--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইফা(IIFA)এৱাৰ্ডৰ অনুষ্ঠানৰ পৰা বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ এটা ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ভিডিঅ’টোত শ্বাহৰুখ খানে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ কথা উল্লেখ কৰা দেখা গৈছে। তেওঁৰ সৈতে চলচ্চিত্ৰ প্ৰযোজক তথা পৰিচালক কৰণ জোহৰকো দেখা গৈছে এই ভিডিঅ’ত । অৱসৰৰ সন্দৰ্ভত কৰণে শ্বাহৰুখক প্ৰশ্ন কৰে, কিন্তু শ্বাহৰুখে তেওঁৰ উত্তৰ দি তেওঁক মৌন কৰি দিয়ে।

এই ভাইৰেল ভিডিঅ'টো আইফা এৱাৰ্ডৰ মঞ্চৰ। ভিডিঅ’টোত কৰণ জোহৰ আৰু শ্বাহৰুখ খানক মঞ্চত থিয় হৈ কথা পাতি থকা দেখা গৈছে। এই সময়ত শ্বাহৰুখ খানে কৰণক এই ধোনীৰ বিষয়ে কয়। তেওঁ কয়, “কিংবদন্তিবোৰে জানে কেতিয়া সকলো বন্ধ কৰিব লাগে, কেতিয়া অৱসৰ ল’ব লাগে। মহান শচীন টেণ্ডুলকাৰ, ফুটবলাৰ সনিল ছেত্ৰী, মহান টেনিছ তাৰকা ৰ’জাৰ ফেডাৰেৰ দৰে তেওঁলোক সকলোৱে কেতিয়া অৱসৰ ল’ব সেই কথা জানিছিল। এই সময় আপোনাৰ, অনুগ্ৰহ কৰি যাওঁক।”

এই সন্দৰ্ভত শ্বাহৰুখ খানক কৰণ জোহৰে ক’লে, “তেন্তে আপুনি অৱসৰ লোৱা নাই কিয়?” শ্বাহৰুখে কয়, “আচলতে মই দ্বিতীয় প্ৰকাৰৰ কিংবদন্তি। ধোনী আৰু মই এক প্ৰকাৰৰ কিংবদন্তি। না কোৱাৰ পিছতো ১০ বাৰ আইপিএল খেলে তেওঁ।’’ 

দৰ্শকৰ মাজত বহি বিকি কৌশলে কয়, “অৱসৰ কিংবদন্তিৰ বাবে, ক্ৰীড়া চিৰদিনৰ বাবে।”

আইফা এৱাৰ্ডত শ্বাহৰুখ খানক ‘জাৱান’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰে সন্মানিত কৰা হৈছে। ইয়াৰ ওপৰিও ৰাণী মুখাৰ্জী ‘মিচেছ চেটাৰ্জী বনাম নৰৱে’ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে পৰিগণিত হয়। বছৰৰ শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে এনিমেলে । এইবোৰৰ উপৰিও অনিল কাপুৰক ‘এনিমেল’ৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটা প্ৰদান কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ