৈছে। এনে পৰিপ্ৰেক্ষিতত কি হ’ব অক্ষয় কুমাৰৰ দৰে বলিষ্ঠ অভিনেতাৰ কেৰিয়াৰ? তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে।

ইফালে, সম্প্ৰতি অক্ষয় কুমাৰ অভিনীত ছবিখন ফ্ল’প হোৱাৰ পাছত লোকচক্ষুত আন এটা প্ৰসংগ পোহৰলৈ আনিছে পৰিচালক চন্দ্ৰপ্ৰকাশে। তেওঁৰ দাবী, ‘অক্ষয়ক এবাৰ কৈছিলো যে, যদি ‘সম্ৰাট পৃথ্বীৰাজ’ৰ দৰে ছবিয়ে ১০০ কোটিৰ ঘৰ স্পৰ্শ নকৰে তেতিয়া হ’লে এইটোৱেই বুজা যাব যে, অক্ষয়ক এনে চৰিত্ৰত চাবলৈ নিবিচাৰে দৰ্শকে। গতিকে তেওঁ পুনৰ উভতি যাব লাগিব ‘হাউছফুল’, ‘ৰাউডী ৰাথোৰ’ৰ দৰে মনোৰঞ্জনধৰ্মী ছবিলৈ। কাৰণ দৰ্শকে হয়তো অক্ষয়ক তেনে চৰিত্ৰত অভিনয় কৰাটো বিচৰা নাই। আনকি অক্ষয় কুমাৰে নিজেও অবিতৰ্কিত ছবিত অভিনয় কৰি ভাল পায়।’  
 
আনহাতে, বিগ-বাজেটৰ এইখন ছবিয়ে মুখ থেকেছা খোৱাৰ পাছতে অভিনয় কেৰিয়াৰ বিপন্ন হৈ পৰিব নেকি অক্ষয় কুমাৰৰ?  খবৰ অনুসৰি, বন্ধ হ’বলৈ গৈ আছে ‘বড়ে মিয়া ছোটে মিয়া’ ছবিৰ শ্বুটিং। মঙলবাৰে টুইটাৰত এনেধৰণৰ জল্পনা-কল্পনাৰ সূচনা কৰে স্ব-ঘোষিত বলীউড সমালোচক কমল আৰ খানে।

ছবিখনত অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফে অভিনয় কৰাৰ কথা। পৰিচালনা আলী আব্বাছ জাফৰৰ। কিন্তু কমলে টুইটটোত লিখিছে, ‘অক্ষয় কুমাৰে একেৰাহে ৬খন ফ্লপ ছবি উপহাৰ দিছে দৰ্শকক। গতিকে কোনো প্ৰযোজকে তেওঁৰ লগত চিত্ৰগ্ৰহণ কৰাৰ সাহস লাভ কৰা নাই। হাতত ৮খন ছবি আছিল। সম্ৰাট পৃথ্বীৰাজৰ বিফলতাৰ পিছত ৪খন ছবি বন্ধ কৰি দিয়া হৈছে।’

অক্ষয়-টাইগাৰৰ চলচ্চিত্ৰৰ কাম বন্ধ কৰা হ’ব বুলি বলীউড ইণ্ডাষ্ট্ৰীত ওলাইছিল হনুবাৰ্তা। কমলৰ এই টুইটে পুনৰ বৃদ্ধি কৰিছে জল্পনা-কল্পনা। পৰিচালক আলী আব্বাছে অৱশ্যে ছবিখনৰ কাম বন্ধ হোৱা নাই বুলি কয়। শ্বুটিং আৰম্ভ কৰাৰ প্ৰস্তুতি চলি আছে। তেওঁৰ ভাষাত ‘এই সকলোবোৰ কিয় কোৱা হৈছে মই নাজানো। ইমান ডাঙৰ ছবি এখন তৈয়াৰ কৰিব বিচাৰিলে বহু মাহ ধৰি প্ৰি-প্ৰডাকচনৰ কাম চলি থাকে। আমাৰ শ্বুটিং আৰম্ভ হ’ব এই বছৰৰ শেষৰ ফালে। অহা বছৰ আমি বিদেশলৈ গৈ শ্বুটিং কৰিম।’

অক্ষয় অভিনীত ‘সম্ৰাট পৃথ্বীৰাজ’ ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন নকৰাৰ পাছত নানা প্ৰশ্নৰ অৱতাৰণা হোৱা দেখা গৈছে। বৰ্তমান শাসক দল বিজেপিৰ সৈতে হাত মিলোৱাৰ বাবে জনপ্ৰিয় অনিেতাজনৰ ছবিক এইদৰে উপেক্ষা কৰিছে নেকি দৰ্শকে? উদাৰ দেশপ্ৰমীক তথা সুখে-দুখে সাধাৰণ নাগৰিকৰ পক্ষত  সদায় থিয় দিয়া অক্ষয়ৰ শেহতীয়া ভূমিকাক লৈ অসন্তুষ্টিৰ কাৰণ কি? শেহতীয়া পৰিস্থিতিৰ পৰা কিদৰে কামবেক কৰিব অক্ষয় কুমাৰে? নিজৰ ভাৱমূৰ্তি কিদৰে বজাই ৰাখিব জনপ্ৰিয় অভিনেতাজনে সেয়া সময়তহে হ’ব লক্ষ্যণীয়!
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু