--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ‘‌সম্ৰাট পৃথ্বীৰাজ’ৰ বীৰগাথা। নায়কৰ ভূমিকাত আক্কি অৰ্থাত্‍ অক্ষয় কুমাৰ। তথাপি দৰ্শকৰ নাই সঁহাৰি। প্ৰত্যাশা অনুসৰি ছবিখন লোৱা নাই দৰ্শকে! উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে কোনো এক ঐতিহাসিক চলচ্চিত্ৰত অভিনয় কৰিছে অক্ষয় কুমাৰে। ডাঃ চন্দ্ৰপ্ৰকাশ দ্বিবেদী পৰিচালিত ছবি ‘সম্ৰাট পৃথ্বীৰাজ’ ছবিখনত মূল অভিনেতাৰ ভূমিকাত অভিনয় কৰিছে অক্ষয় কুমাৰে। কেৱল তেওঁৱেই নহয়, ছবিখনৰ প্ৰযোজনা সংস্থা যশৰাজ ফিল্মছেও প্ৰথমবাৰৰ বাবে এনে কেনো এক ঐতিহাসিক চৰিত্ৰত এনেদৰে চিত্ৰায়ন কৰা বুলি সংবাদ মাধ্যমত ওলাইছে। 

প্ৰায় ৩০০ কোটিৰ বাজেটৰ ছবিখন ৩জুনত ছবিগৃহত মুকলি কৰি দিয়া হয় প্ৰথম সপ্তাহতে ছবিখনৰ ব’ক্স অফিছৰ সংগ্ৰহ ৬৫কোটিৰ তলত। ছবিখনৰ বাজেটৰ টকা ওলায় নে নাই সেয়া আলোচনাৰ কথা নহয়, আলোচনাৰ কথা হৈছে ১০০ কোটিৰ ঘৰ চুলেও হেনো বহুত। এই কথা প্ৰকাশ কৰিছে ছবিৰ ট্ৰেড বিশেষজ্ঞসকলে। ইতিমধ্যে, দৰ্শকৰ সেৰেঙা উপস্থিতিৰ বাবে ছবিৰ শ্ব বন্ধ কৰি দিয়া হৈছে। এনে পৰিপ্ৰেক্ষিতত কি হ’ব অক্ষয় কুমাৰৰ দৰে বলিষ্ঠ অভিনেতাৰ কেৰিয়াৰ? তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে।

ইফালে, সম্প্ৰতি অক্ষয় কুমাৰ অভিনীত ছবিখন ফ্ল’প হোৱাৰ পাছত লোকচক্ষুত আন এটা প্ৰসংগ পোহৰলৈ আনিছে পৰিচালক চন্দ্ৰপ্ৰকাশে। তেওঁৰ দাবী, ‘অক্ষয়ক এবাৰ কৈছিলো যে, যদি ‘সম্ৰাট পৃথ্বীৰাজ’ৰ দৰে ছবিয়ে ১০০ কোটিৰ ঘৰ স্পৰ্শ নকৰে তেতিয়া হ’লে এইটোৱেই বুজা যাব যে, অক্ষয়ক এনে চৰিত্ৰত চাবলৈ নিবিচাৰে দৰ্শকে। গতিকে তেওঁ পুনৰ উভতি যাব লাগিব ‘হাউছফুল’, ‘ৰাউডী ৰাথোৰ’ৰ দৰে মনোৰঞ্জনধৰ্মী ছবিলৈ। কাৰণ দৰ্শকে হয়তো অক্ষয়ক তেনে চৰিত্ৰত অভিনয় কৰাটো বিচৰা নাই। আনকি অক্ষয় কুমাৰে নিজেও অবিতৰ্কিত ছবিত অভিনয় কৰি ভাল পায়।’  
 
আনহাতে, বিগ-বাজেটৰ এইখন ছবিয়ে মুখ থেকেছা খোৱাৰ পাছতে অভিনয় কেৰিয়াৰ বিপন্ন হৈ পৰিব নেকি অক্ষয় কুমাৰৰ?  খবৰ অনুসৰি, বন্ধ হ’বলৈ গৈ আছে ‘বড়ে মিয়া ছোটে মিয়া’ ছবিৰ শ্বুটিং। মঙলবাৰে টুইটাৰত এনেধৰণৰ জল্পনা-কল্পনাৰ সূচনা কৰে স্ব-ঘোষিত বলীউড সমালোচক কমল আৰ খানে।

ছবিখনত অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফে অভিনয় কৰাৰ কথা। পৰিচালনা আলী আব্বাছ জাফৰৰ। কিন্তু কমলে টুইটটোত লিখিছে, ‘অক্ষয় কুমাৰে একেৰাহে ৬খন ফ্লপ ছবি উপহাৰ দিছে দৰ্শকক। গতিকে কোনো প্ৰযোজকে তেওঁৰ লগত চিত্ৰগ্ৰহণ কৰাৰ সাহস লাভ কৰা নাই। হাতত ৮খন ছবি আছিল। সম্ৰাট পৃথ্বীৰাজৰ বিফলতাৰ পিছত ৪খন ছবি বন্ধ কৰি দিয়া হৈছে।’

অক্ষয়-টাইগাৰৰ চলচ্চিত্ৰৰ কাম বন্ধ কৰা হ’ব বুলি বলীউড ইণ্ডাষ্ট্ৰীত ওলাইছিল হনুবাৰ্তা। কমলৰ এই টুইটে পুনৰ বৃদ্ধি কৰিছে জল্পনা-কল্পনা। পৰিচালক আলী আব্বাছে অৱশ্যে ছবিখনৰ কাম বন্ধ হোৱা নাই বুলি কয়। শ্বুটিং আৰম্ভ কৰাৰ প্ৰস্তুতি চলি আছে। তেওঁৰ ভাষাত ‘এই সকলোবোৰ কিয় কোৱা হৈছে মই নাজানো। ইমান ডাঙৰ ছবি এখন তৈয়াৰ কৰিব বিচাৰিলে বহু মাহ ধৰি প্ৰি-প্ৰডাকচনৰ কাম চলি থাকে। আমাৰ শ্বুটিং আৰম্ভ হ’ব এই বছৰৰ শেষৰ ফালে। অহা বছৰ আমি বিদেশলৈ গৈ শ্বুটিং কৰিম।’

অক্ষয় অভিনীত ‘সম্ৰাট পৃথ্বীৰাজ’ ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন নকৰাৰ পাছত নানা প্ৰশ্নৰ অৱতাৰণা হোৱা দেখা গৈছে। বৰ্তমান শাসক দল বিজেপিৰ সৈতে হাত মিলোৱাৰ বাবে জনপ্ৰিয় অনিেতাজনৰ ছবিক এইদৰে উপেক্ষা কৰিছে নেকি দৰ্শকে? উদাৰ দেশপ্ৰমীক তথা সুখে-দুখে সাধাৰণ নাগৰিকৰ পক্ষত  সদায় থিয় দিয়া অক্ষয়ৰ শেহতীয়া ভূমিকাক লৈ অসন্তুষ্টিৰ কাৰণ কি? শেহতীয়া পৰিস্থিতিৰ পৰা কিদৰে কামবেক কৰিব অক্ষয় কুমাৰে? নিজৰ ভাৱমূৰ্তি কিদৰে বজাই ৰাখিব জনপ্ৰিয় অভিনেতাজনে সেয়া সময়তহে হ’ব লক্ষ্যণীয়!
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ