--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড আৰু ড্ৰাগছৰ মাজত যেন এক বিশেষ সম্পৰ্ক আছে।ড্ৰাগছত আসক্ত হৈয়েই বলীউদৰ বহু সম্ভাৱনাপূৰ্ণ অভিনেতা-অভিনেত্ৰীৰ জীৱন শেষ হৈ গৈছে। শেহতীয়াকৈ, শক্তি কাপুৰৰ পুত্ৰ সিদ্ধান্ত কাপুৰৰ বিৰুদ্ধে এটা ৰেভ পাৰ্টিত ড্ৰাগছ সেৱন কৰাৰ অভিযোগ উত্থাপন হৈছে।বলীউডৰ তাৰকাসকলৰ ভিতৰত ড্ৰাগছ গ্ৰহণ কৰা তাৰকা এগৰাকী হৈছে  সঞ্জয় দত্ত। 

সঞ্জয় দত্তৰ ড্ৰাগৰ আসক্তিৰ বিষয়ে সকলোৱে জানে। সঞ্জয় দত্ত সেই তাৰকাসকলৰ মাজৰ এজন যিয়ে মুকলিকৈ নিজৰ ভুল স্বীকাৰ কৰিছিল। এবাৰ চলমান খান আৰু জেকি শ্ৰফৰ সৈতে উপস্থিত থকা এক অনুষ্ঠানত সঞ্জয় দত্তই এটা বিশেষ ঘটনাৰ কথা উল্লেখ কৰিছিল। 

সেই ঘটনাটোৰ বাবেই তেওঁ  সিদ্ধান্ত লৈছিল যে তেওঁ আৰু নিচাগ্ৰস্ত হৈ নাথাকে। ড্ৰাগছ, মদ সকলো নিচাই তেওঁ পৰিত্যাগ কৰিব। কিন্তু অভিনেতাগৰাকীৰ জীৱনত এনে কি ঘটনা ঘটিছিল যাৰ বাবে তেওঁ ড্ৰাগছ, মদ আদি সকলো নিচাই ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল?
 
এটা সময় আছিল যেতিয়া সঞ্জয় দত্তই ড্ৰাগছৰ লগতে প্ৰচুৰ  সুৰাপান কৰিছিল । এনে বদঅভ্যাসৰ বিষয়ে তেওঁ মুকলিকৈ সকলো কথা প্ৰকাশো কৰিছিল।
 সঞ্জয় দত্তই এবাৰ কৈছিল যে তেওঁ নিজকে শান্ত কৰি ৰাখিবলৈ  ড্ৰাগছ গ্ৰহণ কৰা আৰম্ভ কৰিছিল। 
সঞ্জয় দত্তই তেওঁৰ এক  সাক্ষাৎকাৰত এইটোও উল্লেখ কৰিছিল যে তেওঁ নোখোৱা  কোনো ড্ৰাগছ নাই।

সঞ্জয় দত্তই তেওঁৰ কেৰিয়াৰত বহুতো চুপাৰ হিট  চলচ্চিত্ৰত অভিনয় কৰিছে যদিও  ব্যক্তিগত জীৱনত বহু নেতিবাচক কাৰণৰ বাবে বাতৰি শিৰোনামো দখল  কৰিছে। সঞ্জয় দত্তৰ বেয়া দোষটো আছিল  তেওঁৰ ড্ৰাগছ আসক্তি। কিন্তু এটা সময়ত এটা বিশেষ কাৰণত তেওঁ  ড্ৰাগছ আৰু আৰু সুৰাপান নকৰাৰ সিদ্ধান্ত লৈছিল।

অভিনেতাগৰাকীৰ এটা ভিডিঅ’ই শেহতীয়াকৈ খলকনি তুলিছে।এই ভিডিঅ'টোত সঞ্জয় দত্তই কয়    'এইবোৰ অতি অপ্ৰয়োজনীয় বস্তু। এবাৰ মই ড্ৰাগছ সেৱন কৰি আহিছিলো আৰু কোঠাত শুবলৈ গৈছিলো। যেতিয়া মই সাৰ পাইছিলো তেতিয়া মোৰ ভোক লাগিছিল। মই উঠি ঘৰুৱা সহায়কগৰাকীক   খাদ্য দিবলৈ কৈছিলো। তেওঁ কান্দিবলৈ ধৰিলে, তেওঁ ক'লে যে দুদিনৰ পিছত আপুনি খাদ্য বিচাৰিছে। মই ক'লো, " মই যোৱা ৰাতিহে শুইছিলো,দুদিন ক'ত শুলো?" তেওঁ কৈছিল - নহয়, আপুনি দুদিন আগতে শুইছিল। '

ঘৰুৱা সহায়কগৰাকীৰ কথাত যেন সম্বিত ঘূৰি আহিছিল অভিনেতা সঞ্জয় দত্তৰ। ড্ৰাগছে কিদৰে মানুহক দুদিনৰ বাবে বা অন্তত কালৰ বাবে শুৱাই দিব পাৰে সেই কথা তেওঁ বুজি উঠিছিল। সেই দিনাই তেওঁ সিদ্ধান্ত লৈছিল তেওঁ আৰু কেতিয়াও ড্ৰাগছ, মদ আদি সেৱন নকৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ