--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ ছুপাৰষ্টাৰ জুনিয়ৰ এন টি আৰ, জান্হৱী কাপুৰ আৰু ছৈফ আলী খান অভিনীত ছবি ‘দেৱৰা-পাৰ্ট ১’ ২৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পালে। তেতিয়াৰ পৰাই ছবিখনক লৈ অনুৰাগীৰ মাজত প্ৰচণ্ড উন্মাদনা দেখা গৈছে। ছবিখনৰ জনপ্ৰিয়তাৰ মাজতেই এক অপ্ৰত্যাশিত ঘটনা সংঘটিত হয় ,আচলতে প্ৰিয় অভিনেতা জুনিয়ৰ এনটিআৰৰ ছবিখন চাই থাকোঁতে এজন অনুৰাগীৰ হঠাৎ মৃত্যু হয়। উল্লেখ্য যে ছুপাৰষ্টাৰগৰাকীৰ ডাঙৰ অনুৰাগী আছিল তেওঁ আৰু হঠাতে ছবিখন চাই থাকোঁতে তেওঁ হৃগৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ।

ছবিখন চলি থাকোতেই ৩৫ বছৰীয়া মস্তান ৱালিৰ নামৰ এজন ব্যক্তিয়ে উৎসাহেৰে হাত চাপৰি বজাই আছিল । তাৰ পাছত হঠাৎ তেওঁৰ অৱস্থা বেয়া হয় ৷ লগে লগে তেওঁক ওচৰৰ ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় কিন্তু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷ 




আনহাতে মস্তানৰ মৃত্যুত তেওঁৰ পৰিয়ালৰ শোক । মস্তানৰ পৰিয়ালৰ লোকে কয় যে ছবি চাই থাকোঁতে যে মস্তানৰ মৃত্যু হ’ব বুলি তেওঁলোকে কেতিয়াও ভবা নাছিল । আনহাতে, আৰক্ষীয়েও ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে জুনিয়ৰ এন টি আৰৰ ছবি ‘দেৱৰা: পাৰ্ট ১’ক লৈ যথেষ্ট হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল।

দেৱৰা পাৰ্ট 1 পৰিচালনা কৰিছে কোৰাটালা শিৱই, য’ত জুনিয়ৰ এন টি আৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু ইয়াত তেওঁ দ্বৈত ভূমিকা পালন কৰিছে । ছবিখনত তেওঁৰ বিপৰীতে জাহ্নৱী কাপুৰে অভিনয় কৰি তেলুগু চলচ্চিত্ৰ জগতত অভিষেক ঘটাইছে । ছৈফ আলী খানে দেৱৰাত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে, তেওঁৰ চৰিত্ৰটোৰ নাম ভৈৰা । উল্লেখ্য যে ছবিখনে প্ৰথম দিনাই বক্স অফিচত ৮২.৫ কোটি টকা উপাৰ্জন কৰে কিন্তু দ্বিতীয় দিনা ছবিখনে ৩৮.২ কোটি টকা উপাৰ্জন কৰিলে। এতিয়ালৈকে ছবিখনৰ মুঠ সংগ্ৰহ ১২০.৭ কোটি টকা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু