--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড আৰু ড্ৰাগছৰ মাজত যেন এক বিশেষ সম্পৰ্ক আছে।ড্ৰাগছত আসক্ত হৈয়েই বলীউদৰ বহু সম্ভাৱনাপূৰ্ণ অভিনেতা-অভিনেত্ৰীৰ জীৱন শেষ হৈ গৈছে। শেহতীয়াকৈ, শক্তি কাপুৰৰ পুত্ৰ সিদ্ধান্ত কাপুৰৰ বিৰুদ্ধে এটা ৰেভ পাৰ্টিত ড্ৰাগছ সেৱন কৰাৰ অভিযোগ উত্থাপন হৈছে।বলীউডৰ তাৰকাসকলৰ ভিতৰত ড্ৰাগছ গ্ৰহণ কৰা তাৰকা এগৰাকী হৈছে  সঞ্জয় দত্ত। 

সঞ্জয় দত্তৰ ড্ৰাগৰ আসক্তিৰ বিষয়ে সকলোৱে জানে। সঞ্জয় দত্ত সেই তাৰকাসকলৰ মাজৰ এজন যিয়ে মুকলিকৈ নিজৰ ভুল স্বীকাৰ কৰিছিল। এবাৰ চলমান খান আৰু জেকি শ্ৰফৰ সৈতে উপস্থিত থকা এক অনুষ্ঠানত সঞ্জয় দত্তই এটা বিশেষ ঘটনাৰ কথা উল্লেখ কৰিছিল। 

সেই ঘটনাটোৰ বাবেই তেওঁ  সিদ্ধান্ত লৈছিল যে তেওঁ আৰু নিচাগ্ৰস্ত হৈ নাথাকে। ড্ৰাগছ, মদ সকলো নিচাই তেওঁ পৰিত্যাগ কৰিব। কিন্তু অভিনেতাগৰাকীৰ জীৱনত এনে কি ঘটনা ঘটিছিল যাৰ বাবে তেওঁ ড্ৰাগছ, মদ আদি সকলো নিচাই ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল?
 
এটা সময় আছিল যেতিয়া সঞ্জয় দত্তই ড্ৰাগছৰ লগতে প্ৰচুৰ  সুৰাপান কৰিছিল । এনে বদঅভ্যাসৰ বিষয়ে তেওঁ মুকলিকৈ সকলো কথা প্ৰকাশো কৰিছিল।
 সঞ্জয় দত্তই এবাৰ কৈছিল যে তেওঁ নিজকে শান্ত কৰি ৰাখিবলৈ  ড্ৰাগছ গ্ৰহণ কৰা আৰম্ভ কৰিছিল। 
সঞ্জয় দত্তই তেওঁৰ এক  সাক্ষাৎকাৰত এইটোও উল্লেখ কৰিছিল যে তেওঁ নোখোৱা  কোনো ড্ৰাগছ নাই।

সঞ্জয় দত্তই তেওঁৰ কেৰিয়াৰত বহুতো চুপাৰ হিট  চলচ্চিত্ৰত অভিনয় কৰিছে যদিও  ব্যক্তিগত জীৱনত বহু নেতিবাচক কাৰণৰ বাবে বাতৰি শিৰোনামো দখল  কৰিছে। সঞ্জয় দত্তৰ বেয়া দোষটো আছিল  তেওঁৰ ড্ৰাগছ আসক্তি। কিন্তু এটা সময়ত এটা বিশেষ কাৰণত তেওঁ  ড্ৰাগছ আৰু আৰু সুৰাপান নকৰাৰ সিদ্ধান্ত লৈছিল।

অভিনেতাগৰাকীৰ এটা ভিডিঅ’ই শেহতীয়াকৈ খলকনি তুলিছে।এই ভিডিঅ'টোত সঞ্জয় দত্তই কয়    'এইবোৰ অতি অপ্ৰয়োজনীয় বস্তু। এবাৰ মই ড্ৰাগছ সেৱন কৰি আহিছিলো আৰু কোঠাত শুবলৈ গৈছিলো। যেতিয়া মই সাৰ পাইছিলো তেতিয়া মোৰ ভোক লাগিছিল। মই উঠি ঘৰুৱা সহায়কগৰাকীক   খাদ্য দিবলৈ কৈছিলো। তেওঁ কান্দিবলৈ ধৰিলে, তেওঁ ক'লে যে দুদিনৰ পিছত আপুনি খাদ্য বিচাৰিছে। মই ক'লো, " মই যোৱা ৰাতিহে শুইছিলো,দুদিন ক'ত শুলো?" তেওঁ কৈছিল - নহয়, আপুনি দুদিন আগতে শুইছিল। '

ঘৰুৱা সহায়কগৰাকীৰ কথাত যেন সম্বিত ঘূৰি আহিছিল অভিনেতা সঞ্জয় দত্তৰ। ড্ৰাগছে কিদৰে মানুহক দুদিনৰ বাবে বা অন্তত কালৰ বাবে শুৱাই দিব পাৰে সেই কথা তেওঁ বুজি উঠিছিল। সেই দিনাই তেওঁ সিদ্ধান্ত লৈছিল তেওঁ আৰু কেতিয়াও ড্ৰাগছ, মদ আদি সেৱন নকৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু