--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইফা(IIFA)এৱাৰ্ডৰ অনুষ্ঠানৰ পৰা বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ এটা ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ভিডিঅ’টোত শ্বাহৰুখ খানে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ কথা উল্লেখ কৰা দেখা গৈছে। তেওঁৰ সৈতে চলচ্চিত্ৰ প্ৰযোজক তথা পৰিচালক কৰণ জোহৰকো দেখা গৈছে এই ভিডিঅ’ত । অৱসৰৰ সন্দৰ্ভত কৰণে শ্বাহৰুখক প্ৰশ্ন কৰে, কিন্তু শ্বাহৰুখে তেওঁৰ উত্তৰ দি তেওঁক মৌন কৰি দিয়ে।

এই ভাইৰেল ভিডিঅ'টো আইফা এৱাৰ্ডৰ মঞ্চৰ। ভিডিঅ’টোত কৰণ জোহৰ আৰু শ্বাহৰুখ খানক মঞ্চত থিয় হৈ কথা পাতি থকা দেখা গৈছে। এই সময়ত শ্বাহৰুখ খানে কৰণক এই ধোনীৰ বিষয়ে কয়। তেওঁ কয়, “কিংবদন্তিবোৰে জানে কেতিয়া সকলো বন্ধ কৰিব লাগে, কেতিয়া অৱসৰ ল’ব লাগে। মহান শচীন টেণ্ডুলকাৰ, ফুটবলাৰ সনিল ছেত্ৰী, মহান টেনিছ তাৰকা ৰ’জাৰ ফেডাৰেৰ দৰে তেওঁলোক সকলোৱে কেতিয়া অৱসৰ ল’ব সেই কথা জানিছিল। এই সময় আপোনাৰ, অনুগ্ৰহ কৰি যাওঁক।”

এই সন্দৰ্ভত শ্বাহৰুখ খানক কৰণ জোহৰে ক’লে, “তেন্তে আপুনি অৱসৰ লোৱা নাই কিয়?” শ্বাহৰুখে কয়, “আচলতে মই দ্বিতীয় প্ৰকাৰৰ কিংবদন্তি। ধোনী আৰু মই এক প্ৰকাৰৰ কিংবদন্তি। না কোৱাৰ পিছতো ১০ বাৰ আইপিএল খেলে তেওঁ।’’ 

দৰ্শকৰ মাজত বহি বিকি কৌশলে কয়, “অৱসৰ কিংবদন্তিৰ বাবে, ক্ৰীড়া চিৰদিনৰ বাবে।”

আইফা এৱাৰ্ডত শ্বাহৰুখ খানক ‘জাৱান’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰে সন্মানিত কৰা হৈছে। ইয়াৰ ওপৰিও ৰাণী মুখাৰ্জী ‘মিচেছ চেটাৰ্জী বনাম নৰৱে’ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে পৰিগণিত হয়। বছৰৰ শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে এনিমেলে । এইবোৰৰ উপৰিও অনিল কাপুৰক ‘এনিমেল’ৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটা প্ৰদান কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু